নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত তিৱা পিচু পালন : গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অসমৰ ভৈয়ামৰ তিৱা জনজাতি লোকসকলৰ সমাজ জীৱনৰ পৰা হেৰাই যাবধৰা সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি সমুহ জনজাতিটোৰ নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে বিগত ২০০৩ চনৰ পৰা মৰিগাঁও-নগাঁও জিলাৰ সীমান্তবৰ্তী বাৰপূজীয়াত বাৰপূজীয়াৰ তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে পহিলা মাঘৰ দিনটোতে তিৱা পিচু (বিহু) উদযাপন কৰি আহিছে ৷ বাৰপূজীয়াৰ ৪২ ৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো আজি পহিলা মাঘৰ দিনটোতে অনুষ্ঠিত কৰে তিৱা পিচু ৷ এই তিৱা পিচুৰ কাৰ্যসূচী অনুসৰি পুৱা তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ পতাকা উত্তোলন কৰে তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ সভাপতি প্ৰবীন চন্দ্ৰ কোঁৱৰে৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে ভাষা সংস্কৃতি চৰ্চা সমিতিৰ কাৰ্যকৰী সভাপতি দুলেন চন্দ্ৰ দেউৰীয়ে ৷ আনহাতে দিনৰ ১১ বজাত তিৱা সকলৰ চামাদি নিৰ্মানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে তিৱা পিচু শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ৷ মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ তিৱা জনগোষ্ঠীৰ কৃষ্টি দলে অংশগ্ৰহণ কৰা এই তিৱা পিচুতে তিৱা সকলৰ ৰীতিনীতিৰ আধাৰত প্ৰকাশিত গ্ৰন্থ “ ন’বাৰ” উন্মোচন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে ৷ লগতে “ ঢোলৰ ছেৱ ” গ্ৰন্থ খনি উন্মোচন কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নন্দিতা পাটৰে ৷ উল্লেখ যে এই তিৱা পিচুত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী , সাহিত্য অকাডেমী ভাষা সন্মান প্ৰাপক হৰচিং খলাৰ, ফাইন চন্দ্ৰ ডেকাৰজাৰ লগতে কেবাগৰাকী তিৱা জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক মানস নাথ

You might also like