ছানৰাইজার্ছক হৰুৱাই দ্বিতীয় স্থানলৈ গুজৰাট
🔹 গিল-বাটলাৰৰ অর্ধশতক : অথলে গ’ল অভিষেকৰ ৭৪ ৰান
নিউজ ডেস্ক, ৩ মে’ : গুজৰাট টাইটানছে চলিত আইপিএলৰ প্লে’-অফত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷ প্রতিযোগিতাখনৰ কালি আহমেদাবাদত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত গুজৰাট টাইটানছে ছানৰাইজার্ছ হায়দৰাবাদক ৩৮ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ শুভমন গিল বাহিনীৰ এয়া আছিল সপ্তম জয়৷ দলটোৱে এতিয়ালৈকে ১০খন মেচ খেলি ৭খনত জয় আৰু ৩খনত পৰাস্ত হৈ ১৪ পইণ্ট সংগ্রহ কৰিছে৷ বিপৰীতে ছানৰাইজার্ছে সপ্তমটো পৰাজয়ৰ সন্মুখীন হয়৷ দলটোৱে এতিয়ালৈকে ১০খন মেচ খেলি মাত্র তিনিখনত জয়লাভ কৰি ছয় পইণ্টহে সংগ্রহ কৰি নৱম স্থানত আছে৷
মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২২৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শর্মাৰ দর্শনীয় ৭৪ ৰানৰ সহায়ত ছানৰাইজার্ছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ অভিষেকে ৪১টা বলত ৪টা চাৰি আৰু ৬টা ছয়েৰে ৭৪ ৰান কৰে৷ ট্রেভিছ হেডে ২০, ঈশান কিশনে ১৩, ক্লাছেনে ২৩ কৰি বিদায় লয় যদিও নীতিশ কুমাৰ ৰেড্ডীয়ে ২১ আৰু কামিনছে ১৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ গুজৰাট টাইটানছৰ হৈ মহম্মদ ছিৰাজ আৰু প্রসিদ্ধ কৃষ্ণ উভয়ে ২টাকৈ উইকেট লাভ কৰাৰ লগতে ঈশান্ত শর্মা আৰু জেৰাল্ড ক’টজীয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক শুভমন গিল আৰু জ’ছ বাটলাৰৰ চমকপ্রদ অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২২৪ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি ছাই সুদর্শন আৰু শুভমন গিলে প্রথম উইকেটৰ যুটিত ৮৭ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ সুদর্শনে মাত্র ২ ৰানৰ বাবে অর্ধশতকৰ পৰা বঞ্চিত হয়৷ ২৩টা বলত ৯টা বাউণ্ডেৰীৰে ৪৮ ৰানৰ দর্শনীয় ইনিংছ খেলে সুদর্শনে৷ সুদর্শন আউট হোৱাৰ পাছত গিলে জ’ছ বাটলাৰৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰে৷ দুয়োৰে মাজত দ্বিতীয় উইকেটত ৬২ ৰান সংগ্রহৰ সময়তে ৰান আউট হৈ গিল পেভিলিয়নমুখী হয়৷ আউট হোৱাৰ পূর্বে অধিনায়কগৰাকীয়ে ৩৮টা বলত ১০টা চাৰি আৰু ২টা ছয়েৰে ৭৬ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷
ইফালে, বাটলাৰে মাত্র ৩৭টা বলত ৩টা চাৰি আৰু ৪টা ছয়েৰে ৬৪ ৰান কৰি দলৰ স্ক’ৰ ২০০লৈ বৃদ্ধি কৰে৷ আউট হোৱাৰ পূর্বে বাটলাৰে ৱাশ্বিংটন সুন্দৰৰ সৈতে তৃতীয় উইকেটত ৫৫ ৰান সংগ্রহ কৰে৷ সুন্দৰে ২১ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ মহম্মদ শ্বাহৰুখ খানে ৬ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰাহুল টেৱাটিয়াই কালিও দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ টেৱাটিয়াই ৩টা বলত ছয় ৰান কৰি বিদায় লয়৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে সর্বাধিক ৩টা উইকেট লাভ কৰাৰ লগতে পেট কামিনছ আৰু জিছান আনছাৰিয়ে এটাকৈ উইকেট লাভ কৰে৷