নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ দশক পুৰণি গর্ভপাত আইন বাতিলৰ পিছতে উত্তাল আমেৰিকা

নিয়মীয়া বাৰ্তা, ২৭ জুন: পাঁচ দশক পুৰণি গর্ভপাত আইন বাতিল কৰি দিছে আমেৰিকাৰ শীর্ষ আদালতে৷ এই ঘটনাৰ পিছতে সমগ্র দেশখন বিক্ষোভত উত্তাল হৈছে৷ বহু আমেৰিকান নাগৰিকে অভিযোগ তুলিছে যে এয়া মানৱ অধিকাৰ উলংঘন৷ আনকি উচ্চতম ন্যায়ালয়ৰ এনে ৰায়ৰ বিৰুদ্ধে দ্বিতীয় দিনৰ বাবেও দেশজুৰি প্রতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সামাজিক সংগঠনে৷ আজি উচ্চতম ন্যায়ালয়ৰ সন্মুখত হাজাৰ হাজাৰ লোকে এই ৰায়ে মানৱ অধিকাৰ খর্ব কৰা বুলি অভিযোগ তুলি প্রতিবাদ সাব্যস্ত কৰে৷ ইফালে, বিভিন্ন চহৰতো বিক্ষোভৰ জুই বিয়পি পৰিছে৷ নাৰী স্বাধীনতাৰ বিৰোধী এই ৰায়ক লৈ হতাশ ৰাষ্ট্রপতি জ’ বাইডেনো৷ লক্ষণীয়ভাৱে আমেৰিকাত আগ্ণেয় অস্ত্র প্রতিৰোধ কৰিব লাগে বুলি দাবী কৰি একাংশ বিক্ষোভকাৰীয়ে নাৰীৰ অধিকাৰ হৰণ কৰাৰ যুক্তি নাই বুলিও ক্ষোভ উজাৰিছে৷ লক্ষণীয়ভাৱে গর্ভপাত আইন বাতিলৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ পিছত আমেৰিকাত আগন্তুক দিনত সমকামী বিবাহ আৰু গর্ভ নিৰোধক ব্যৱহাৰ কৰাৰ আইন নিষিদ্ধ কৰিব পাৰে বুলি একাংশ নাগৰিকে আশংকা প্রকাশ কৰিছে৷ ৰাষ্ট্রপতি জ’ বাইডেনে শীর্ষ আদালতৰ ৰায়ক ‘মর্মান্তিক ভুল’ বুলি অভিহিত কৰিছে৷

You might also like