ৰাজনৈতিক নেতা বিষয়া আৰু নাগৰিক
সাধাৰণ নাগৰিকে খবৰ ৰখা বা ওচৰৰ পৰা চাব আৰু লগ পাব বিচৰা ৰাজনৈতিক নেতাসকল সাধাৰণতে হয় শাসক দলৰ৷ যিসকল নাগৰিকে দলীয় ৰাজনীতিৰ লগত সম্বন্ধ ৰাখে, তেওঁলোকৰ প্রয়োজন হয় পৃথক কিন্তু সাধাৰণ নাগৰিকে ৰাজ্যৰ প্রশাসন আৰু অন্য বিষয়ৰ প্রয়োজনত ৰাজনৈতিক নেতাক লগ পাবলগীয়া হয় আৰু বহু ক্ষেত্রত প্রশাসনৰ লগত জডিত সমস্যা সমাধানৰ বাবে বিভিন্ন স্তৰৰ ৰাজনৈতিক নেতাৰ ওচৰ চাপিবলগীয়া কথাটো আমাৰ ইয়াত প্রায় নিয়মৰ দৰেই হৈ পৰিছে৷ ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্রেছ দলৰ কর্মীসকলৰ মাজত নিজৰ গুৰুত্ব সামাজিকভাৱে প্রকাশ কৰাৰ যি প্রৱণতাৰ জন্ম হৈছিল, পৰৱর্তী কালত ৰাজনৈতিক দল নির্বিশেষে তাৰ প্রচলন চলি থাকিল৷ এই কামটোৱে ৰাজনীতিক পেছা হিচাপে লোৱা লোকসকলক সহায়ো কৰে আৰু বহু সময়ত ৰাজনীতিবিদসকলক যথেষ্ট চাপতো পেলায়৷ তেনে সময়তে ৰাজনৈতিক নেতা একোগৰাকীৰ কার্যদক্ষতা, স্মৃতিশক্তি, আৱেগ নিয়ন্ত্রণ, সংগঠন, পৰিকল্পনা, সমস্যা সমাধান, সময় সজাগতা আৰু সামগ্রিক মানসিক নমনীয়তা আদি দিশবোৰ প্রকাশ পায়৷ নাগৰিকৰ লগত ৰাজনৈতিক নেতাই সদায়ে সহজ সম্বন্ধ ৰক্ষা কৰাটো অকল নেতাগৰাকীৰ বাবেই নহয়, তেওঁ প্রতিনিধিত্ব কৰা দলটোৰ বাবেও সমানেই জৰুৰী৷ এই প্রসংগত হোৱা গৱেষণাই দেখুৱাইছে যে এহবোৰ কাম সঠিকভাৱে কৰিবলৈ ৰাজনীতিবিদসকলে মানসিক আৰু শাৰীৰিক পৰিচ্ছন্নতা বজাহ ৰাখিব লাগিব৷ গৱেষণাহ দেখুৱাহছে যে টোপনিৰ অভাৱৰ ফলত মানুহৰ দেহত যি চাপ পৰে, সি সিদ্ধান্ত গ্রহণৰ সময়ত প্রভাৱ পেলাব পাৰে৷ ৰাজনীতিবিদসকলে প্রয়োজন মতে শুব লাগিব, সঠিকভাৱে খাব লাগিব, ব্যায়াম কৰিব লাগিব, সকলোৰে পৰা সমর্থন লাভ কৰিব লাগিব আৰু বিৰোধী আৰু সংবাদ মাধ্যমৰ পৰা অহৰহ প্রচাৰ হৈ থকা বিস্ফোৰণৰ মাজতো সময়ে সময়ে বিজয় উৎসৱ ডদ্যাপন কৰিব লাগিব৷ কিন্তু এই নিয়মীয়া জীৱন ৰাজনৈতিক নেতাসকলৰ বাবে কিমান সম্ভৱ, সেয়াও চিন্তাৰ কথা৷
কিছু বছৰ আগতে অসমৰ এগৰাকী প্রভাৱশালী ডেকা মন্ত্রীয়ে এগৰাকী প্রবীণ বিষয়াক গাডীৰ পৰা নমাই দিছিল৷ অপৰাধ আছিল মন্ত্রীগৰাকীয়ে গাডীৰ ভিতৰত চিগাৰেট খোৱা কামটো বয়সিয়াল অসুস্থ বিষয়াগৰাকীৰ স্বাস্থ্যৰ বাবে হানিকাৰক আছিল বাবে বিষয়াগৰাকীয়ে আপত্তি কৰিছিল৷ সেই সময়ত সমাজৰ বিভিন্ন স্থানৰ নাগৰিকসকলে সেই কামটোক বেয়া বুলি নিন্দা কৰিছিল৷ এতিয়া মৃত্যুই সেই মন্ত্রীক সকলো সমালোচনাৰ ঊর্ধ্বলৈ লৈ গৈছে৷ দুদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্রীয়ে এগৰাকী বিষয়াক সকলোৰে সন্মুখত, বিশেষকৈ ফটো তুলি থকা ভিডি’ কেমেৰাৰ সন্মুখত প্রথমে ভালকৈ আৰু তাৰ পিছত বেয়াকৈ কোৱা কামটোক লৈ বিভিন্ন মহলত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কামটো ভাল হৈছে নে বেয়া হৈছে, সেই প্রসংগত নাগৰিকসকলে নিজা নিজা যুক্তিৰে নিজস্ব মাধ্যম ছ’চিয়েল মিডিয়াত মত প্রকাশ কৰি আহিছে৷ এই সকলোধৰণৰ মতৰ প্রতি শ্রদ্ধা প্রদর্শন কৰাৰ পিছতো এটা প্রশ্ণ উদয় হোৱাৰ অৱকাশ থাকে৷ এই ভাল–বেয়া অকল মুখ্যমন্ত্রী অথবা ভাৰতৰ প্রশাসনীয় বিষয়াৰ বাবে সংৰক্ষিত হ’ব পৰাৰ যুক্তি থাকিব পাৰে নেকি? কেইবছৰমান আগতে অসমৰে এগৰাকী লেখক উপায়ুক্তই নিজ কার্যালয়তে এগৰাকী সাংবাদিকক শাৰীৰিকভাৱে প্রহাৰ কৰিছিল, খবৰটো প্রকাশ পাইছিল, কিন্তু ৰাইজৰ মতামত আছিল সেমেকা ধৰণৰ৷ কোনোধৰণৰ দ্বিধা নৰখাকৈ ক’ব পাৰি যে পীডাদায়ক কোনো ব্যৱহাৰেই ভাল নহয়৷ একোটা সাধাৰণ কামৰ বাবে কলেজ একোখনৰ সন্মানীয় অধ্যক্ষই কাহিলিপাৰাৰ সেই অফিচটোৰ নিম্নবর্গৰ কর্মচাৰীৰ টেবুলৰ সন্মুখত থিয় হৈ থকাটো মন্ত্রীৰ ধমক খোৱাতকৈ অধিক পীডাদায়ক৷ এতিয়াৰ মুখ্যমন্ত্রীয়ে বহুদিনৰ আগতে সেইটো অফিচৰ বিষয়াক ধমকি দিয়াৰ ভিডি’ টেলিভিছনৰ নিউজত প্রচাৰ হৈছিল৷ তেতিয়াতো বহু লোকে সেই কামক ভাল বুলিয়েই প্রশংসা কৰিছিল৷ কিন্তু সেই অফিচৰ সেই স্তৰৰ কর্মচাৰীৰ কিবা পৰিৱর্তন হোৱা বুলি ক’ব নোৱাৰি৷ ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়াসকল উচ্চ মেধাৰ হয়, কিন্তু নৈতিকতা বা আদর্শৰ দিশৰ পৰা বিশেষ উচ্চ বুলি সামগ্রিকভাৱে প্রমাণ কৰিব নোৱাৰি৷ হোৱা হ’লে স্বাধীনতাৰ ৭৫টা বছৰত প্রশাসনৰ মূল ঠাইত বহি থকা এই বিষয়াসকলে উজ্জ্বল কৰি তোলা ভাৰতৰ ছবিখনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুনকৈ ৰং দিবলগীয়া একোৱেই নাথাকিলহেঁতেন৷