নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱত আজি দুুপৰীয়া কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নিৰ্দেশত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈ আৰু এছ টি এফৰ যৌথ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ…

ভোটকেন্দ্ৰৰ মাজত প্ৰতিযোগিতাৰ আয়োজন প্ৰশাসনৰ, পুৰস্কাৰ ঘোষণা

বিধানসভা নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে লৈছে অভিনৱ পদক্ষেপ। সেই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক একো একোটা 'আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ' হিচাপে গঢ়ি তোলাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ…

হৰমুজ অৱৰোধৰ ‘মাষ্টাৰমাইণ্ড’ ইৰানী নৌসেনাপ্ৰধানক হত্যাৰ দাবী ইজৰাইলৰ

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : মধ্যপ্ৰাচ্যত যুদ্ধ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আন্তৰ্জাতিক বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ জলপথ হৰমুজ ইৰানে ‘অৱৰোধ’ কৰি ৰাখিছে। ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুটীয়া আক্ৰমণৰ পিছত হৰমুজ প্ৰণালী ইৰানে অৱৰোধ কৰি ৰখাত বিশ্ব…

গোৰেশ্বৰত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসক লৈ সৰ্বত্ৰ উছাহ

তামুলপুৰ জিলাৰ ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ক্ৰমাৎ আৰম্ভ হবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। জিলাখনৰ গোৰেশ্বৰ সমষ্টিৰ পৰা সৰ্বমুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিছে। অৱশ্যে সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত নহলেও নৱগঠিত গোৰেশ্বৰ…

প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত নামিছে উত্তৰ অসমৰ কনিষ্ঠ প্ৰতিদ্বন্দ্বী ঋষিৰাজ

দুৱাৰডলিত অসম বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচন লৈ মাজত মাথো কেইটামান দিনহে বাকী। মনোনয়ন দাখিল আৰু মনোনয়ন বৈধ ঘোষণা হোৱাৰ পিছত বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থী সকলৰ ব্যস্ততা তুংগত উঠিছে। ভোটাৰ ৰাইজৰ মাজত সোমাই পৰি প্ৰাৰ্থী সকলে সমৰ্থন লাভৰ…

মানকাচৰত ফ্লায়িং স্কোৱাডৰ তৎপৰতা, উপযুক্ত নথি অবিহনে কঢ়িওৱা নগদ ধন জব্দ

ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে জিলা প্ৰশাসন। নিৰ্বাচনী আচৰণবিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লায়িং স্কোৱাডৰ দলে আজি মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। আজি মানকাচৰৰ ঠাকুৰাণবাৰী…

পাটাছাৰকুছিৰ এগৰাকী ১০৩ বছৰীয়া ভোটাৰ…

ৰাজ্যজুৰি যি সময়ত ভোটাৰৰ সজাগতাই অধিক গুৰুত্ব লাভ কৰিছে, তেনে সময়তে পাটাছাৰকুছিৰ ধৰ্মপুৰ গাঁৱৰ ১০৩ বছৰীয়া ব্ৰজাবালা দেৱীয়ে গণতন্ত্ৰৰ প্ৰতি গভীৰ আস্থা প্ৰকাশৰ এক উজ্জ্বল উদাহৰণ হৈ আছে৷ তেওঁ সমাগত নিৰ্বাচনত অংশগ্ৰহণৰ বাবে বাট চাই ৰৈছে আশাৰে৷…

মাজুলীত বিজেপি-কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ যুদ্ধ

অসমৰ আধ্যাত্মিক আৰু ৰাজনৈতিক প্ৰাণকেন্দ্ৰ মাজুলীত বিধানসভা নিৰ্বাচনৰ পাৰাস্তম্ভই এতিয়া তুংগত আৰোহণ কৰিছে। বিশেষকৈ ৯৮নং মাজুলী (অ.জ.জা) সমষ্টিত এইবাৰ এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে। জিলাখনৰ প্ৰতিটো চুক-কোণলৈ এতিয়া নিৰ্বাচনী…

বিহপুৰীয়া অগপত পদত্যাগৰ জোৱাৰ, ভূপেন বৰাক দিলে সংগ

একালৰ বৃন্দাবন একালত পৰে চন, এনে এক দশা হৈছে বিহপুৰীয়াত অগপৰ। একালত অসম গণ পৰিষদৰ দুৰ্গ হিচাপে খ্যাত বিহপুৰীয়া সমষ্টিত সম্প্ৰতি  থৰকবৰক দলটোৰ অৱস্থা । দল ত্যাগ কৰিছে বহু নেতা কৰ্মীয়ে। সমষ্টিটোৰ অন্যতম লেখতলবলগীয়া ধলপুৰ আঞ্চলিক সমিতিৰ…

অহা জনমতো সলনি কৰিব নোৱাৰে বৰপেটা মেডিকেলৰ নাম : গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : নিৰ্বাচনী বাকযুদ্ধ তীব্ৰ হৈ উঠাৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- 'এই জনমত নহয়, অহা জনমতো বৰপেটা…