সঞ্জয় সিং-মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ মাৰ্চঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিং আৰু দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই আদালতৰ পৰা সকাহ নাপালে। এই গোচৰত পুনৰ আদালতে দুয়োজন নেতাৰ ন্যায়িক জিম্মা ১৯ মাৰ্চলৈ বৃদ্ধি কৰিছে। যোৱা শুনানিত অৰ্থাৎ শনিবাৰে (২ মাৰ্চ) দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰী নীতিৰ গোচৰটোত আপ নেতা মনীষ ছিছ’দিয়া আৰু সঞ্জয় সিঙৰ ন্যায়িক জিম্মা পাঁচ দিনৰ বাবে বৃদ্ধি কৰিছিল, যিটো গোচৰ আজি সমাপ্ত হৈছিল। ইয়াৰ লগে লগে দুয়ো পুনৰ জেলত থকাটো নিশ্চিত হল।