নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ জনসংখ্যা ৮০০ কোটি অতিক্রমঃ জনসংখ্যা বিস্ফোৰণে বিপদ নমাই আনিব পৃথিৱীলৈ

  • ৰাষ্ট্রসংঘৰ দ্বাৰা বিশ্বৰ জনসংখ্যাৰ প্রতিবেদন
  • ১২ বছৰতে ১০০ কোটি জনসংখ্যা বৃদ্ধি বিশ্বত
  • ভাৰতৰ সর্বাধিক অৱদান ১৮ শতাংশ
  • ৮০০ কোটি অতিক্রমত ভাৰতৰ ১৭.৭ কোটি আৰু চীনৰ ৭.৩ কোটি অৱদান
  • ২০২৩ বর্ষত ভাৰত হ’ব বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ
  • ৮০০ কোটি সংখ্যক শিশুৰ জন্ম ফিলিপাইনছৰ মেনিলাত

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ:  মঙলবাৰৰ দিনৰ ডেৰ বজা৷ ফিলিপাইনছৰ মেনিলাত জন্মলাভ কৰিলে এটি শিশু কন্যা৷ লগে লগে বিশ্বৰ জনসংখ্যাই অতিক্রম কৰিলে ৮০০ কোটি৷ বিশ্বৰ জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰা বিৰল ঘটনাটোৱে প্রাৰম্ভিকভাৱে ইতিবাচক যদিও জনসংখ্যা বিস্ফোৰণে পৃথিৱীলৈ বিপদ নমাই আনিব পাৰে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা প্রকাশিত বিশ্ব জনসংখ্যাৰ ২০২২ৰ প্রতিবেদনত আজি দিনৰ ডেৰ বজাত ফিলিপাইনছৰ মেনিলাত ৮০০ কোটি সংখ্যক শিশুটিৰ জন্মৰ লগে লগে বিশ্বৰ জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰিলে৷ বিশ্বৰ জনসংখ্যা ৮০০ কোটি অতিক্রমৰ ক্ষেত্রত ভাৰতে সর্বাধিক ১৮ শতাংশ অৱদান আগবঢ়াইছে৷ বৃহত্তম জনসংখ্যাৰ শীর্ষৰ দেশ চীনৰ অৱদান তুলনামূলকভাৱে ভাৰততকৈ ১০ কোটি কম৷ ৮০০ কোটি সংখ্যা অতিক্রম কৰোঁতে ভাৰতৰ সর্বাধিক ১৭.৭ কোটিৰ বিপৰীতে চীনৰ অৱদান ৭.৩ কোটিজন৷ যীশুখ্রীষ্টৰ জন্মৰ পৰাই অর্থাৎ খ্রীষ্টাব্দৰ পৰাই জনসংখ্যাৰ গণনা অনুসৰি প্রথম ১০০ কোটি অতিক্রম কৰিবলৈ ১৮০৪ বছৰ সময় লাগিছিল৷

পৰৱর্তী সময়ত বিশ্বৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি হ’বলৈ ধৰে৷ ১৯৫০ চনৰে পৰা জনসংখ্যা বৃদ্ধিৰ হাৰ লেহেমীয়া যদিও ২০২০ বর্ষত জনসংখ্যা কিছু হ্রাস পায়৷ লক্ষণীয় যে ৭০০ কোটিৰ পৰা ৮০০ কোটি পাবলৈ মাত্র ১২ বছৰ লাগে৷ অর্থাৎ ১২ বছৰতে ১০০ কোটি জনসংখ্যা বিশ্বত বৃদ্ধি হয়৷ বিশ্বৰ জনসংখ্যাৰ তথ্য অনুসৰি প্রথম ১০০ কোটি অতিক্রম কৰিবলৈ ১৮০৪ বছৰ লাগে যদিও পৰৱর্তী ১০০ কোটি, অর্থাৎ ২০০ কোটি জনসংখ্যা হ’বলৈ ১২৬ বছৰ লাগে৷ ১৯৩০ চনৰ পাছত জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুত হয় আৰু ১৯৬০ চনত ৩০০ কোটি অতিক্রম কৰে৷ পৰৱর্তী ৬ বছৰতে অর্থাৎ ১৯৭৪ চনতে জনসংখ্যাই ৪০০ কোটি অতিক্রম কৰে৷ আনপিনে, ১৩ বছৰত ১০০ কোটি অর্থাৎ ১৯৮৭ চনত ৫০০ কোটি অতিক্রম কৰে৷ ৬০০ কোটি অতিক্রম কৰিবলৈ ১১ বছৰ লাগে৷ ১৯৮৮ চনত ৬০০ কোটি অতিক্রম কৰাৰ পাছত ২০১০ চনত ৭০০ কোটি অতিক্রম কৰে আৰু ১২ বছৰ অর্থাৎ ২০২২ চনৰ ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা ৮০০ কোটি অতিক্রম কৰে৷ উদ্যোগিক বিপ্লৱ আৰু স্বাস্থ্য সেৱা উন্নত হোৱাৰ বাবে ২০১০ চনৰ পৰা ২০২২ চনলৈ ১০০ কোটি জনসংখ্যা মুঠ জনসংখ্যাৰ লগত সংযোগ হয়৷ পৰৱর্তী ১৮ বছৰত বিশ্বৰ জনসংখ্যা ৮৫০ কোটি হ’ব৷ অর্থাৎ অনাগত সময়খিনি জনসংখ্যা বৃদ্ধিৰ প্রতি ৰাষ্ট্রসমূহ সজাগ হোৱাৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সামান্য হ্রাস পাব৷

উল্লেখ্য যে বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ চীনক ২০২৩ত অতিক্রম কৰিব ভাৰতে৷ সম্প্রতি সর্বাধিক জনসংখ্যাৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতৰ জনসংখ্যা ১৪১ কোটিৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২ কোটিৰো অধিক৷ ২০২৩ চনত ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ চীনতকৈ অধিক হোৱাৰ বাবে বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশত পৰিণত হ’ব ভাৰত৷ তাৎপর্যপূর্ণ যে ২৮ বছৰ পাছত বিশ্বৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ মাত্র ৮খন দেশৰ হ’ব৷ এই দেশকেইখন হৈছে– ভাৰত, পাকিস্তান, ফিলিপাইনছ, ইজিপ্ত, কংগো, নাইজেৰিয়া, টাঞ্জানিয়া আৰু ইথি’পিয়া৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনত প্রকাশিত সম্ভাৱনা অনুসৰি ২০২২ৰ পৰা ২০৫০ চনলৈকে ৬১খন দেশৰ জনসংখ্যা হ্রাস পাব৷ আৰু ইয়াৰে অধিক দেশ ইউৰোপৰ৷ বর্তমান ৪৬খন দেশৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি হৈ আছে৷ এই দেশখন হৈছে ছাহাৰা৷ আফ্রিকাৰ উপকণ্ঠীয় দেশ৷ জনসংখ্যা বিস্ফোৰণে পৃথিৱীলৈ বিপদ কঢ়িওৱাৰ সম্ভাৱনা প্রতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ জনবিস্ফোৰণে পৃথিৱীৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাকে ধৰি খাদ্য সংকটৰ সৃষ্টি কৰিব৷ উল্লেখ্য যে ফিলিপাইনছৰ মেনিলাত জন্ম পোৱা ৮০০ কোটি সংখ্যক শিশু কন্যাটিৰ নাম ৰখা হৈছে ভিনিছ মানবানছাগ৷ মেনিলাত জন্ম পোৱা এই শিশু কন্যাৰ মাতৃয়ে তেওঁৰ সন্তানটি ৮০০ কোটি সংখ্যক সন্তান হিচাপে চিহ্ণিত হোৱাত সুখ ব্যক্ত কৰিছে৷ পৃথিৱীত সর্বাধিক জনসংখ্যাৰ দেশ চীন আৰু ভাৰতৰ বিপৰীতে মেনিলাত ৮০০ কোটি সংখ্যক শিশুটিৰ জন্মলাভৰ বাতৰি ব্যাপক চর্চিত৷

You might also like