নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰজ্ঞাৰ উদ্যোগত গুৱাহাটীৰ লাচিত ঘাটত “বীৰ চিলাৰায়” নাট মঞ্চস্থ

পৰিচালনা যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াৰ

৭০০০ দৰ্শকৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ ভাৰতবৰ্ষৰ বিশাল সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাই আমাৰ সমাজক জীৱনদায়িনী শক্তিৰে উজ্জীৱিত কৰি আহিছে। আমাৰ দেশৰ গৰিমা আৰু প্ৰৱহমান সাংস্কৃতিক প্ৰতীকী ৰূপত উপস্থাপন কৰি অসমৰ ইতিহাস লগতে অসমৰ মহাবীৰ পুৰুষসকলক উঠি অহা নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়া উদ্দেশ্যৰে “প্ৰজ্ঞা”ই দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত লাচিত ঘাটত অসমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক কোচ ৰাজবংশীয় পৰাক্ৰমী যোদ্ধা চিলাৰায়ৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছিলে এই “বীৰ চিলাৰায়” নাট। যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই পৰিচালনা কৰা নাটকখনত অসমৰ ১১৭গৰাকী প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে অসমৰ মহান বীৰ চিলৰায়ৰ শৌৰ্য আৰু কলাপ্রেমৰ অমৰগাথা সকলোৰে মাজত জীয়াই ৰখাৰ বাবে “প্ৰজ্ঞা”ই আয়োজন কৰা এই নাটৰ মঞ্চ ৰূপ উপভোগ কৰে প্ৰায় ৭০০০ দৰ্শকে লগতে উপস্থিত থাকে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীয়ূষ হাজৰিকা।

You might also like