নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিং কাণ্ড : ২৫ ডিচেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটীৰ প্ৰতিবেদন

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ দেশ তথা ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ উচ্চস্তৰীয় প্ৰতিবেদনৰ বাবে এমাহৰ সময়ৰ প্ৰয়োজন হব বুলি জানিব পৰা গৈছে।বিশ্ববিদ্যায়খনৰ উচ্চস্তৰীয় তদন্ত কমিটিয়ে নিৰ্ধাৰিত সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ অপৰাগ হোৱাৰ বাবেই,কমিটিয়ে কিছু সময় বিচাৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আৱেদন জনাইছিল আৰু সেই মৰ্মে উপাচাৰ্যই অহা ২৫ ডিচেম্বৰ দিনটো ৰেগিঙৰ প্ৰতিবেদন দাখিল কৰাৰ অন্তিম তাৰিখ বুলি চূড়ান্ত কৰিছে আৰু তদন্তৰ প্ৰতিবেদনত বহু কথা উন্মোচিত হব—–এই ভাষ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালৰ। তেঁও আজি সংবাদ মাধ্যমৰ আগত কয় যে ২৫ ডিচেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উচ্চস্তৰীয় তদন্ত কমিটিয়ে দাখিল কৰিব প্ৰতিবেদন। উচ্চস্তৰীয় তদন্ত কমিটিয়ে নিৰ্দ্ধাৰিত সময়ত প্ৰতিবেদন দাখিল কৰাত কিছু জটিলতাৰ সন্মুখীন হব লগাত পৰে। বহু কেইজন লোকৰ ভাষ্য লোৱাৰ লগতে খুউব পুংখানুপুংখভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াত কিছু সময়ৰ প্ৰয়োজন বুলি উচ্চস্তৰীয় তদন্ত কমিটিয়ে অনুভৱ কৰে।সেয়ে তেঁওলোকে উপাচাৰ্যক এই বিষয়ে আৱেদন জনাই সময় বিচাৰিছিল।উপাচাৰ্য্য ড° জিতেন হাজৰিকাই অহা ২৫ ডিচেম্বৰলৈ সময়সীমা বঢ়াই দিয়ে উচ্চস্তৰীয় তদন্ত কমিটিক।আনহাতে বিশ্ববিদ্যালয়খনৰ এন্টি ৰেগিং সমিতিয়ে কাৰাগাৰত থকা অভিযুক্ত সকলৰ ভাষ্য লবলৈ আবেদন কৰিও আজি পৰ্যন্ত আদালতৰ অনুমতি নোপোৱা বুলি পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে সদৰী কৰাৰ লগতে তদন্ত প্ৰতিবেদনৰ পাছতহে কোন অভিযুক্ত,সেয়া নিশ্ছয়কৈ প্ৰতিফলিত হব বুলি ব্যক্ত কৰে। অন্যহাতে ৫ দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা ৰেগিং কাণ্ডৰ মূল অভিযুক্ত বুলি বিবেচিত ৰাহুল ছেত্ৰীক দণ্ডাধীশ সংঘমিত্ৰা বৰুৱা আৰু আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰাই চলাইছে মাৰাথান জেৰা। ইফালে ৰেগিঙত বলি হৈ ডিব্ৰুগড় আদিত্য নাছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ স্বাস্থ্য উন্নীত হৈছে যদিও কালি সোঁহাতৰ এক জৰুৰী অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। আনন্দ শৰ্মাক আজি আইচিইউৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হয়।উল্লেখ্য যে যোৱা ২৭ নৱেম্বৰ পৰা ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ বলি হোৱা আনন্দ শৰ্মাৰ যোৱা ১ ডিচেম্বৰত ৰাজহাড়ৰ এক জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল। এক প্ৰকাৰৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘুৰি অহা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টাত ক্ৰমাৎ উন্নত হৈ অহাত আজি কেবিনলৈ নিয়া হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like