নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ধুবুৰীৰ গুৰুদ্বাৰত শ্বহিদী দিৱস

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ কালিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ’’ত আৰম্ভ হ’ব শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ ৩৪৭সংখ্যক শ্বহিদী দিৱস। প্ৰতি  বছৰে ধুবুৰীৰ গুৰুদ্বাৰাত পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডৰ উদ্যোগত  অনুষ্ঠিত হৈ অহা এইবেলিৰ শ্বহিদী দিৱসৰ কাৰ্য্যসূচীৰ দ্বিতীয় দিনা; অৰ্থ্যাৎ অহা ২৭ নৱেম্বৰৰ দুপৰীয়া শ্বহিদী দিৱস উপলক্ষে আয়োজিত বিশেষ কাৰ্য্যসূচীত অংশ ল’ব ৰাজ্যপাল জগদীশ মুখীয়ে। জানিব পৰা মতে, সিদিনা দুপৰীয়াৰ ফালে প্ৰায় দুঘন্টীয়া এক সময়সূচীৰে ধুবুৰীৰ গুৰুদ্বাৰাত উপস্থিত থাকিব তেওঁ। কাৰ্য্যসূচী অনুসৰি কালি অৰ্থ্যাৎ প্ৰথম দিনা অখণ্ড পাঠ, প্ৰভাত ফেৰী আৰু দুখীয়া ৰোগীসকলৰ মাজত ফলমূল বিতৰণেৰে কৰা হ’ব। পিছদিনা, অৰ্থ্যাৎ অহা ২৭ নৱেম্বৰৰ দিনা শ্বহিদী দিৱসৰ কাৰ্য্যসূচীৰ মূল আকৰ্ষণ ‘‘নগৰ সংকীৰ্তন’’ অনুষ্ঠিত হ’ব। আনহাতে তৃতীয় তথা অন্তিম দিনা অখণ্ড পাঠৰ সমাপ্তি তথা ভোগ–প্ৰভৃতিৰ মাধ্যেমেৰে এইবেলিৰ শ্বহিদী দিৱসৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘটিব। উল্লেখ্নীয় যে, স্বয়ং টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰৰ আছে এক দীঘলীয়া, সমৃদ্ধিশালী ইতিহাস।  কেৱল টেগ বাহাদুৰেই নহয়;  শিখসকলৰ প্ৰথম ধৰ্মগুৰু গুৰু নানকৰো  পদাৰ্পণ ঘটিছিল ধুবুৰী এই গুৰুদ্বাৰটো নিৰ্মিত হোৱা স্থানত। ১৫০৫ খ্ৰীষ্টাব্দত গুৰু নানকে  ঢাকাৰ পৰা উভতাৰ পথত  ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ওখ টিলাত ল’গ পাইছিল শ্ৰীমন্ত শংকৰদেৱকো। পিছত ১৬৬৭ চনত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীলৈ আৰু তেৱেঁই স্থাপন কৰিছিল ধুবুৰীৰ এই গুৰুদ্বাৰটো।  ইয়াতে উল্লেখ্য যে, প্ৰতিবছৰে ধুবুৰীৰ গুৰুদ্বাৰত আয়োজিত হৈ অহা এই “শ্বহিদী দিৱস”ৰ কাৰ্যসূচীত অংশ লবলৈ কেৱল অসম অথৱা উত্তৰ পূৰ্বাঞ্চলেই নহয়;  দেশ–বিদেশৰ পৰাও ধুবুৰীত আহি উপস্থিত হয় শিখসকল। প্ৰতিবছৰে  শ্বহীদী দিৱস উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰত আয়োজিত হৈ অহা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰ সমান্তৰালকৈ বহা তিনিদিনীয়া মেলাখনে সমগ্ৰ ধুবুৰী চহৰত সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশৰো। কালিৰ পৰা আৰম্ভ হ’বলগীয়া শ্বহিদী দিৱসক লৈ ইতিমধ্যে চহৰখনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like