নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত মজুমদাৰক বর্ষশ্রেষ্ঠ সাংবাদিকতা বঁটা ৰাইটার্ছ ফ’ৰামৰ

বিশেষ বাৰ্তা, ২৫ জানুৱাৰীঃ ৰাইটার্ছ ফ’ৰাম, অসমৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ড০ বাণীকান্ত কাকতি প্রেক্ষাগৃহত ৰাজ্যৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে মুঠ ৩০গৰাকী ব্যক্তিক বঁটা প্রদান কৰা হয়৷ সংগঠনটোৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সংগঠনটোৰ সাধাৰণ সম্পাদক পংকজ লোচন বৈশ্য, শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰ, পবিত্র কুমাৰ শর্মা, ক্রীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতার্থ গোস্বামীও উপস্থিত থাকে৷ ‘নিয়মীয়া বার্তা’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত মজুমদাৰলৈ সংগঠনটোৱে আগবঢ়ায় বর্ষশ্রেষ্ঠ সাংবাদিকৰ বঁটা৷ ফুলাম গামোচা, জাপি, স্মাৰক, প্রশস্তি পত্র বঁটাটোৰ সৈতে সাংবাদিক মজুমদাৰক আগবঢ়োৱা হয়৷ ঠিক একেদৰে শিক্ষাবিদ ড০ দয়ানন্দ পাঠকলৈ জীৱনজোৰা সাধনা বঁটা, ৰামকৃষ্ণ তালুকদাৰলৈ সত্রীয়া সাধনা বঁটা, এল হেমন্ত সিঙলৈ ক্রীড়া সাধনা বঁটা, প্রাঞ্জল শইকীয়ালৈ শিল্পী সাধনা বঁটা, জলি বৰালৈ বিহুনাচ সাধনা বঁটা আগবঢ়োৱা হয়৷ বর্ষশ্রেষ্ঠ বিধায়কৰ বঁটা ৰূপজ্যোতি কুর্মীলৈ, বর্ষশ্রেষ্ঠ ক্রীড়া সাংবাদিকতা বঁটা বিদ্যুৎ কলিতালৈ, বর্ষশ্রেষ্ঠ চিকিৎসা প্রতিষ্ঠানৰ বঁটা আয়ুৰসুন্দ্রা হাস্পতাললৈ, বর্ষশ্রেষ্ঠ সমাজ ৰত্ন বঁটা ভূপেন তালুকদাৰলৈ, বর্ষশ্রেষ্ঠ সাহিত্য সংগঠকৰ বঁটা পবিত্র শর্মালৈ, বর্ষশ্রেষ্ঠ কবি বঁটা ড০ সীমা বৰালৈ, বর্ষশ্রেষ্ঠ সাহিত্যিকৰ বঁটা নৱৰত্ন পাটোৱাৰীলৈ, বর্ষশ্রেষ্ঠ সমাজ সংগঠকৰ বঁটা হৰেকৃষ্ণ তালুকদাৰলৈ, বর্ষশ্রেষ্ঠ ক্রীড়া সাংবাদিকৰ বঁটা জয়ন্ত দাসলৈ, বর্ষশ্রেষ্ঠ শৈক্ষিক বঁটা ড০ ৰঞ্জিত ডেকালৈ, বর্ষশ্রেষ্ঠ যুৱ ৰাজনীতিক বঁটা গীতার্থ গোস্বামীলৈ, বর্ষশ্রেষ্ঠ যুৱ সাহিত্যিক বঁটা দিলীপ বর্মনলৈ, বর্ষশ্রেষ্ঠ গ্রাম্য ক্রীড়া সাংবাদিকতাৰ বঁটা দীপক কুমাৰ দাসলৈ, বর্ষশ্রেষ্ঠ সমাজসেৱিকা বঁটা ভাৰতী ৰায়লৈ, বর্ষশ্রেষ্ঠ ক্রীড়া সংগঠকৰ বঁটা বিপুল শইকীয়ালৈ, বর্ষশ্রেষ্ঠ উদ্যোগী বঁটা দীপক সন্দিকৈলৈ, বর্ষশ্রেষ্ঠ সাহিত্য সংগঠনৰ বঁটা সাংস্কৃতিক মহাসভা অসমলৈ, বর্ষশ্রেষ্ঠ সাহিত্য আলোচনী বঁটা ‘বার্তা পখিলী’লৈ, বর্ষশ্রেষ্ঠ ৰাজ্যিক ক্রীড়া সন্থা বঁটা অসম লনবল সন্থালৈ, বর্ষশ্রেষ্ঠ অভিনেতা বঁটা ৰবি শর্মালৈ, বর্ষশ্রেষ্ঠ কথাছবি নৃত্য পৰিচালক বঁটা জিত খানলৈ, বর্ষশ্রেষ্ঠ নাট্য সংগঠক বঁটা দিলীপ বৰালৈ, বর্ষশ্রেষ্ঠ খেলুৱৈ বঁটা নয়নমণি শইকীয়ালৈ, বর্ষশ্রেষ্ঠ সমাজসেৱকৰ বঁটা প্রদীপ কোচলৈ, বর্ষশ্রেষ্ঠ প্রতিভাৱান ব্যৱসায়ী বঁটা লীলা ফুকনলৈ, বর্ষশ্রেষ্ঠ চিকিৎসকৰ বঁটা ডাঃ শুভ্রকিংকৰ গোস্বামীলৈ, বর্ষশ্রেষ্ঠ সংগীত মহাবিদ্যালয় বঁটা বৰভাগ সংগীত মহাবিদ্যালয়লৈ, বর্ষশ্রেষ্ঠ ক্রীড়া প্রশিক্ষক বঁটা মানসপ্রতিম দাসলৈ, বর্ষশ্রেষ্ঠ নৱাগত অভিনেত্রী বঁটা শ্বাহনাজ খানলৈ, বর্ষশ্রেষ্ঠ মেকআপ আর্টিষ্ট বঁটা হৈম্য দাসলৈ, বর্ষশ্রেষ্ঠ গ্রাম্য ক্রীড়া সংগঠকৰ বঁটা মনোজ চৌধুৰীলৈ, বর্ষশ্রেষ্ঠ ফটো সাংবাদিকৰ বঁটা বিপুল মজুমদাৰলৈ, বর্ষশ্রেষ্ঠ ডিজিটেল নিউজ চেনেলৰ বঁটা অসম লাইভলৈ, বর্ষশ্রেষ্ঠ বন পালক বঁটা জয়ন্ত গোস্বামীলৈ, বর্ষশ্রেষ্ঠ নৱাগত গায়িকা দীপজ্যোতি গগৈ, বর্ষশ্রেষ্ঠ মহিলা সমাজসেৱিকাৰ বঁটা গীতু দাসলৈ আৰু বর্ষশ্রেষ্ঠ লেখকৰ বঁটা প্রমোদ কুমাৰ তালুকদাৰলৈ আগবঢ়োৱা হয়৷

You might also like