নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজ্যজুৰি আৰম্ভ ‘অৰুণোদয় 3.0’ : সামৰি ল’ব ৩৮ লাখৰো অধিক মহিলাক

ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হল 'অৰুণোদয় 3.0'। গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে। অৰুণোদয় 3.0ৰ জৰিয়তে লাখ লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। উল্লেখ্য যে প্ৰতিমাহৰ প্ৰথম দিনাই হিতাধিকাৰী মহিলাৰ…

আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট : গুৱাহাটীত আজি ইংলেণ্ড-বাংলাদেশৰ যুঁজ 

নিউজ ডেস্ক, ৭ অক্টোবৰ : গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ মেচখনত মুখামুখি হ’ব ইংলেণ্ড আৰু বাংলাদেশ৷ প্রতিযোগিতাখনৰ প্রথমখন মেচতে সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ইংৰাজ বাহিনীয়ে আজি…

চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ অৰূপ বৰঠাকুৰৰ দেহাৱসান

চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ অৰূপ বৰঠাকুৰৰ দেহাৱসান ঘটিছে। কালি নিশা ১২ বজাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰঠাকুৰে। বিগত কিছু মাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালকগৰাকী।…

এই প্ৰশ্নই দিন-ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু : সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট

নিউজ ডেস্ক, ৭ অক্টোবৰ : হিয়াৰ আমঠু নোহোৱা হোৱাৰ দুখত সমগ্ৰ ৰাজ্যবাসী শোকসাগৰত ডুব গৈ থকাৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰ্বত্ৰ দাবী উত্থাপন হৈছে। ইয়াৰ মাজতে আপোন মানুহজনক হেৰুওৱাৰ দুখ পত্নী গৰিমা শইকীয়া গাৰ্গে কিদৰে সহিছে,…

গুৱাহাটীৰ পৰা হাইজেক হোৱা ট্ৰাকসহ সামগ্ৰী মৰিগাঁৱত উদ্ধাৰ, মাষ্টাৰমাইণ্ড পলাতক

গুৱাহাটীৰ পৰা হাইজেক হোৱা ট্ৰাকসহ সামগ্ৰী মৰিগাঁৱৰ মৈৰাবাৰীত উদ্ধাৰ হৈছে। মাষ্টাৰমাইণ্ড ইক্ৰামূল পলাতক হৈ আছে। লগতে কেইবালাখ টকাৰ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে। BM ট্ৰান্সপৰ্ট নামৰ এটা পৰিবহণ সংস্থাই AS-01 KC-5387 নম্বৰ এখন ট্ৰাকত…

চলন্ত যাত্ৰীবাহী বাছত অসমীয়া বোৱাৰী-ৰ শ্লীলতাহানিৰ অপচেষ্টা আব্দুল কৰিমৰ

শ্ৰীভূমি জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চলন্ত যাত্ৰীবাহী বাছত অসমীয়া বোৱাৰী-ৰ শ্লীলতাহানিৰ অপচেষ্টা চলায় বদৰপুৰ এজন লম্পট বৃদ্ধই। শ্ৰীভূমিৰ পৰা বদৰপুৰৰ স্বামী গৃহলৈ উভতি অহাৰ সময়ত বদৰপুৰ হাচানপুৰ গাঁৱৰ আব্দুল কৰিম খানে যাত্ৰীবাহী…

শিলচৰত ৰং-তুলিকাৰে চিত্ৰ অংকন কৰি জুবিন-লৈ শ্ৰদ্ধাৰ্ঘ্য

ৰাজ্যত আজিও অব্যাহত আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবি অংকন কৰি শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে "বৰাক আৰ্ট এণ্ড ক্ৰাফ্ট ছচাইটীয়ে।" বৰাকৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ললিত কলাৰ…

বড়ো ৰাজনীতিৰ পট পৰিৱর্তন

বিটিচিৰ ক্ষমতাত আকৌ অধিষ্ঠিত হ’ল হাগ্রামা মহিলাৰী৷ প্রায় ডেৰ দশকজোৰা সশস্ত্র সংগ্রামৰ পৰিসমাপ্তি ঘটাই ২০০৩ৰ ১০ ফেব্রুৱাৰীত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ স’তে স্বাক্ষৰিত বিটিচি চুক্তিৰ পিছতে ক্ষমতাত অধিষ্ঠিত হাগ্রামা মহিলাৰীয়ে সুদীর্ঘ ১৭…

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু হোজাইৰ শিলিগুৰিবস্তিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ কৰুণ মৃত্যু ঘটে। মৃত লোকজনৰ নাম শিলিগুৰিবস্তিৰ ৬১ বছৰীয়া হাৰাধন সূত্ৰধৰ।…

পশ্চিম কাৰ্বি আংলঙত ভয়ানক পথ দুৰ্ঘটনা, নিহত ৩, আহত ৩৫

পশ্চিম কাৰ্বি আংলং জিলাৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল আমডবাত নিশা এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন মেক্স পিক আপ বাহন। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে তিনিজনকৈ লোক। ঘটনা লীত থিতাতে নিহত হোৱা লোককেইজন…