নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰীত ধান ক্ৰয় কেন্দ্ৰ মুকলি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্য আৰু গুণগত মানসাপেক্ষে স্থানীয় কৃষকৰ পৰা ধান সংগ্ৰহ-ক্ৰয় অভিযান-২০২২-২৩ বৰ্ষৰ বাবে আৰম্ভ হৈছে। অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ (AFCSCL) অধীনত মৰিয়নি সমষ্টিৰ নকছাৰীত আজি নতুনকৈ এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। দেবেৰাপাৰ চাৰিআলিৰ সমীপত অৱস্থিত নকছাৰি গাঁও পঞ্চায়ত সমবায় সমিতিৰ চৌহদত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ধান ক্ৰয় কেন্দ্ৰটো উদ্বোধন কৰি বিধায়কগৰাকীয়ে তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰে। তেওঁ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলৰ শ্ৰমক উচিত মূল্য দিবলৈ কৰা প্ৰয়াসক প্ৰশংসা কৰে। বিধায়ক কুৰ্মীয়ে কয়- ‘কৃষকসকলৰ উপযুক্ত বিকাশেহে অসমক স্বাৱলম্বী কৰি তুলিব।’ অনুষ্ঠানটোত যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত অৰুণ কুমাৰ ব্ৰহ্ম, যোৰহাট জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া ড° নিতুমণি গগৈ, তিতাবৰ মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকা, পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দ্বিজেন কুমাৰ বৰা, তিতাবৰ মহকুমাৰ মহকুমা কৃষি বিষয়া ৰুবুল বৰগোহাঁই, যোৰহাট মাটি পৰীক্ষাগাৰৰ কৃষি উন্নয়ন বিষয়া উৎপল বৰুৱা, মৰিয়নি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অনন্যা বৰুৱা, কৃষি পৰিদৰ্শক দিগন্ত শইকীয়া, ললিত টাইদ, ধান ক্ৰয় কেন্দ্ৰটোৰ মেনেজাৰ কেশৱ বৰা, জিলা পৰিষদৰ উপ-সভাপতি কবিতা দাস গগৈ, কঁঠালগুৰি গাঁও পঞ্চায়তৰ সভাপতি নৱকান্ত পুৰাণ, মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মামণি বাইলুং, বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীণা বৰাইক, যুৱ সমাজকৰ্মী পুলেন চুতীয়া, গিৰীশ দাস, মানিক আলী, মিণ্টু চৌধুৰী আদিৰ লগতে অঞ্চলটোৰ শতাধিক কৃষক উপস্থিত থাকে। উল্লেখযোগ্য যে এতিয়াৰে পৰা যোৰহাট জিলাৰ কৃষকসকলে চিনামৰা, তিতাবৰ, মাধপুৰ, বৰহোলা, নকছাৰী আৰু কাকজানত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰত প্ৰতি কুইণ্টলত ন্যূনতম ২০৪০.০০ টকাত ধান বিক্ৰী কৰিব পাৰিব। এই ধান ক্ৰয় কেন্দ্ৰটোৰ পৰা মৰিয়নি সমষ্টিৰ কৃষক ৰাইজ বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰা হৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like