নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান খানৰ ৰাধেত অক্ষয় কুমাৰৰ প্রথম বাজি

এনেকুৱা সময় আছিল যে ছলমান খান অভিনীত ছবিত যিকোনো অভিনেতাই অভিনয় কৰিবলৈ ভয় কৰিছিল৷ আনকি কেইবাখনো ছবি ৰিলিজ নোহোৱাকৈয়ে থাকিল৷ কিন্তু যোৱা ঈদত ছলমান খান অভিনীত ছবি এখনে বক্স অফিচত হিট হোৱাৰ পিছত এইবাৰ ছলমান খান অভিনীত ‘ৰাধে’ ছবিখন ঈদত ৰিলিজ দিয়াৰ বাবে চেষ্টা চলিছে৷ এই ছবিখনৰ জৰিয়তে ছলমান আৰু অক্ষয় কুমাৰৰ অভিনয়ৰ জুই দর্শকে উপভোগ কৰিবলৈ সক্ষম হ’ব৷

কাৰণ এই ছবিখনৰ জৰিয়তে বলীউডৰ দুজন ছুপাৰষ্টাৰৰ মাজত হ’ব অভিনয়ৰ যুঁজ৷ দর্শকসকলেও ভাবিছে দুজন ছুপাৰষ্টাৰৰ অভিনয়ৰ যুঁজ হোৱা ‘ৰাধে’ৰ অধিক চিত্রগৃহত মুক্তি দিয়াৰ চেষ্টা কৰা উচিত৷ কাৰণ ছলমান খান আৰু অক্ষয় কুমাৰ দুয়োজনে বলীউডৰ ছুপাৰষ্টাৰ৷ এক সূত্রই প্রকাশ কৰা মতে দুয়োজনৰ অভিনয়ৰ বাণিজ্যিক তুলনা ‘ৰাধে’ মুক্তি পোৱাৰ পিছতহে হ’ব৷ উল্লেখ্য যে ‘ৰাধে’ ছবিখনে দর্শকৰ পৰা যথেষ্ট সঁহাৰি পাব বুলি ইচ্ছুকসকলে প্রকাশ কৰিছে৷

You might also like