নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত ডিব্ৰুগড়ৰ দহ সাংবাদিকক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৬ নবেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যত আজি ডিব্ৰুগড়তো ডিব্ৰুগড় জিলা প্ৰশাসনে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা এক অনুষ্ঠানত জিলাখনৰ দহ গৰাকী বিশিষ্ট সাংবাদিকক সংবাদ জগতলৈ আগবঢ়োৱা তেওঁলোকৰ অনবদ্য বৰঙণিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত ড॰ মনিকা বৰা, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়াৰ উপস্থিতিত জিলা প্ৰশাসনৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰে উপায়ুক্ত বিশ্বজিত পেগুৱে৷ সম্বৰ্ধিত সাংবাদিককেইগৰাকী হৈছে ৰাজীৱ বৰগোহাঁই, মনজিৎ বৰা, ৰতন হাজৰিকা, শোভিত কুমাৰ ছেত্ৰী, ভদ্ৰেশ্বৰ গগৈ, সীমান্ত ভাগৱতী, জয়ন্ত ভূঞা, দেৱজিৎ চুতীয়া, অনিল পোদ্দাৰ, সঞ্জীৱ নন্দী। তেওঁলোকক সম্বৰ্ধনাপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ এই উপলক্ষ্যে ডিব্ৰুগড় ডিআৰডিএৰ জাগৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি ডি এইচ এচ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড॰ শশীকান্ত শইকীয়াই কয় যে দেশ, সমাজ, ৰাষ্ট্ৰ নিৰ্মাণত দেশৰ সাংবাদিকসকলৰ গুৰুত্ব অসীম৷ সংবাদ মাধ্যম বিপথে পৰিচালিত হ’লেই দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত নহ’ব আৰু সমাজ অস্থিৰ হৈ পৰিব৷ প্ৰতিজন সাংবাদিকে সমাজৰ নাড়ী স্পন্দন অনুভৱ কৰিব পৰাকৈ একো একোজন গৱেষকৰ দৰে দায়িত্ব পালন কৰা উচিত৷ সেয়ে এখন সমাজ সুন্দৰ কৰি তুলিবলৈ সাংবাদিকসকলে গৱেষক, অভিভাৱকৰ দৰে কাম কৰা উচিত৷ সাংবাদিকসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য অনুধাৱন কৰি গভীৰ অধ্যয়নমুখী হ’লে দেশৰ লগতে সমাজৰ বহু পৰিৱৰ্তন হোৱাতো সম্ভৱ বুলি উল্লেখ কৰি ড॰ শইকীয়াই কয়– সাম্প্ৰতিক সময়ত যান্ত্ৰিকতাৰ পৃথিৱীত একাংশ সাংবাদিকে অধ্যয়ন কৰিবলৈ এৰিছে৷ অধ্যয়নবিমুখ সাংবাদিক কেতিয়াও সমাজৰ বাবে উপযুক্ত নহয় বুলিও উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকতা কৰিবলৈ বা সাংবাদিকতা বৃত্তিত জড়িত হোৱাৰ পূৰ্বে প্ৰতিজন সাংবাদিকে সাংবাদিকতাৰ সঠিক ব্যাকৰণ জনা উচিত৷ ৰন্ধণৰ ব্যাকৰণ নাজানিলে যেনেদৰে এখন আঞ্জা সুস্বাদু হ’ব নোৱাৰে, তেনেদৰে সাংবাদিকতাৰ ব্যাকৰণ নাজানিলেও দেশৰ বা সমাজৰ মংগল হ’ব নোৱাৰে৷ এটা খবৰ বা বাতৰি প্ৰকাশৰ পূৰ্বে সমাজখনৰ কি লাভালাভ হ’ব, সমাজৰ কোন দিশত ইতিবাচক প্ৰভাৱ পৰিব, সমাজে কি শিক্ষা পাব, শিকিবলগীয়া কি আছে ইত্যাদি বিষয়বোৰ সাংবাদিকজনে জনা উচিত বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাসে আঁতধৰা অনুষ্ঠানটিত লেখক সুমন দত্তই সাংবাদিকতাৰ গতিবিধি ইতিহাস ইত্যাদি বিষয়ত মননশীল বক্তৃতা প্ৰদান কৰে৷ আনহাতে অনুষ্ঠানত উপায়ুক্ত বিশ্বজিত পেগু, অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, অতিৰিক্ত উপায়ুক্ত ড॰ মনিকা বৰা, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া, সাংবাদিক শোভিত চেত্ৰীয়ে মননশীল বক্তৃতা প্ৰদান কৰে৷ অনুষ্ঠানটিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইকে ধৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, ৰাজগড়, খোৱাং, লাহোৱাল প্ৰেছ ক্লাব, সাংবাদিক সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

প্ৰেৰক বিভাস দুৱৰা

You might also like