নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত পূজাৰ বিশাল আয়োজনঃ পঞ্চাশ বছৰত ভৰি দিলে বিৰলা কলনী দুৰ্গাপূজাই

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মৰিয়নিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্মাৱলম্বী লোক এইবাৰ পুনৰ সাজু হৈছে দুৰ্গা দেৱীক আদৰিবলৈ। ক্ষুদ্ৰ ভাৰতবৰ্ষ নামেৰে পৰিচিত মৰিয়নি নগৰত বাস কৰা সকলো জাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী লোকৰ মাজত আছে ঐক্যৰ এনাজৰী। বিগত সময়ত সেইয়া প্ৰতিপন্ন হৈ আহিছে । ইতিমধ্যে পাৰ হৈ যোৱা মহালয়াতো দেখা হ’ল একেই দৃশ্য । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিল আনন্দৰ বতৰা ল’বলৈ বুলি। দুৰ্গা পূজা সমাগত। এইবাৰো একেই পৰিবেশ । ক’ভিড সৃষ্ট পৰিবেশৰ পিছত মুকলি মনেৰে পূজালৈ বুলি সাজু হৈছে মৰিয়নিবাসী। এইবাৰ মৰিয়নি নগৰত আয়োজন কৰা হৈছে ১৬ খনকৈ দুৰ্গাপূজাৰ। দাঁ‌তিকাষৰীয়া চাহ বাগিচা অঞ্চলসমূহতো উলহ মালহেৰে দুৰ্গাপূজাৰ আয়োজন কৰা হৈছে । দেবেৰাপাৰ চাৰি আলিতো আয়োজিত হৈছে দুৰ্গাপূজাৰ । ইয়াৰ মাজতে মৰিয়নি নগৰৰ ১৬ খনকৈ পূজাৰ বাবে তৎপৰ হৈ পৰিছে সকলো। প্ৰশাসনৰ লগতে আৰক্ষীও ব্যস্ত হৈ পৰিছে । মৰিয়নি নগৰৰ পৰিসৰ যিহেতু যথেষ্ট সৰু। এই কম পৰিসৰৰ নগৰখনত ১৬ খনকৈ দুৰ্গাপূজাৰ আয়োজন নিতান্তই মন কৰিবলগীয়া । প্ৰয়াত প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে তেওঁৰ নিজা উদ্যোগত মৰিয়নি উন্নয়ন সমিতিৰ নামেৰে আয়োজন কৰা দুৰ্গাপূজা প্ৰতিবাৰেই ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল যদিও তেওঁৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এই পূজা বন্ধ হৈ আছে। আনহাতে, এইবাৰ ফ’ৰেষ্ট ক’লোনী দুৰ্গাপূজা অনুষ্ঠিত নহয়। তাৰ বাদে মৰিয়নি নগৰত অনুষ্ঠিত হ’বলগীয়া দূৰ্গা পূজাসমূহ হৈছে – জয়মতী নগৰ দূৰ্গা পূজা, দৈনিক বজাৰ দুৰ্গাপূজা, কেনেডি পাৰ্ক দুৰ্গাপূজা, চিগনেল ক’লোনী দুৰ্গাপূজা, বিষ্ণু মন্দিৰ দুৰ্গাপূজা, গান্ধী নগৰ দুৰ্গাপূজা, বিৰলা ক’লোনী দুৰ্গাপূজা, ঠাকুৰবাৰী দুৰ্গাপূজা, ধোদৰ আলি দুৰ্গাপূজা (এ এছ টি চি), চাৰি নং ৱাৰ্ড – ৱেষ্ট কেবিন দুৰ্গাপূজা, কালিবাৰী দুৰ্গাপূজা, ৰে’লৱে ইন্সষ্টিটিউট দুৰ্গাপূজা, সত্যনাৰায়ন সেৱা কেন্দ্ৰ দুৰ্গাপূজা, নিউ বিল্ডিং দুৰ্গাপূজা, দুৰ্গাবাৰী (ৰাইজিং ইয়ুথ) দুৰ্গাপূজা আৰু সুভাস ময়দান দুৰ্গাপূজা সমিতি এইবাৰ সম্পূৰ্ণ সাজু হৈছে । ইয়াৰ মাজতে এইবাৰ পঞ্চাশ বছৰত ভৰি দিলে বিৰলা ক’লোনী দুৰ্গাপূজাই। বিৰলা ক’লোনী দুৰ্গাপূজা সমিতিৰ সভাপতি মিঠু বসাক আৰু সম্পাদক গোবিন্দ মজুমদাৰে কয় বহু কষ্টৰ বিনিময়ত ৰাইজ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত বিৰলা ক’লোনী দুৰ্গাপূজাই পঞ্চাশ বছৰত ভৰি দিলে। এইবাৰো দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে যদিও আনুষংগিক বিভিন্ন কাৰণত এইবাৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰা হয় । অহা বৰ্ষত এই দুৰ্গাপূজাৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰাৰ লগতে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দুৰ্গাপূজা আয়োজনৰ পৰিকল্পনা হাতত লোৱা হ’ব বুলিও দুয়ো জানিবলৈ দিয়ে । আনহাতে, মৰিয়নিৰ সবাতোকৈ পুৰণি দুৰ্গাপূজা ৰে’লৱে ইন্সষ্টিটিউট দুৰ্গাপূজা এইবাৰো আয়োজন কৰা হৈছে । মাজতে দুবছৰমান অনুষ্ঠিত হোৱা নাছিল যদিও বিগত কেবাবছৰ ধৰি পুনৰ অনুষ্ঠিত হৈ আহিছে মৰিয়নিৰ ঐতিহ্যমণ্ডিত পূজাভাগি। জানিব পৰা মতে, দেশৰ স্বাধীনতাৰ পূৰ্বে ১৯৪৪ চনত ৰে’লৱে ইন্সষ্টিটিউট দুৰ্গাপূজা আৰম্ভ হৈছিল। তাৰ এবছৰৰ পিছতেই আৰম্ভ হৈছিল আন এক ঐতিহ্যমণ্ডিত দুৰ্গাপূজা সাৰ্বজনীন কালিবাৰীৰ দুৰ্গাপূজা। এই দুয়োখন দুৰ্গাপূজাই দীৰ্ঘদিন ধৰি মৰিয়নিৰ ঐতিহ্য বহন কৰি আহিছে। ইফালে, সুভাস ময়দান দুৰ্গাপূজা প্ৰতিবাৰেই দৰ্শকৰ বাবে এক চমক স্বৰূপ হৈ আহিছে। নতুনত্বৰ সোৱাদ দিবলৈ প্ৰতিবছৰেই চেষ্টা কৰে সুভাস ময়দান দুৰ্গাপূজা সমিতিয়ে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব বুলি অন্যতম আয়োজক ৰঞ্জিত সৰকাৰ (দিছু) য়ে জানিবলৈ দিছে । ইয়াৰ বাদেও আন আন দুৰ্গাপূজা সমিতি সমূহেও দৰ্শকক আদৰি দেৱী দুৰ্গাৰ আৰাধনা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে । কেনেডী পাৰ্ক, দৈনিক বজাৰ, ধোদৰ আলি, জয়মতী নগৰ, নিউ বিল্ডিং, চিগনেল ক’লোনী আদি পূজা সমিতিসমূহৰ সদস্য সদস্যাসকলে দিন ৰাতি এক কৰি দুৰ্গাপূজাৰ আয়োজনত নামি পৰিছে । আনহাতে, মৰিয়নিৰ সকলো দুৰ্গাপূজা সমিতিৰ এখন উমৈহতীয়া সমন্বয় সমিতি গঠন কৰা হৈছে । কেন্দ্ৰীয় দুৰ্গোৎসৱ সমন্বয় সমিতি নামেৰে গঠন কৰা এই সমিতিখনত দীপেন দাসক সভাপতি আৰু তনয় বেনাৰ্জীক সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। মৰিয়নি নগৰৰ আটাইকেইখন দুৰ্গাপূজাৰ মাজত সমন্বয় স্থাপন কৰাৰ লগতে বিভিন্ন বিষয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা, বিসৰ্জনৰ ব্যৱস্থা কৰা আৰু পূজাৰ অন্তত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব এই কেন্দ্ৰীয় দুৰ্গোৎসৱ সমন্বয় সমিতিয়ে। মৰিয়নি নগৰৰ আটাইকেইখন দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়া এই কেন্দ্ৰীয় সমন্বয়সমিতিৰ অন্তৰ্ভুক্ত হৈ আছে । মৰিয়নিৰ যোৰা পুখুৰী আৰু ভোগদৈ নৈত দশমীৰ দিনা দুৰ্গাদেৱীক বিসৰ্জন দিয়া হয়। ইয়াৰে অধিকাংশ দেৱীক যোৰা পুখুৰীত বিসৰ্জন দিয়া হয়। ইতিমধ্যে মৰিয়নি পৌৰসভাই দেৱী বিসৰ্জন দিবলগীয়া বৃহৎ পুখুৰীটো পৰিস্কাৰ কৰাৰ কামত নামি পৰিছে । মৰিয়নিৰ অসামৰিক প্ৰশাসন আৰু আৰক্ষীয়ে শান্তি শৃংখলা বৰ্তাই আনন্দ স্ফূৰ্তিৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like