নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দৰঙত এখন গামোচাৰ দৰ উঠিল ২ লাখ ৪৫ হাজাৰ ১ টকা

ডিজিটেল ডেস্ক, দৰং, ২৬ এপ্ৰিল : দৰঙত এখন বিশেষ গামোচা ২ লাখ ৪৫ হাজাৰ ১ টকাত বিক্ৰী হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মূলতঃ জনবিশ্বাস আৰু নিলামৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ বাবেই এই বিশাল মূল্যত ক্ৰয় কৰাৰ উথপথপ লাগে। লক্ষণীয় যে ৩ দিনীয়া বৰ্ণাঢ্য…

নাজিৰাৰ চণ্টকত দিন-দুপৰতে গো-ধন চুৰ কৰি ৰাইজৰ ৰোষত যুৱক

ডিজিটেল ডেস্ক, নাজিৰা, ২৬ এপ্ৰিল : নাজিৰা সমজিলাৰ প্ৰান্তে প্ৰান্তে গো-ধন চোৰৰ সন্ত্ৰাসে গো-পালকসকলৰ নিদ্ৰাহৰণ কৰি অহাৰ সময়তে চন্টক অঞ্চলত চুৰি গৰুসহ এজনক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে গো-মাংস বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা…

দিল্লী বিমানবন্দৰত মাজনিশা আতংক, টেক অফৰ সময়তে ভয়ংকৰ বিমান দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : দিল্লী বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে ইঞ্জিন বিকল হোৱাৰ ফলত ছুইছ এয়াৰৰ এখন বিমানৰ ইঞ্জিনত হঠাতে জুই লাগে। এই ঘটনাত ৬জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ…

সোণতলীত আৰক্ষীৰ অভিযানত ৫ দুৰ্ধৰ্ষ অপহৰণকাৰীক আটক

ডিজিটেল ডেস্ক, সোণতলী, ২৬ এপ্ৰিল : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত নিশা আৰক্ষীৰ অভিযানত ৫টাকৈ দুৰ্ধৰ্ষ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত সোণতলীত নিশা আৰক্ষীৰ…

ৰন্ধন গেছৰ ভয়াৱহ সংকটৰ আশংকা বিশ্বত, আন্তঃৰাষ্ট্রীয় শক্তি সংস্থাৰ প্রতিবেদনত অশনি সংকেত

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : ইৰান-আমেৰিকা আৰু ইজৰাইলৰ মাজৰ সংঘাত দীঘলীয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে শক্তিখণ্ডত প্রতিকূল প্রভাৱ পৰাৰ আশংকাই দেখা দিছে৷ এই সন্দর্ভত আন্তঃৰাষ্ট্রীয় সংস্থাই প্রকাশ কৰা প্রতিবেদনত অশনি সংকেত প্রকাশ…

সোণাপুৰ আৰক্ষীৰ জালত ৪জনীয়া প্ৰৱঞ্চকৰ দল

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : প্ৰৱঞ্চনাৰ জাল পেলাই বহুদিনৰ পৰা সৰ্বসাধাৰণ লোকক ঠগি আহিছিল চাৰি প্ৰৱঞ্চকে। ভূমি পঞ্জীয়ন কৰাই দিয়াৰ নামত সাধাৰণ লোকক ধনৰ বিনিময়ত ঠগি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল বহুদিনৰ পৰা। যাৰ পৰিপ্ৰেক্ষিতত এক গোপন সূত্ৰৰ…

লাহোৱাল আৰক্ষীৰ বৃহৎ সফলতা, ড্ৰাগছসহ ৩জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : লাহোৱাল আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে। আৰক্ষীয়ে তালাচী চলাই থকা অৱস্থাত দুলীয়াজান অভিমুখে গৈ থকা এখন Alto K10 (AS 22L 6272) বাহনত বৃহৎ পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ…

গণতন্ত্ৰত হিংসাৰ… ট্ৰাম্পৰ নৈশভোজত গুলীচালনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : আমেৰিকাৰ ৱাশ্বিংটন ডি চিত বাৰ্ষিক হোৱাইট হাউছ কৰেছপণ্ডেণ্টছ ডিনাৰৰ সময়ত গুলীচালনাৰ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে সন্ধিয়া ৱাশ্বিংটনৰ হিল্টন হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত…

এসাঁজ খাদ্যৰ বাবে যুঁজিছে বিশ্বৰ ৪৭ দেশৰ ২৬.৬ কোটি লোকে

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : খাদ্য সংকটে সমগ্র বিশ্বত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাষ্ট্রসংঘত দাখিল কৰা এখন প্রতিবেদনত চলিত বর্ষৰ শেষৰফালে এই সংকট ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে৷ একাধিক আন্তঃৰাষ্ট্রীয় বিশেষজ্ঞ সংস্থাই প্রস্তুত কৰা ‘গ্ল’বেল…

বংগক অনুপ্রৱেশৰ কৰিড’ৰ কৰিছে বাংলাদেশীয়ে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : বাংলাদেশী অনুপ্রৱেশকাৰীক যদি ৰোধ কৰিব পৰা নাযায়, তেন্তে অনাগত ২০ বছৰত অসম আৰু পশ্চিমবংগ নিশ্চিহ্ণ হ’ব৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবাধ অনুপ্রৱেশক লৈ এই শংকা প্রকাশ কৰিলে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…