নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নৱবৰ্ষৰ উল্লাহৰ মাজতেই সোমবাৰে সন্ধিয়া ঢকুৱাখনা নগৰৰ ট্ৰেফিক পইণ্টত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা । মাজুলীৰ পৰা লখিমপুৰ অভিমুখী এ এছ ০১-কে চি ২২৩৯ নম্বৰৰ এখন মালবাহী ট্ৰাক আৰু লখিমপুৰ দিশৰ পৰা ঢকুৱাখনালৈ আহি থকা এ এছ ০৭-পি-৫২৮২নম্বৰৰ এখন চুপাৰ স্প্রেলিন্দাৰ বাইকৰ মুখামুখি সংঘৰ্ষ হয় । তীব্ৰ গতিত লখিমপুৰ অভিমুখে গৈ থকা  গাড়ীখনে বাইক আৰোহী ঢকুৱাখনা নগৰৰ বালি গাঁ‌ৱৰ নিবাসী তথা ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন সোণোৱালক প্ৰচণ্ড জোৰত খুন্দা মাৰি চোচৰাই নিয়ে।ফলত বাইক চালক ভূপেন সোণোৱালৰ বাওঁ ভৰিৰ আঁঠুৰ  তলৰ অংশ ওচৰত ছিঙি ওলমি পৰে। সেই স্থানত উপস্থিত থকা ৰাইজ আৰু ঢকুৱাখনা আৰক্ষীৰ তৎপৰতাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত ব্যক্তিজনক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে জৰুৰীকালীন ভাবে অসম চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰা হৈছে । ইফালে দূৰ্ঘটনা সংঘটিত কৰা  মালবাহী ট্ৰাক খনৰ চালকসহ গাড়ীখন ঢকুৱাখনা আৰক্ষীয়ে আটক কৰি জব্দ কৰিছে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like