সম্পাদকীয় : পশুধন উৎপাদনৰ নেতিবাচকতা
বিশ্বৰ জনসংখ্যা অনুপাতে পশুধনৰ চাহিদা বৃদ্ধি পাই আছে আৰু ভোজনৰ বাবে পশুধনৰ চাহিদা পূৰণ কৰিবলৈ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে৷ যাৰ ফলত পশুধন উৎপাদনৰ কাৰণে পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পৰি থকাটো চর্চাৰ বিষয় হৈ উঠিছে৷ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ, পৰিৱেশৰ প্রতি ভাবুকি নমাই অনাৰ অন্যতম কাৰণ হৈছে গোলকীয় নির্বনানীকৰণ তথা বনাঞ্চল ধ্বংস৷ বনাঞ্চলক কৃষিভূমিলৈ ৰূপান্তৰ আৰু পশুধনৰ বাবে পাম (ৰখা স্থান) সজাৰ বাবেই গোলকীয় নির্বনানীকৰণ হৈ আছে৷ বিশ্বত জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি আৰু পশুধনৰ পাম নিতৌ গঢ়িবলগীয়া হৈছে৷ মন কৰিবলগীয়া যে বনাঞ্চল হৈছে ৭০ শতাংশ গছ–গছনি আৰু প্রাণী প্রজাতিৰ প্রাকৃতিক বসতিস্থল৷ নির্বনানীকৰণৰ ফলত গছ–গছনি আৰু প্রাণী প্রজাতিৰ অনেকৰ বিলুপ্তিও ঘটিছে৷ বনাঞ্চল ধ্বংসৰ ফলত সেই বনাঞ্চলৰ ওপৰত নির্ভৰশীল অনেক সম্প্রদায়ৰ পৰম্পৰাগত জীৱিকা হেৰুৱাইছে৷ পশুধনৰ খেতি অথবা উৎপাদনৰ বাবে বনাঞ্চল ধ্বংসৰ সমান্তৰালকৈ সেউজ গৃহ গেছ নির্গমন উদ্বিগ্ণতাৰ কাৰণ হৈ আছে৷ গোলকীয় সেউজ গৃহ নির্গমনত পশুধন পাম বৃদ্ধিয়ে ১৪.৫ শতাংশৰ অতিৰিক্ত বোজা জাপি দি আছে৷ যিয়ে পৰিৱেশত ব্যাঘাত জন্মাই আছে৷ আনহাতে, প্রাকৃতিক উপলব্ধ সজল পানীৰ ওপৰতো পশুধন উৎপাদনে প্রভাৱ পেলাইছে৷ পশুধন নিধন কৰি খাদ্য হিচাপে গ্রহণ কৰাটো নিষ্ঠুৰ আৰু অমানৱীয় বুলি একাংশই মানে যদিও পশুধনৰ উৎপাদন হ্রাস পোৱাতকৈ বৃদ্ধিহে পাই আছে৷ ইপিনে, ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যাই ৯.৬ বিলিয়ন অর্থাৎ ৯০০ কোটি স্পর্শ কৰিব আৰু ইয়াৰ বাবে পশুধন উৎপাদন ৭০ শতাংশলৈ বৃদ্ধি কৰিব৷ ই বনাঞ্চল ধ্বংসৰ পৰিমাণ বৃদ্ধি কৰিব, জৈৱ–বৈচিত্র্য বিনাশ কৰিব আৰু পানী প্রদূষণৰ মাত্রা বৃদ্ধি কৰিব৷ ২০১৮ৰ তথ্য মতে বিশ্বব্যাপী ৭০ বিলিয়ন পশুধন (প্রাণী) উৎপাদন কৰা হৈছিল৷ প্রতি ঘণ্টাত খাদ্যৰ বাবে ৬ মিলিয়ন প্রাণী নিধন কৰা হৈছিল৷ আনহাতে, বিশ্বজুৰি ২৭০ মিলিয়নতকৈ অধিক গাইগৰুৱে দুগ্ধ উৎপাদন কৰি আছে৷ এই কথা উনুকিয়াব লাগিব যে এই তথ্য হৈছে খাদ্যৰ বাবে উৎপাদন কৰা পামৰহে৷ প্রাকৃতিকভাৱে পৰম্পৰাগতভাৱে চলি থকা পশুধন উৎপাদনৰ তথ্য সন্নিৱিষ্ট হোৱা নাই৷ বিশ্বৰ সকলো দেশৰ নাগৰিকেই মাংস আহাৰ হিচাপে গ্রহণ কৰে যদিও আমেৰিকা যুক্তৰাষ্ট্রৰ নাগৰিকে সর্বাধিক মাংস খায়৷ ২০১৮ চনৰ তথ্য মতে এগৰাকী আমেৰিকাৰ নাগৰিকে গড়ে বার্ষিক ২২২ পাউণ্ড মাংস খায়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ তুলনাত খাদ্যৰ বাবে উৎপাদিত পশুধনৰ পৰিমাণ ১০ গুণ বেছি৷ এই বিক্ষিপ্ত তথ্যৰ প্রসংগৰে এই কথা নিশ্চিত হৈছে যে পশুধন উৎপাদনে জলবায়ু পৰিৱর্তনতো অৰিহণা যোগাই আছে৷ সেউজ গৃহ গেছ নির্গমনত পশুধন উৎপাদনে আন কোনো কাৰণতকৈ অধিক কার্বন বায়ুমণ্ডলত এৰি দি আছে৷ বিশ্বৰ সমগ্র যান–বাহনে যিমান পৰিমাণৰ কার্বন নির্গমন কৰি আছে, তাতকৈ অধিক কার্বন নির্গমনৰ উৎস পশুধন পাম৷ ই কার্বন নির্গমনৰ দ্বিতীয় বৃহত্তম কাৰক৷ পশুধন আৰু তাৰ দ্বাৰা উৎপাদিত সামগ্রীৰ বাবে প্রতিবছৰে ৩২,০০০ মিলিয়ন কার্বন–ডাই–ক্সাইড নির্গমন হৈ আছে আৰু বিশ্বজুৰি সেউজ গৃহ গেছ নির্গমনৰ ৫১ শতাংশ৷ ৰঙা মাংস আৰু দুগ্ধ উৎপাদনৰ বাবে ইয়াৰে ৬৫ শতাংশ৷
মন কৰিবলগীয়া যে ৰঙা মাংস সর্বাধিক কার্বন নির্গমনৰ উৎস৷ ইপিনে, আমাৰ গ্রহটোৰ যদিও ৭০ শতাংশ পানীৰে ভৰি আছে ইয়াৰে মাত্র ২.৫ শতাংশ সজল পানী অর্থাৎ ব্যৱহাৰৰ যোগ্য৷ এই পানীৰ ভিতৰত ৯২ শতাংশ পামৰ বাবে ব্যৱহূত হৈ আছে৷ এক–তৃতীয়াংশ পানী ব্যৱহাৰ হয় পশুধন উৎপাদন আৰু প্রাণীৰ সামগ্রী প্রস্তুতকৰণত৷ দুগ্ধৰ কাৰণে এটা গাইগৰুৱে প্রতিদিনে ৫০ গেলন পানী সেৱন কৰে আৰু গৰমৰ দিনত ইয়াৰ পৰিমাণ দুগুণ হয়৷ পশুধন পাম (খেতি)ত বার্ষিক ৩৪–৭৬ ট্রিলিয়ন গেলন ব্যৱহাৰ হৈ আছে৷ লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রৰ পানীৰ আধাই পশুধনত ব্যৱহাৰ হয়৷ ১ পাউণ্ড মাংস উৎপাদন কৰিবলৈ ১৩ পাউণ্ড শস্য আৰু ২,৫০০ গেলন পানীৰ প্রয়োজন হয়৷ ১ পাউণ্ড কণী উৎপাদন কৰিবলৈ ৪৭৭ গেলন পানীৰ প্রয়োজন হয়৷ তেনেদৰে ১ পাউণ্ড চীজ (গাখীৰৰ পৰা প্রস্তুত সামগ্রী) উৎপাদনত ৯০০ গেলন আৰু ১ পাউণ্ড গাখীৰ উৎপাদনত ১,০০০ গেলন পানীৰ আৱশ্যক হয়৷ আনহাতে, পৃথিবীৰ মুঠ মাটিৰ ৪৫ শতাংশ পশুধনৰ নামত ব্যৱহাৰ হয়৷ এটা গাইৰ বাবে ২.৫ একৰ ভূমি ব্যৱহূত হয়৷ পশুধন পামে কৃষিভূমিৰ ৭০ শতাংশ আৱৰি আছে৷ মাংস উদ্যোগে আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৮ শতাংশ ভূমি ক্ষৰণৰ বাবে দায়ী৷ পৰিতাপৰ বিষয় যে পশুধনৰ কাৰণে ঘাঁহ উৎপাদনে গছ–গছনিৰ অনেক প্রজাতিৰ বিলুপ্তি ঘটাই আছে৷ পশুধন পাম আৰু পশুধনৰ বাবে ঘাঁহনি ভূমিৰ প্রসাৰণেই নির্বনানীকৰণ আৰু বর্ষাৰণ্য ধ্বংসৰ কাৰকো হৈ পৰিছে৷ প্রতি ছেকেণ্ডত পশুধন পামৰ বাবে ১–২ একৰ বর্ষাৰণ্য ধ্বংস হৈ আছে৷ উদাহৰণস্বৰূপে– আমাজন বনাঞ্চলৰ ৯১ শতাংশ ধ্বংসৰ বাবে পশুধন পামেই দায়ী৷ কার্বন নির্গমনেৰে গোলকীয় উষ্ণতা বৃদ্ধিৰে জলবায়ু পৰিৱর্তনৰ কাৰক সজল পানীৰ ব্যৱহাৰ, বৃহৎ ভূমিৰ ব্যৱহাৰ আৰু নির্বনানীকৰণৰ কাৰক পশুধন পামৰ হ্রাস কৰাটো বিবেচনাৰ বিষয় হৈ পৰিছে৷ পশুধনৰ ব্যৱহাৰ হ্রাস কৰিলে জলসংকটত পৰা বিশ্ববাসীয়ে সকাহ পাব৷ তদুপৰি পৰিৱেশ–মানৱীয় স্বাস্থ্যত পৰা নেতিবাচক প্রভাৱো কিছু পৰিমাণে নিম্নগামী হৈ পৰিব৷ কিয়নো বৃহৎ পৰিমাণে পশুধন, উৎপাদিত সামগ্রী খাদ্যৰ ৰূপত গ্রহণ কৰি থকাৰ বাবেই ২২ শতাংশ ডায়বেটিক ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে৷ তদুপৰি বিভিন্ন ধৰণৰ কর্কট, হূদযন্ত্রৰ ৰোগ আদিত ভোগা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷ পৰিৱেশলৈ ভাবুকিৰ প্রতি লক্ষ্য ৰাখি মাংস, কণীৰ লগতে দুগ্ধৰ দ্বাৰা উৎপাদিত সামগ্রীৰ ব্যৱহাৰ হ্রাস কৰাৰ বিষয়ে বিশ্ববাসীয়ে বিবেচনাৰ সময় সমাগত৷ কিয়নো সাম্প্রতিক পৃথিৱীত জলবায়ু পৰিৱর্তন আৰু জলসংকটৰ সমস্যা ভয়াৱহ প্রত্যাহ্বান হৈ উঠিছে৷ যদি কোনো আমিষভোজী লোক নিৰামিষ ভোজনকাৰী হ’ব পাৰে তেতিয়াহ’লে লোকজনে বার্ষিক ২,১৯,০০০ গেলন পানী বচাব পাৰে৷ গুৰুত্বপূর্ণ যে জলবায়ু পৰিৱর্তনৰ গোলকীয় উষ্ণতা ২ ডিগ্রী চেলছিয়াছৰ অধীনত ৰাখিবলৈ হ’লে বিশ্ববাসীয়ে ‘ফ্লেক্সিটেৰিয়ান’ Flexitarioan) আহাৰক প্রাধান্য দিব লাগিব৷ অর্থাৎ প্রাথমিকভাৱে নিৰামিষভোজী কিন্তু কেতিয়াবা মাংস অথবা মাছ খায় ধাৰণাক বিশ্ববাসীয়ে আঁকোৱালি ল’ব লাগিব৷ আমি বাস কৰা গ্রহটোলৈ নামি অহা ভাবুকিয়ে মানৱ জাতিৰ অস্তিত্বক যেন বিপন্ন কৰিব নোৱাৰে তাৰ বাবে সচেতন হোৱাৰ সময় সমাগত৷ অন্যথা মানৱ জাতিয়ে নিজেই নিজৰ বিপদৰ বাবে জগৰীয়া হোৱাটো নিশ্চিত৷