নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰঃ ‘অহা ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চল আংশিকভাবে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব৷’ আজি কাজিৰঙাৰ চিন্তন বৈঠকত উপস্থিত হৈ সাংবাদিকৰ স’তে কৰা মত বিনিময়ত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে এইদৰে বক্তব্য ৰাখে ৷ তেওঁ কয় যে যোৱা ২৪ ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আধ্যাত্মিক গুৰু সদগুৰুৱে মুকলি কৰে৷ কিন্তু ২ অক্টোবৰৰ পৰাহে ৰাষ্ট্ৰীয় উদ্যানৰ আংশিক অংশত পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰি ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ ইপিনে, বন আইন উলংঘা কৰি নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুখ্যমন্ত্ৰী-সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰৱেশ কৰা সন্দৰ্ভত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক যাদৱে কয় যে মুখ্যমন্ত্ৰী আৰু সদগুৰুৱে কোনো আইন উলংঘা কৰা নাই ৷ বন বিভাগে আমন্ত্ৰণ কৰাৰ বাবেই তেওঁলোক আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ। আনহাতে, ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে অনুমতি প্ৰদান কৰাৰ বাবেই মুখ্যমন্ত্ৰী-সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিশাৰ ভাগত প্ৰৱেশ কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে৷
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like