নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বজাৰলৈ আহিব জৰায়ু কর্কটৰ প্রতিষেধক; মূল্য হ’ব ২০০–৪০০ টকা

  • দেশৰ প্রথম থলুৱা জৰায়ু কর্কটৰ প্রতিষেধক ‘ছেৰাভেক’ৰ মূল্য হ’ব ২০০–৪০০ টকা

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ জৰায়ুৰ কর্কট প্রতিৰোধৰ বাবে শীঘ্রেই বজাৰলৈ আহিব দেশৰ প্রথম থলুৱা জৰায়ু কর্কটৰ প্রতিষেধক ‘ছেৰাভেক’৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী জিতেন্দ্র সিঙে সকলোৰে বাবে বহনক্ষম এই জৰায়ু কর্কটৰ প্রতিষেধক শীঘ্রেই বজাৰলৈ আহিব বুলি ঘোষণা কৰিছে৷ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ডিপার্টমেণ্ট অৱ বায়’টেকন’লজীৰ দ্বাৰা দেশীয়ভাৱে বিকশিত জৰায়ু কর্কট প্রতিৰোধৰ ‘কুৱাড্রিভেলেণ্ট হিউমেন পাপিল’মাভাইৰাছ ভেকচিন’ (কিউ এইচ পি ভি) সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এক অনুষ্ঠানত প্রতিষেধকবিধ সকলো লোকৰে বহনক্ষম হ’ব বুলি প্রকাশ কৰিছে৷

কেন্দ্রীয় মন্ত্রীগৰাকী উপস্থিত থকা অনুষ্ঠানতে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনাৱালাই কয় যে জৰায়ু কর্কটৰ ভেকচিন ছেৰাভেক বহনক্ষম আৰু কম মূল্যৰ হ’ব৷ এতিয়ালৈকে এই ভেকচিনবিধৰ মূল্য নির্ধাৰণ কৰা হোৱা নাই যদিও ২০০–৪০০ টকাৰ ভিতৰত বজাৰত উপলব্ধ হ’ব৷ ক’ভিড–১৯ৰ থলুৱা ভেকচিন প্রস্তুত কৰোঁতা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুৰব্বী আদৰ পুনাৱালাই পুনৰ কয় যে চৰকাৰী সংস্থাৰ জৰিয়তে এই ছেৰাভেক দেশজুৰি উপলব্ধ হ’ব৷ এবছৰৰ পাছত ব্যক্তিগত খণ্ডকো এই ছেৰাভেক বিতৰণত সংযোগ কৰা হ’ব৷

প্রাৰম্ভিক পর্যায়ত ভাৰতত ২০০ নিযুত ড’জ ছেৰাভেক বিতৰণ কৰাৰ পাছত পৰৱর্তী সময়ত এই ভেকচিন বিদেশলৈ ৰপ্তানি কৰা হ’ব৷ মহিলাক এই ভেকচিন প্রদান কৰাৰ উপৰি ৯–১৪ বছৰৰ বয়সৰ কন্যাকো এই ভেকচিন প্রদানত প্রাধান্য দিয়া হ’ব৷ গুৰুত্বপূর্ণ যে এই ভেকচিনৰ জৰিয়তে চিকিৎসকে মহিলাৰ কর্কট বিশেষকৈ জৰায়ুৰ কর্কট প্রতিৰোধত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব৷ দেশত কর্কটত আক্রান্ত দ্বিতীয় সর্বাধিক ৰোগী জৰায়ুৰ কর্কটত আক্রান্ত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০১৯ চনৰ পৰা ভাৰতত জৰায়ুৰ কর্কটত আক্রান্ত হৈ ৪১,৯১,০০০গৰাকী মহিলাৰ মৃত্যু ঘটিছে৷

You might also like