‘পাছ কৰাই দিয়ক, নহ’লে পিতৃয়ে বিয়া দিব!’
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ পিতৃ কৃষক৷ পৰিয়ালৰ সামর্থ্য নাই পঢ়োৱাৰ৷ এইবাৰ পাছ নকৰিলে বিয়া দিব৷ গতিকে পৰীক্ষাৰ বহীত শিক্ষকলৈ লিখিলে ‘দয়া কৰি’ পাছ কৰি দিব লাগে৷ বিহাৰৰ দশম শ্রেণীৰ ছাত্রী এগৰাকীয়ে পৰীক্ষাৰ বহীত এই আবেদন আহিল শিক্ষকলৈ৷ সেই অদ্ভুত ঘটনাক লৈ অবাক পৰীক্ষকসকল৷ বিহাৰৰ আড়া মডেল স্কুলৰ পৰীক্ষা বহী চাইছিল পৰীক্ষকে৷ তেতিয়াই পৰীক্ষকৰ নজৰলৈ আহিল এই চিঠি৷ পৰীক্ষার্থী কিশোৰীগৰাকীয়ে লিখিছে যে তেওঁৰ পিতৃ এগৰাকী কৃষক আৰু আর্থিক সমস্যা আছে৷ গতিকে স্কুললৈ পঠিওৱা বা উচ্চ শিক্ষা দিয়াৰ সামর্থ্য পিতৃৰ নাই৷ পিতৃয়ে কন্যাই অধ্যয়ন নকৰাটোৱেই বিচাৰে৷ কিন্তু পঢ়াত দুর্বল হ’লেও কিশোৰীজনীৰ পঢ়িবলৈ মন৷ গতিকে যিকোনো প্রকাৰে পাছ কৰাই দিব লাগে৷ ভাল নম্বৰ নাপালেও কথা নাই৷ কেৱল পাছ কৰিব লাগে৷ এজনী দৰিদ্র পৰিয়ালৰ কিশোৰী হিচাপে পৰীক্ষকলৈ এই আর্জি অহাৰ লগে লগে বিদ্যালয়খনত সৃষ্টি হয় চাঞ্চল্য৷ অকল এই ছাত্রীজনীয়েই নহয়, পৰীক্ষার্থীসকলৰ বহুতেই প্রশ্নকাকতত অহা প্রশ্নৰ উত্তৰৰ বিপৰীতে কবিতা, শ্বায়েৰী আদি লিখি আহিছে৷ ইয়াৰ উপৰি আৱেগিক পত্রও লিখা হৈছে পৰীক্ষকলৈ৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলৰ জবাবদিহি হ’বলগীয়া হৈছে শিক্ষক-শিক্ষয়িত্রী৷ এগৰাকী শিক্ষকে উল্লেখ কৰিছে যে পৰীক্ষাত যি মন যায়, তাকেই লিখিলে শিক্ষার্থীক পাছ কৰাই দিয়া নহয়৷ এনে শিক্ষার্থীসকলে অধ্যয়ন নকৰি পৰীক্ষাৰ বহীত যি মন যায় তাকেই লিখিলে শূন্য নম্বৰ পাব৷ তেওঁলোকক কাকো পাছ কৰাই দিয়া নহ’ব বুলিও সংবাদ মাধ্যমৰ আগত জনাইছে শিক্ষকগৰাকীয়ে৷