নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰোগীৰ দেহত গাহৰিৰ হৃৎপিণ্ডৰ সফল সংৰোপণ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ বিশ্বৰ চিকিৎসা বিজ্ঞানত এক ঐতিহাসিক সাফল্য৷ আমেৰিকা যুক্তৰাষ্ট্রত এজন ৰোগীৰ দেহত গাহৰিৰ হূৎপিণ্ডৰ সফল সংৰোপণেৰে চিকিৎসা বিজ্ঞানক নতুন গতি দিলে৷ মানৱ দেহৰ অংগৰ সংকট আঁতৰ হোৱাৰ আশাৰ ৰেঙনি যোগালে আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসকৰ দলে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ইউনিভার্ছিটী অৱ মেৰীলেণ্ড মেডিকেল স্কুলৰ চিকিৎসক বিজ্ঞানীৰ দল এটাই ৫৭ বছৰীয়া এজন লোকৰ দেহত জেনেটিকেলী বিকশিত গাহৰিৰ হৃৎপিণ্ড সফল সংৰোপণ কৰি চিকিৎসা বিজ্ঞানত প্রথমবাৰৰ বাবে এনে সফল সংৰোপণৰ ইতিহাস ৰচিলে৷ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসকৰ দলটোৰ সফলতা সন্দর্ভত বিবৃতিত প্রকাশ পোৱা মতে, ৫৭ বছৰীয়া ডেভিদ বেনেট নামৰ ৰোগীজনৰ দেহত গাহৰিৰ হৃৎপিণ্ড সফলতাৰে সংৰোপণ কৰাৰ পিছত তিনি দিনৰ মূৰকত ৰোগীজনৰ দেহত গাহৰিৰ হৃৎপিণ্ডটোৱে সঠিকভাৱে কাম কৰিবলৈ ধৰে৷ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসক ড০ বার্টলি গ্রীফিথৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে মেৰীলেণ্ডৰ ৫৭ বছৰীয়া ডেভিদ বেনেটৰ দেহত গাহৰিৰ হৃৎপিণ্ড সফলতাৰে সম্পন্ন কৰাৰ পিছত চিকিৎসক ড০ গ্রীফিথে বিবৃতিত কয়– অস্ত্রোপচাৰৰ ক্ষেত্রত ই এক অভাৱনীয় সাফল্য৷ ইয়ে অংগৰ নাটনি সংকট সমাধানৰ নিচেই ওচৰলৈ আনিব৷ সাধাৰণতে মানুহৰ হৃৎপিণ্ড সংৰোপণৰ ক্ষেত্রত ডাটাৰ সম্ভাৱনা অতি কম৷ এনে ক্ষেত্রত জেনেটিকেলী বিকশিত গাহৰিৰ হূৎপিণ্ড সংৰোপণ নিশ্চয়কে চিকিৎসা বিজ্ঞানৰ বাবে ঐতিহাসিক সাফল্য৷

আনপিনে, গাহৰিৰ হৃৎপিণ্ড সংৰোপণৰ বাবে বেনেটক নির্বাচন কৰি লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বেনেটে অস্ত্রোপচাৰৰ পূর্বে কয়– হয়তো সংৰোপণ কৰিব লাগিব নতুবা মৰিব লাগিব৷ মই জীয়াই থাকিব বিচাৰোঁ৷ মই জানো যে এই অস্ত্রোপচাৰ অন্ধকাৰৰ লেখীয়া৷ কিন্তু এয়াই মোৰ শেষ পছন্দ৷ মন কৰিবলগীয়া যে ডেভিদৰ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপণৰ পূর্বে চিকিৎসকৰ দলটোৱে আমেৰিকা যুক্তৰাষ্ট্রৰ খাদ্য আৰু ঔষধ প্রশাসনৰ পৰা নতুন বর্ষৰ আৰম্ভতেই অনুমতি লৈছিল৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রত অংগ সংৰোপণৰ বাবে সম্প্রতি প্রায় ১,১০,০০০ লোক অপেক্ষা কৰি আছে৷ এনে অংগৰ বাবে অপেক্ষা কৰি থকা ৰোগী প্রতিবছৰে ৬ সহস্রাধিকৰ মৃত্যু ঘটে৷ বছৰত কেৱল এজন ৰোগীৰ দেহতহে অংগ সংৰোপণ কৰা হয়৷ উনুকিয়াওঁ যে মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সফল সংৰোপণেৰে আমেৰিকাৰ চিকিৎসকে ঐতিহাসিক সাফল্য লাভ কৰাৰ পূর্বে বিগত বর্ষৰ অক্টোবৰ মাহত মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ পৰীক্ষণ চলাইছিল৷ মগজু মৃত এজন ব্যক্তিৰ দেহত গাহৰিৰ বৃক্ক সফল সংৰোপণ কৰিছিল যদিও ই ধাৰণা কৰাৰ দৰে ফলৱতী নহ’ল৷ এনে ক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ মেৰীলেণ্ডত মানৱ দেহত গাহৰিৰ হৃৎপিণ্ডৰ সফল সংৰোপণ মানৱ জাতিৰ বাবে এক ইতিবাচক বার্তা৷

You might also like