নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া ক’ত আৰু কেনেকৈ চাব লাইভ টেলিকাষ্ট? পঢ়ক সৱিশেষ…

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া খেল ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব। মেচৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ দুপৰীয়া ১ বজাত টছ অনুষ্ঠিত হ’ব।

ক’ত চাব ভাৰত-শ্ৰীলংকাৰ প্ৰথম এদিনীয়াৰ লাইভ টেলিকাষ্ট?

ভাৰত আৰু শ্ৰীলংকাৰ মাজত খেলা প্ৰথমখন এদিনীয়াৰ লাইভ টেলিকাষ্ট ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ যিকিনো এটা চেনেলত চাব পাৰিব। ইয়াৰ উপৰিও ডিডি স্প’ৰ্টছতো এই খেলখন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। যিসকল ব্যৱহাৰকাৰীৰ হটষ্টাৰ চাবস্ক্ৰিপচন আছে তেওঁলোকে অনলাইন ষ্ট্ৰীমিংৰ জৰিয়তে মেচখন উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও মেচখনৰ মুহূৰ্তৰ পিছত মুহূৰ্তৰ আপডেট https://www.cricbuzz.com/ ত উপলব্ধ হ’ব।

You might also like