নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাক মাধমাৰ শোধাই ১ এপ্ৰিলৰ পৰা ঔষধৰ দাম বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ অহা ১ এপ্রিলৰ পৰা বিষনাশক-এণ্টিবায়টিক ৮০০বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব৷ ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানসমূহক .০০৫৫ শতাংশ দাম বৃদ্ধি কৰিবলৈ অনুমতি দিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ ৰাষ্ট্রীয় জীৱনদায়িনী ঔষধৰ তালিকাত অন্তর্ভুক্ত ঔষধসমূহ দাম বৃদ্ধিৰ বাবে চৰকাৰে অনুমতি প্রদানৰ যো-জা চলাইছে৷ উল্লেখ্য যে ২০২১ আৰু ২০২২ বর্ষতো পাইকাৰী দাম সূচাংকৰ বার্ষিক বৃদ্ধি অনুসৰি ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানসমূহে বিভিন্ন ঔষধৰ মূল্য বৃহৎ পৰিমাণে বৃদ্ধি কৰিছিল৷ উক্ত দুয়োটা বর্ষত ক্রমে ১২ আৰু ১০ শতাংশ দাম বৃদ্ধি কৰা হৈছিল৷ প্রতি বছৰে চৰকাৰে ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানসমূহক এবাৰকৈ ঔষধৰ দাম বৃদ্ধিৰ বাবে অনুমতি প্রদান কৰি আহিছিল৷ এই নিয়মৰ ভিত্তিতে এইবাৰো ১ এপ্রিলৰ পৰা প্রযোজ্য হোৱাকৈ ঔষধৰ দামবৃদ্ধিৰ অনুমতি দিয়াৰ বাবে যো–জা চলাইছে৷ নতুনকৈ দামবৃদ্ধি হ’বলগীয়া ঔষধসমূহৰ তালিকাত আছে পেৰাছিটামল, এজিথ্র’মাইচিনৰ দৰে এণ্টিবায়টিক, ৰক্তহীনতা প্রতিৰোধী ঔষধ, ভিটামিন আৰু খনিজ৷ তদুপৰি গুৰুতৰভাৱে কোভিডত আক্রান্ত ৰোগীৰ বাবে ব্যৱহাৰ কৰা ঔষধ আৰু ষ্টেৰয়ডো অন্তর্ভুক্ত হৈ আছে৷ মূলতঃ ঔষধ প্রস্তুতকৰণত ব্যৱহূত বিভিন্ন উপাদানৰ দামবৃদ্ধিৰ অজুহাততে প্রতিষ্ঠানসমূহে জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি কৰিবলৈ অনুমতি বিচাৰিছে৷ একাংশ উদ্যোগ বিশেষজ্ঞই প্রকাশ কৰা অনুসৰি ঔষধ প্রস্তুতকৰণত ব্যৱহূত কেইবাটাও গুৰুত্বপূর্ণ উপাদানৰ মূল্য বিগত কেইবাবছৰৰ ভিতৰত ১৫–১৩০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷ পেৰাছিটামলৰ দৰে ঔষধৰ উপাদানৰ দাম ১৩০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ছিৰাপ, অৰেল ড্রপছ্ আৰু ষ্টেৰাইল প্রক্রিয়াত ব্যৱহূত তৰল সামগ্রীৰ ক্ষেত্রত ব্যৱহূত উপাদানসমূহ হৈছে গ্লিচাৰিন আৰু প্রপিলিন গ্লাইকল, ছলভেণ্ট৷ এই সামগ্রীসমূহৰ দাম ক্রমে ২৬৩ শতাংশ আৰু ৮৩ শতাংশ বৃদ্ধি পাইছে৷ একেদৰে পেনচিলিন জিৰ দামো ১৭৫ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷ যাৰ পৰিপ্রেক্ষিতত ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানসমূহে বিভিন্ন জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰাৰ প্রস্তাৱ দিছে৷ স্বাভাৱিকতে অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধিৰ সমান্তৰালকৈ ঔষধৰ দাম পুনৰ বৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱাটো নিশ্চিত৷

You might also like