নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পশ্চিমবংগ-তামিলনাডুত বিধানসভা নির্বাচনৰ ভোটগ্রহণ

পশ্চিমবংগত দুটা পর্যায়ৰ প্রথমটো–তামিলনাডু একেটা পর্যায়তে ভোটগ্রহণ ডিজিটেল ডেস্ক, ২৩ এপ্রিল : দেশৰ ৪খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ সূচী অনুসৰি ইতিপূর্বে ৯ এপ্রিলত প্রথম পর্বত ভোটগ্রহণ অনুষ্ঠিত…

বলিং বিক্রমেৰে লক্ষ্ণৌক ৪০ ৰানত পৰাস্ত ৰাজস্থানৰ

ডিজিটেল ডেস্ক, ২৩ এপ্রিল : ঘৰুৱা পৰিৱেশতো পৰাজয়ৰ ধাৰা ৰুধিব নোৱাৰিলে ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৷ বুধবাৰে লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বলাৰৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱাৰি ৪০ ৰানত পৰাস্ত হয় এলএছজি৷ এয়া…

সম্পাদকীয় : বিশুদ্ধ পানী আৰু কৃত্রিম বান

‘পানীয়েই প্রাণীৰ প্রাণ’–মানুহৰ মুখে মুখে প্রচলিত এই আপ্ত বাক্যশাৰীৰ গুৰুত্ব অসীম৷ প্রাণী বা জীৱৰ দেহৰ বিভিন্ন বিপাকীয় কার্য সম্পন্ন কৰিবলৈ পানীৰ আৱশ্যক৷ সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্রস্তুত কৰিবলৈ উদ্ভিদক সূর্যৰ পোহৰ, co২ৰ দৰে পানীও দৰকাৰী…

২৩ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ এপ্রিল, ব’হাগ মাহৰ ৯ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷ সন্তানৰ শুভ৷ বৃষ…

শিৱসাগৰৰ ইউনিছেক্স পাৰ্লাৰত আৰক্ষীৰ অতৰ্কিত অভিযান

দীৰ্ঘদিনৰ পৰা শিৱসাগৰ নগৰত একাংশ মাচাজ পাৰ্লাৰত অবৈধ কাৰ্যকলাপ চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীয়ে মাচাজ পাৰ্লাৰৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়৷ দুখনকৈ মাচাজ পাৰ্লাৰত আৰক্ষীয়ে চলোৱা অভিযানত পাৰ্লাৰৰ স্বত্বাধিকাৰ, কৰ্মৰত…

শুৱালকুছিত মাতৃক বচাবলৈ গৈ অধিবক্তা পুত্ৰৰ সলিল সমাধি

শুৱালকুছিৰ ব্ৰহ্মপুত্ৰত আজি এক মৰ্মান্তিক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ নিজ মাতৃৰ প্ৰাণ বচাবলৈ গৈ অধিবক্তা পুত্ৰৰ সলিল সমাধি ঘটিবলগীয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পূৱ শুৱালকুছিৰ…

নাৰীবিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

সংসদত মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছক নাৰী বিদ্বেষী আখ্যা দি আজি নগাঁৱত কংগ্ৰেছৰ বিৰুদ্ধে মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। "মহিলাৰ অধিকাৰৰ প্ৰতি আক্ৰোশ, কংগ্ৰেছৰ  বিপক্ষে নাৰীৰ বিদ্ৰোহ" শীৰ্ষক বেনাৰ লিখা এই…

বিশিষ্ট সাংবাদিক নিত্য বৰাৰ দেহাৱসান

অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সাংবাদিক নিত্য বৰাৰ আজি দেহাৱসান ঘটে। যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, দিনৰ প্ৰায় ২:২০ বজাত বিশিষ্ট সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ…

ভাৰতীয়ই কোনোকালে পাহৰিব নোৱাৰা পেহেলগাম নৃশংস নৰহত্যাৰ এবছৰ

পাকিস্তান মদতপুষ্ট লস্কৰ-ঈ-তৈবাই যোৱা বছৰৰ ২২ এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণটো সংঘটিত কৰিছিল, য’ত ২৫জন হিন্দু পৰ্যটক আৰু এজন কাশ্মীৰী লোক নিহত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে (২২ এপ্ৰিল) পাকিস্তান-সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা…

নেপালৰ নৱনিৰ্বাচিত গৃহমন্ত্ৰীৰ আকস্মিক পদত্যাগ

নেপালৰ গৃহমন্ত্ৰী সুধান গুৰুঙে পদ গ্ৰহণ কৰাৰ মাত্ৰ ২৬ দিনৰ ভিতৰতে পদত্যাগ কৰিছে। বুধবাৰে (২২ এপ্ৰিল) তেওঁ নিজৰ আৰ্থিক সম্পত্তি সন্দৰ্ভত উত্থাপিত উদ্বেগৰ নিৰপেক্ষ তদন্তৰ কথা উল্লেখ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। সুধান গুৰুঙে ফেচবুকত এটা…