আছাম ৰুফিং মিলৰ প্রদূষণে ছানিছে বোন্দাক; বর্জিত ৰাসায়নিক পদার্থই কঢ়িয়াইছে ভাবুকি
নিয়মীয়া বাৰ্তা, ৮ডিচেম্বৰ: গুৱাহাটী মহানগৰবাসীৰ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি একাংশ মুনাফালোভী ব্যৱসায়ীয়ে নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ পোহৰলৈ আহিছে বোন্দাৰ আছাম ৰুফিং লিমিটেড কর্তৃপক্ষই ব্যৱসায়ৰ স্বার্থত কর্মচাৰীসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰি মুনাফা লুটি অহাৰ ভয়াৱহ তথ্য৷ ১৯৭২ চনত প্রতিষ্ঠা কৰা এই কোম্পানীটোৱে দশক দশক ধৰি কর্মচাৰীসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰি আহিছে৷ ইয়াৰ উপৰি নূ্যনতম ৮ৰ পৰা ১০ হাজাৰ টকা প্রতিমাহে আদায় দি কর্মচাৰীসকলক নীতি–নির্দেশনা উলংঘাৰে ১২ৰ পৰা ১৪ ঘণ্টাপর্যন্ত কামত খটুৱাই আহিছে৷ ভুক্তভোগী একাংশ কর্মচাৰীয়ে অভিযোগ কৰা অনুসৰি আছাম ৰুফিং মিল কর্তৃপক্ষই স্থানীয় একাংশ লোকক নিযুক্তি দি প্রলোভনেৰে দশক দশক ধৰি প্রাপ্যৰ পৰা বঞ্চিত কৰি আহিছে৷ কেৱল ৰুফিং মিল কর্তৃপক্ষই কর্মচাৰীসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰাই নহয়, বৃহত্তৰ বোন্দা অঞ্চলৰ জনস্বাস্থ্যৰ প্রতি কঢ়িয়াইছে তীব্র ভাবুকি৷
আছাম ৰুফিং লিমিটেডে পূর্বতে এছভেষ্টৰ টিন নির্মাণ কৰিছিল৷ চৰকাৰে এছভেষ্টৰ নির্মাণৰ ক্ষেত্রত বাধা আৰোপ কৰাৰ পাছতে আছাম ৰুফিং লিমিটেড নামৰ কোম্পানীটোৱে কালাৰ কোটেড টিনপাত নির্মাণ কৰি আহিছে৷ এই কালাৰ কোটেড টিনপাত নির্মাণৰ বাবে আছাম ৰুফিং মিল কর্তৃপক্ষই ব্যৱহাৰ কৰি আহিছে বহু ৰাসায়নিক পদার্থ৷ আছাম ৰুফিং লিমিটেড নামৰ কোম্পানীটোৱে ব্যৱহাৰ কৰি অহা ৰাসায়নিক পদার্থই বৃহত্তৰ বোন্দা অঞ্চলত ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰিছে৷ আছাম ৰুফিঙে ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থ নির্গত হৈ অঞ্চলটোৰ পৰিৱেশ প্রদূষিত কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ভূগর্ভৰ পানী বিষাক্ত কৰি পেলাইছে৷ আছাম ৰুফিঙৰ পৰা নির্গত হোৱা ৰাসায়নিক পদার্থই বোন্দাজান জলাশয়ৰ জীৱকুলৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ সম্প্রতি প্রদূষণৰ গ্রাসত পৰা বোন্দাজানত লাহে লাহে বিলুপ্তি পাবলৈ ধৰিছে মাছ–কাছকে ধৰি বিভিন্ন প্রজাতিৰ জলজ প্রাণী৷ আছাম ৰুফিং মিলৰ পৰা নির্গত হোৱা প্রদূষিত ৰাসায়নিক পদার্থৰ বাবেই জলজ উদ্ভিদ তথা জীৱকুলৰ উপৰি অঞ্চলটোৰ গছ–বন ক্রমান্বয়ে হ্রাস পোৱা পৰিলক্ষিত হৈছে৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আছাম ৰুফিং লিমিটেড নামৰ কোম্পানীটোৰ পৰা নির্গত হোৱা ৰাসায়নিক পদার্থই বৃহত্তৰ অঞ্চলটোৰ ভূগর্ভৰ পানী প্রদূষিত কৰিছে৷ প্রদূষিত পানী সেৱন কৰি বোন্দা, নাৰেংগী, বীৰকুছি আদি অঞ্চলত বসবাস কৰা লোকসকলে শ্বাস–প্রশ্বাস, চর্মৰোগকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজে প্রদূষণ নিয়ন্ত্রণ ব’ডক এই বিষয়ে অৱগত কৰাৰ পাছতো ৰহস্যজনক কাৰণত আছাম ৰুফিং লিমিটেড কর্তৃপক্ষৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনক আছাম ৰুফিং মিল কর্তৃপক্ষৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ বৃহত্তৰ বোন্দা অঞ্চলৰ ৰাইজে আহ্বান জনাইছে৷