নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰাচীত জৰুৰী অৱতৰণ ইণ্ডিগ’ৰ বিমানৰ, অসুস্থ যাত্রীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ লক্ষ্ণৌগামী ইণ্ডিগ’ বিমান এখনক আজি পাকিস্তানৰ কৰাচী বন্দৰত জৰুৰী অৱতৰণৰ অনুমতি প্রদান কৰা হয়৷ পাকিস্তান অসামৰিক উৰণ কর্তৃপক্ষৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ ছাৰজাহৰ পৰা লক্ষ্ণৌ অভিমুখে আহি থকা সময়তে ইণ্ডিগ’ ই ৬ই১৪১২ বিমানখনৰ এগৰাকী বয়োজ্যেষ্ঠ যাত্রী গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ তেতিয়াই বিমানখনৰ কেপ্ঢেইনে কৰাচীত বিমানখন অৱতৰণ কৰাৰ বাবে অনুমতি বিচৰাত অনুমতি প্রদান কৰে বন্দৰ কর্তৃপক্ষই৷

লক্ষণীয়ভাৱে যাত্রীগৰাকীক জৰুৰী চিকিৎসাৰ প্রয়োজন হৈছিল যদিও কৰাচী বন্দৰত অৱতৰণ কৰাৰ পিছতো তেওঁৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’ল৷ কৰাচী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে চিকিৎসকে যাত্রীগৰাকীক মৃত ঘোষণা কৰে৷ যাত্রীগৰাকীক ৬৭ বছৰীয়া হাবিব–উৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে৷ ইণ্ডিগ’ এয়াৰলাইনছৰ পৰা এক বিবৃতিত এই কথা সদৰী কৰা হৈছে৷ ইফালে, যাত্রীগৰাকীৰ মৃত্যুত উৰণ সংস্থাটোৰ পৰা গভীৰ শোক প্রকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰাও হৈছে বিবৃতিটোত৷

You might also like