ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পোৱা নাই কেজৰিৱালে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন। ইয়াৰ বাবে ৰাজনীতিবিদ আৰু অভিনেতাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিত্বলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ইফালে আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই আমন্ত্ৰণ সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে। তেওঁ কৈছে যে মোৰ ওচৰলৈ এখন চিঠি আহিছিল, য’ত কোৱা হৈছিল যে ২২ জানুৱাৰীত মানুহে মোক নিমন্ত্ৰণ কৰিবলৈ আহিব, কিন্তু তেওঁলোক এতিয়াও অহা নাই। লগতে তেওঁ অযোধ্যাত বহু ভিআইপি আৰু ভিভিআইৰ উপস্থিতিৰ কথাও কয়। মুখ্যমন্ত্ৰী কেজৰিৱালে আৰু কয় যে, “মই মোৰ পত্নী, পিতৃ-মাতৃ আৰু সন্তানৰ সৈতে যাব বিচাৰো। মোৰ পিতৃ-মাতৃ অতি আগ্ৰহী। কোনো সমস্যা নাই, মই পিছত পৰিয়ালৰ সৈতে যাম।” তেওঁ কয়, “মোক ২২ তাৰিখৰ মোৰ কাৰ্যসূচী খালী কৰি ৰাখিবলৈ কোৱা হৈছিল, কিন্তু তাৰ পিছত এতিয়ালৈকে কোনো নিমন্ত্ৰণ অহা নাই। সেই চিঠিত লিখা আছিল যে নিৰাপত্তা আৰু ভিআইপি দৃষ্টিকোণৰ পৰা মাত্ৰ এজন ব্যক্তি আহিব লাগিব। মই মোৰ গোটেই পৰিয়ালৰ সৈতে যাব বিচাৰো, মোৰ মা-দেউতাই অযোধ্যালৈ যাবলৈ বৰ আগ্ৰহী, কিন্তু যিয়েই নিমন্ত্ৰণ নহওক কিয়, মই অযোধ্যালৈ যাম।” উল্লেখযোগ্য যে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপৰি ৬ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সোমবাৰে টেম্পল ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে জনাইছিল যে ২২ জানুৱাৰীৰ নিশা ১২.২০ বজাৰ পৰা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰম্ভ হ’ব আৰু দুপৰীয়া ১ বজাৰ ভিতৰত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। ৮ হাজাৰ অতিথিৰ অংশগ্ৰহণৰ সম্ভাৱনা থকা অভিষেক অনুষ্ঠানৰ শেষত মোদীয়ে ভাষণ দিয়াৰ কথা।