নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ থৌবাল জিলাৰ কমিউনিটী হলৰ ভিতৰত আইইডি বিস্ফোৰণ; এজন নিহত, চাৰিজন আহত

নিয়মীয়া বাৰ্তা, ৩১ মে’: মণিপুৰৰ থৌবাল জিলাৰ কমিউনিটী হ’ল এটাৰ ভিতৰত আইইডি বিস্ফোৰণ ঘটাত এজন নিহত হোৱাৰ লগতে চাৰিজন আহত হৈছে৷ জিলাখনৰ খনজিয়ন অঞ্চলৰ এটা কমিউনিটী হলত নিশা প্রায় ১.৩০ বজাত আইইডি বিস্ফোৰণ ঘটে৷ কমিউনিটী হলটোত কেইবাজনো লোক শুই থকা অৱস্থাত দুষৃকতিকাৰীয়ে আইইডি বিস্ফোৰণ ঘটোৱাত পাঁচজন লোক আহত হয়৷ আহত পাঁচজনক ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত এজনৰ মৃত্যু ঘটে৷ মৃত লোকজনক পশ্চিমবংগৰ ২১ বছৰীয়া পংকজ মাহাতো বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

উল্লেখ্য যে চিকিৎসালয়ত বর্তমান চিকিৎসা চলি থকা আহতকেইজন হৈছে পশ্চিমবংগৰে ৩০ বছৰীয়া অৰূপ মণ্ডল, ২৫ বছৰীয়া অপূর্ব মণ্ডল, ১৯ বছৰীয়া ৰাজেশ ৰামানিক আৰু ১৮ বছৰীয়া সৌভিক পাত্র৷ আৰক্ষীয়ে প্রকাশ কৰা মতে কমিউনিটী হলত পানীৰ টেংকী নির্মাণৰ শ্রমিক হিচাপে কর্মৰত আছিল মৃত আৰু আহতকেইজন৷ ঘটনাৰ পাছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি দুষৃকতিকাৰীক গ্রেপ্তাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে৷

You might also like