নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বীণা শৰ্মাক লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ আজি ধুবুৰী আৰক্ষী ছাউনীস্থিত ‘‘কমিউনিটি হ’ল’’ত লেখিকা সংস্থা, অসমৰ উদ্যোগত অনুষ্ঠিত হ’য় ‘‘লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ’’ বঁটা প্ৰদান অনুষ্ঠান। ভাৱ–গম্ভীৰ এক পৰিৱেশত অনুষ্ঠিত হোৱা সেই কাৰ্য্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থকা অসম অসম সাহিত্য সভাৰ উপ–সভানেত্ৰী মৃণালিনী দেৱীয়ে এই বেলিৰ বঁটা বিজেতা বীণা শৰ্মাক লেখিকা সংস্থা, অসমৰ ২০২২ বৰ্ষৰ লাৱণ্য হাজৰিকা বঁটা প্ৰদান কৰে। গহপুৰৰ ধেনুধৰা গাওঁ নিৱাসী তথা আদৰ্শময়ী মাতৃ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সমাজসেৱিকা তথা সুলেখিকা বীণা শৰ্মাক মানপত্ৰ, জাপি, বৰণ পত্ৰ আৰু অংগবস্ত্ৰৰ উপৰি নগদ ২৫ হাজাৰ টকা বঁটাৰূপে প্ৰদান কৰা হয়। উল্লেখ্য যে, ডিব্ৰুগড় নিৱাসী ধৰ্মানুৰাগী, ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ নাৰী প্ৰয়াত লাৱণ্য হাজৰিকাৰ স্মৃতিত পৰিয়ালবৰ্গই আগবঢ়োৱা ন্যাস পুঁজিৰে লেখিকা সংস্থা অসমে ২০০৯ চনৰ পৰা একেধাৰে প্ৰদান কৰি আহিছে ’লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা’। প্ৰয়াত লাৱণ্য হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হোৱা আজিৰ এই বঁটা প্ৰদান কাৰ্য্যসূচীত মহাকাব্য ‘মহাভাৰতৰ’ সৰু সৰু, মনোগ্ৰাহী উপমাৰে এক মনোজ্ঞ ভাষণ প্ৰদান কৰে বিশিষ্ট লেখিকা তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে। তেওঁ কয় যে, ‘‘আজিৰ প্ৰেক্ষাপটত, বিজ্ঞানে আৱৰা পাশ্চাত্য সভ্যতাই আৱৰা আজিৰ সমাজখনত আমাৰ প্ৰাচীন ভাৰতীয় নাৰীসকল আমাৰ আদৰ্শ হোৱাটো উচিত। কাৰণ নাৰীসকলেই হৈছে দেশৰ সমাজ জীৱনৰ এক সুদীৰ্ঘ ভেটি; এওঁলোক হৈছে ত্যাগৰ প্ৰতীক। স্বামী প্ৰতিগৰাকী নাৰীয়েই একোগৰাকী দেৱী স্বৰূপা –স্বামী বিবেকানন্দৰ উদ্ধৃতিৰে তেখেত আৰু কয় যে, ’‘যিটো জাতি বা যিখন দেশে এই দেৱীস্বৰূপা এই নাৰীসকলক পূজা বা সন্মান নকৰে, সেই দেশ বা জাতিয়ে কোনোদিন নিজকে উন্নত বুলি ক’ব নোৱাৰে।’’ দেশ বা সমাজ এখনৰ উন্নতি তথা বিকাশ সাধনৰ ক্ষেত্ৰত ভাৰতীয় নাৰীয়ে প্ৰাচীন কালৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰি মৃণালিনী দেৱীয়ে নিজৰ ভাষণত তাহানিৰ বৈদিক যুগৰ নাৰীসকল আদৰ্শ হোৱা উচিত বুলি মন্তব্য কৰে। উদাহৰণ স্বৰূপে মৈত্ৰেয়ী, লোকমুদ্ৰা, সীতা, সাবিত্ৰী, অহল্যা আদি বৈদিক যুগৰ বিভিন্ন মহীয়সী নাৰীৰ নাম উল্লেখ কৰে। মহাভাৰতৰ কৰুক্ষেত্ৰৰ যুদ্ধখনৰ পটভূমি উল্লেখ কৰি দুঃশাসনে ৰাজসভাত দৌপদীৰ বস্ত্ৰহৰণ কৰাৰ বাবেই কুৰু বংশ ধ্বংস হোৱাৰ বিষয়টো উল্লেখ কৰে। দৌপদীৰ উপৰি মহাভাৰতত থকা গান্ধাৰী আৰু কুন্তিৰ আখ্যানো নিজৰ ভাষণত উত্থাপন কৰে তেওঁ। অসম সাহিত্য সভাৰ উপ–সভাপতি তিনিওকে আদৰ্শ নাৰী বুলি অভিহিত কৰি স্বামী বিৱেকানন্দৰ প্ৰিয় শিষ্য নিৱেদিতাই সুদূৰ আয়াৰলেণ্ডৰ পৰা আহি ভাৰতীয় সংস্কৃতিৰ সাধনাত ব্ৰতী হোৱাৰ বিষয়টো অৱতাৰণা কৰে আৰু তেখেতকো এগৰাকী আদৰ্শ নাৰী বুলি আখ্যায়িত কৰে। তেখেতে এইবেলিৰ লাৱণ্য হাজৰিকা বঁটা বিজয়িনী বীণা শৰ্মাক ওলগ জনায় আৰু নাৰীসকলৰ মাজত জ্ঞানৰ পোহৰ, আধ্যাত্মিকতা বিলাবলৈ আহ্বান জনায়। উল্লেখ্য যে, সুকণ্ঠী গায়িকা মালবিকা দিহিদাৰ শৰ্মাৰ বৰগীতেৰে আৰম্ভ হোৱা আজিৰ সেই সভাখন সংস্থাৰ সভাপতি মৃদুলা শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভানেত্রী মঞ্জুলা শর্মা ভট্টাচার্যই ভাষণেৰে শুভাৰম্ভ হোৱা সভাখনত সংস্থাৰ প্রধান সম্পাদিক বিজয়া দেৱ দাসে আদৰণি ভাষণ প্ৰদান কৰে। বঁটা প্ৰাপক বীণা শৰ্মাৰ বৰ্ণাঢ্য জীৱনৰ আলোকপাত কৰে তেখেতৰ ভগ্নী নিৰু শৰ্মা পৰাজুলীয়ে। আদর্শ মাতৃ, লাবণ্য হাজৰিকা সম্পর্কে পৰিয়ালৰ হৈ বিশদ বক্তব্য আগবঢ়ায় হৈ জুৰি বৰুৱাই। বঁটা দাতা পৰিয়ালৰ জ্যেষ্ঠপুত্ৰ তথা পদ্মশ্ৰী ড০ সূৰ্য্য হাজৰিকা প্ৰমুখ্যে পৰিয়ালবৰ্গৰ উপস্থিতিত ‘আদর্শ মাতৃ’ সম্পর্কত এখনি স্মৃতি গ্রন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক ড০ উপেন্দ্রজিৎ শৰ্মাই। আজিৰ এই সভাখনত বীণা শৰ্মাৰ একমাত্র পুত্র তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, তেখেতৰ দুই জীয়ৰী– বজালীৰ আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মা আৰু ধুবুৰী আৰক্ষী অধীক্ষক ৰ’জীৰাণী শৰ্মা, ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তী, লেখিকা সংস্থা, অসমৰ বিষয়ববীয়াকে ধৰি বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল। সভাখনত বীণা শৰ্মাই বঁটা লাভ কৰি হোৱা অনুভৱৰ ওপৰত কৰা এক মনোগ্ৰাহী ভাষণে উপস্থিত সকলোৰে মন মুহিবলৈ কৰে। আজিৰ সেই অনুষ্ঠানটিত সন্থাৰ বিষয়ববীয়া সকলৰ আদৰণি সংগীত আৰু ধুবুৰীৰ শিৱম কলাকেন্দ্ৰৰ শিল্পীসকলৰ সত্ৰীয়া নৃত্যই সমগ্ৰ পৰিৱেশ জীপাল কৰি তোলে সংস্থাৰ পত্রিকা সম্পাদক বিন্দু ডেকা চৌধুৰীয়ে শলাগ জ্ঞাপন কৰা আজিৰ সেই সভাখনৰ অসম সংগীত পৰিবেশনেৰে সমাপ্তি ঘটে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like