নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংককৰ পৰা সৰবৰাহঃ জীৱন্ত প্রাণী উদ্ধাৰ চেন্নাই বিমানবন্দৰত

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: বেংককৰ পৰা চেন্নাইলৈ চোৰাংভাৱে সৰবৰাহ কৰি অনা দুষ্প্রাপ্য বান্দৰ, সাপসহ কেইবাটাও জীৱন্ত প্রাণী চেন্নাই বিমানবন্দৰত শুল্ক বিভাগে জব্দ কৰে৷ চেন্নাই বিমানবন্দৰৰ শুল্ক বিভাগে আজি প্রকাশ কৰা মতে, বেংককৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি অনা ১৫ কিং কোব্রা, ৫ অজগৰ, বান্দৰকে ধৰি কেইবাবিধো জীৱন্ত প্রাণীসহ এজন লোকক শুল্ক বিভাগে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্রেপ্তাৰ কৰা লোকজনৰ পৰিচয় এতিয়াও প্রকাশ কৰা নাই৷ শুল্ক বিভাগে প্রকাশ কৰা মতে, চোৰাংচোৱাৰ তথ্যৰ আধাৰত বেংককৰ পৰা চেন্নালৈ কঢ়িয়াই অনা দুষ্প্রাপ্য প্রজাতিৰ জীৱন্ত প্রাণীসমূহ কঢ়িয়াই অনা ব্যক্তিজনৰ বেগবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত এই তথ্য পোহৰলৈ আহে৷ ইতিমধ্যে ধৃত ব্যক্তিজনৰ বিৰুদ্ধে বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি সোধা–পোছা কৰি থকা হৈছে৷ স্থানীয় আদালতত হাজিৰ কৰাৰ পিছত ব্যক্তিজনক চেন্নাইৰ কাৰাগাৰলৈ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷

ইপিনে চেন্নাই বিমানবন্দৰতে ১০০ কোটি টকা মূল্যৰ ড্রাগ্ছ জব্দ কৰিছে শুল্ক বিভাগে৷ তথ্য মতে, ইথি’পিয়াৰ বিমানেৰে চেন্নাইত অৱতৰণ কৰা ইকবাল–বি উৰাণ্ডি নামৰ যাত্রীজনৰ বেগ পৰীক্ষা কৰাত বেগটোৰ ভিতৰত নিষিদ্ধ ড্রাগ্ছ উদ্ধাৰ হয়৷ এই উদ্ধাৰ হোৱা ড্রাগ্ছখিনিৰ মূল্য ১০০ কোটি টকা৷ যাত্রীজনৰ বেগত উদ্ধাৰ হোৱা নিষিদ্ধ ড্রাগ্ছৰ ভিতৰত হেৰ’ইন আৰু ক’কেইন আছে৷ ইয়াৰ ওজন প্রায় ৯.৫৯০ কিঃগ্রাঃ৷ নার্কটিক্স ড্রাগ্ছ এন ছাইক্র’ট্র’পিক ছাবছটেনছ (এনডিপিএছ) আইন ১৯৮৫ৰ অধীনত নিষিদ্ধ ড্রাগ্ছখিনি জব্দ কৰাৰ লগতে যাত্রীজনক গ্রেপ্তাৰ কৰি সোধা–পোছা কৰি আছে৷

You might also like