নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰি পালন কৰি সমাজৰ ৰোষত এটা পৰিয়াল, এবছৰ ধৰি এলাগী

সংকীৰ্ণতা আৰু জাত-পাতৰ ভেদাভেদৰ পৰা মুক্ত এখন সমাজ গঢ়াৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এখন সমাজ গঢ়াত গুৰুত্ব দিছিল। কিন্তু গুৰুজনাৰ সেই আদৰ্শ যেন আজি সুদুৰপৰাহত। গুৰুজনাৰ নাম লৈ নিজকে গুৰুজনাৰ আদৰ্শত গঠন হোৱা বুলি দাবী কৰা অনুষ্ঠানৰ…

ক্ষেত্ৰীৰ দুৰুঙত চাঞ্চল্যকৰ হত্যাকাণ্ড… বন্ধুৰ আক্ৰমণত বন্ধুৰ প্ৰাণহানি

মহানগৰীৰ সমীপৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত দুৰুঙত যোৱানিশা এক চাঞ্চল্যকৰ  হত্যাকাণ্ড সংঘটিত হয়। বন্ধুৰ আক্ৰমণত প্ৰাণ গল এগৰাকী বন্ধুৰ। ঘটনা অনুসৰি যোৱানিশা  দুৰুঙৰ  বিহুতলীত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি আছিল। সকলোৱে আনন্দ ফুৰ্তি কৰি…

১ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীপ-হাতী ছাফাৰি বন্ধ

পৰ্যটকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। অহা ১ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত জীপ ছাফাৰি আৰু হাতী ছাফাৰি সাময়িকভাৱে বন্ধ ৰখা হ’ব। মঙলদৈ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াই জাৰি কৰা এক জাননীৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰা হৈছে।…

জুবিন গাৰ্গ হত্যা গোচৰৰ আপডেট : শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

জুবিন গাৰ্গ হত্যাকাণ্ডৰে জড়িত হাই প্ৰোফাইল গোচৰত এক গুৰুত্বপূৰ্ণ আপডেট পোহৰলৈ আহিছে। গুৱাহাটীৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। এই ৰায় ৩০ এপ্ৰিলত বিস্তৃত শুনানিৰ অন্তত ঘোষণা কৰা হয়। জানিব পৰা মতে,…

ড্ৰেছিং ৰুমত Vape সেৱন : ৰিয়ান পৰাগক জৰিমনা BCCI-ৰ

আইপিএল ২০২৬ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক লৈ সৃষ্টি হোৱা ‘Vape’ বিতৰ্কত অৱশেষত ব্যৱস্থা গ্ৰহণ কৰিছে BCCI-এ। জানিব পৰা মতে, চলিত ছিজনৰ ৪০নং মেচত ড্ৰেছিং ৰুমৰ ভিতৰত ৰিয়ানক ভেপ (ই-চিগাৰেট) ব্যৱহাৰ কৰা অৱস্থাত দেখা গৈছিল। এই ঘটনাৰ…

গুৱাহাটীত পৰিয়ালকেন্দ্ৰিক কাজিয়াৰ ভয়ংকৰ পৰিণতি

পৰিয়ালকেন্দ্ৰিক কাজিয়াই ভয়ংকৰ ৰূপ লোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এখন গহনাৰ দোকানৰ ভিতৰত সংঘটিত হোৱা এই ঘটনাত গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি। জানিব পৰা মতে, ভিনীহিয়েক অৰূপ বৈশ্য আৰু খুলশালিয়েক ৰাহুল দাসৰ মাজত সংঘটিত হয় তীব্ৰ কাজিয়া।…

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক নৃত্য দিৱস পালন

আন্তৰ্জাতিক নৃত্য দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰ তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ফণীধৰ দত্ত সভাগৃহত বৰ্ণাঢ্য…

আদালতৰ মজিয়াত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ গোপন লেনদেন উন্মোচিত

আদালতৰ মজিয়াত উন্মোচিত হ’ল জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বহু গুৰুত্বপূৰ্ণ গোপন লেনদেনৰ তথ্য। জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত এই ঘটনাই পুনৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আদালতত দাখিল কৰা তথ্য অনুসৰি, জুবিন গাৰ্গে উপাৰ্জন…

আজি শ্যামকানু মহন্তৰ জামিনৰ চূড়ান্ত ৰায়

জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। ইতিমধ্যে কেইবাদিন ধৰি চলি থকা শুনানিৰ অন্তত এই ৰায়ক লৈ আইনী মহলৰ লগতে সাধাৰণ লোকৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে। জানিব পৰা মতে, গোচৰটোৰ…

আজি সৰ্বোচ্চ ন্যায়ালয়ত পৱন খেৰাৰ আবেদনৰ শুনানি

কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন আবেদনক কেন্দ্ৰ কৰি আজি ছুপ্ৰিম কৰ্টত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব। ইতিপূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ জামিন আবেদন নাকচ কৰিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই খেড়াই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই…