অসমৰ পুথিভঁৰাল ব্যৱস্থা
কোনোবা আধুনিক মনৰ ভৱিষ্যদ্রষ্টা মন্ত্রী বা আমোলাৰ চিন্তাৰ ফচলৰূপে অসমত চৰকাৰে ব্যাপক হাৰত পুথিভঁৰাল স্থাপনৰ ব্যৱস্থা কৰিছিল৷ এই চিন্তা আছিল ৰাজ্যখনৰ বৌদ্ধিক দিশটোক আগবঢ়াই নিয়াৰ স্বপ্ন ৷ কিন্তু লাহে লাহে এই পুথিভঁৰাল সেৱা শুকাই–খীণাই গ’ল আৰু এতিয়া ইয়াৰ অৱস্থা মৃত্যুৰ সমপর্যায়ৰ৷ শেহতীয়াভাৱে অসমখনক আধুনিক ৰূপত সজাই তোলাৰ যি বিকাশ যাত্রা আৰম্ভ হৈছে, তাৰ লগত পুথিভঁৰালৰ বিকাশৰ কথাটোও সংলগ্ন হৈ থকাটো ৰাজ্যখনৰ বাবেই মংগলদায়ক হ’ব৷ আধুনিক মনৰ মানুহৰ মানসিক খাদ্যৰ যোগান ধৰিব পৰাকৈ ৰাজ্যখনৰ পুথিভঁৰাল সেৱাক আধুনিক ধৰণে গঢ়ি তোলাৰ প্রয়োজন হৈছে৷ আধুনিক পুথিভঁৰাল মানে অকল সুন্দৰ ঘৰ আৰু দ’ম দ’ম কিতাপ নহয়৷ আধুনিক পুথিভঁৰাল হৈছে ছপা কিতাপৰ ঊর্ধ্বলৈ গৈ অনলাইন সম্পদ আৰু সেৱা সহজলভ্য কৰি তোলা প্রতিষ্ঠান৷ এই ব্যৱস্থা সকলো পৃষ্ঠপোষকে একে ধৰণে পোৱাটো নিশ্চিত কৰিব লাগিব৷ এই আধুনিক পুথিভঁৰালে ই–বুক, ডাটাবেছ, অনলাইন কেটেলগ, বিভিন্ন অডিঅ’–ভিজুৱেল অধ্যয়ন সম্পদ, বিভিন্ন জার্নালৰ লাইব্রেৰী আদিৰ দৰে গ্রন্থ আৰু অধ্যয়ন সম্পর্কিত উপাদানসমূহ পাঠকৰ বাবে সহজলভ্য কৰি তুলিব পাৰিলেহে পুথিভঁৰাল এটিয়ে ব্যৱহাৰিক উপযোগিতা থকা প্রতিষ্ঠান হিচাপে থিয় হৈ থাকিব পাৰিব৷ আধুনিক পুথিভঁৰালসমূহ অকল কিতাপ পঢ়া ঘৰ নহয়, ই হ’ব লাগে দলীয় কাম, সৃষ্টিশীলতা আৰু উদ্ভাৱনক অনুপ্রেৰিত কৰিব পৰা এটা গতিশীল পৰিৱেশ৷ মাল্টিমিডিয়া সঁজুলি আৰু সহজ ব্যৱহাৰযোগ্য আহিলাৰে সজ্জিত এই পুথিভঁৰালবোৰে আলোচনা, প্রকল্পৰ সহযোগিতা আৰু পাৰস্পৰিক শিক্ষণ অভিজ্ঞতাৰ বাবে ঠাই প্রস্তুত কৰি দিয়ে আৰু উৎসাহিত কৰে৷ পুথিভঁৰালৰ সদস্যসকলে একোটা সামূহিক লক্ষ্যৰ বাবে কাম কৰিব পাৰে আৰু লক্ষ্যত উপনীত হ’বলৈ প্রযুক্তি আৰু অন্য সম্পদৰ সহায় লৈ অধ্যয়ন গোট বা কর্মশালাৰ বাবে পুথিভঁৰালটোকে কেন্দ্রবিন্দু হিচাপে গ্রহণ কৰিব পাৰে৷ পুথিভঁৰালৰ ব্যৱহাৰিক পৰিসীমাক ব্যক্তিগত অধ্যয়ন ক্ষেত্রৰ ৰূপৰ পৰা ব্যাপক কৰি তুলিব পৰাটোৱেই আধুনিক পুথিভঁৰালৰ প্রথম দায়িত্ব৷
এটা আধুনিক পুথিভঁৰাল নির্জীৱ কিতাপেৰে ভৰি থকা ঘৰ এটা নহয়, ই এটা জীৱন্ত আৰু বিকাশশীল অস্তিত্ব৷ এই পুথিভঁৰালসমূহক এতিয়া একো একোটা শিক্ষণ পৰিৱেশলৈ বিকশিত কৰাটো প্রয়োজনীয় হৈ উঠিছে আৰু বিভিন্ন ধৰণৰ কর্মশালা, আলোচনা–চক্র আৰু দক্ষতা গঢ়ি তোলা বৈচিত্র্যপূর্ণ কার্যসূচীৰে প্রতিষ্ঠানটিৰ বিকাশ সম্ভৱ কৰি তুলিব লাগিব৷ বর্তমান সময়ত সাধাৰণ নাগৰিকৰ বিনোদনৰ সুবিধা বাঢ়ি গৈছে, কিন্তু সেই অনুপাতে বৌদ্ধিক খাদ্য আৰু ব্যায়ামৰ সহজলভ্য সুবিধা বাঢ়ি যোৱা নাই, বৰং কমিহে গৈছে৷ ইয়াৰ মূল কাৰণ হ’ল বিনোদন জগতখনত যিমানবোৰ ব্যৱসায়িক সম্ভাৱনা থাকে, বৌদ্ধিক জগতখনত তেনেকুৱা অর্থ উপার্জনৰ সুবিধা কম, সম্ভাৱনা বিকাশৰ বাবে বহুদিন অপেক্ষা কৰিবলগীয়া হয়৷ কিন্তু সেই অজুহাততে ৰাজ্যখনৰ নাগৰিকসকলক তেনে প্রয়োজনীয় সেৱা প্রাপ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি আৰু এখন কল্যাণকামী ৰাজ্যৰ ক্ষেত্রত সেই দায়িত্ব চৰকাৰে লোৱাটো কর্তব্য৷ চৰকাৰ এখনে অর্থ বিনিয়োগ কৰা সকলো কামৰ পৰা লাভ আশা কৰে, কিন্তু সকলো লাভ পইচাৰে হিচাপে কৰিব নোৱাৰি, কৰাটো উচিত নহয়৷ বিকাশৰ প্রবাহে সমগ্র ৰাজ্যখনক স্পর্শ কৰি যোৱা সময়তে এই বিকাশৰ লহৰে বৌদ্ধিক জগতখনকো স্পর্শ কৰি যোৱা উচিত৷ চিনেমাৰ কাৰণে পুৰস্কাৰ, বিখ্যাত সাহিত্যিকক লক্ষ লক্ষ টকা পুৰস্কাৰেৰে বৌদ্ধিক বিকাশ সম্ভৱ নহয়৷ এই বিকাশ সম্ভৱ হ’ব অধ্যয়ন আৰু অধ্যয়নলব্ধ বিশ্লেষণ ক্ষমতাক ব্যক্তিকেন্দ্রিক কৰি নাৰাখি তাক সামাজিক ৰূপ দিয়াতহে৷ এই চৰকাৰৰ হাতত আৰু দুটা বছৰ আছে৷ অসমৰ পুথিভঁৰালৰ চেহেৰা সলনি কৰি তাক জীৱন্ত আৰু গতিশীল ৰূপ দিবলৈ দুটা বছৰ কম নহয়৷ ইয়াৰ বাবে প্রয়োজন ৰাজনৈতিক সদিচ্ছা৷ অসমৰ বর্তমানৰ মুখ্যমন্ত্রী উচ্চ শিক্ষিত, লেখক আৰু অনুবাদক৷ তেনেদৰে শিক্ষামন্ত্রীগৰাকীও প্রচুৰ অধ্যয়নপুষ্ট ব্যক্তি৷ ৰাজ্যখনৰ নাগৰিকৰ বৌদ্ধিক আহাৰ দিয়াৰ বাবে এনে দুগৰাকী নেতাৰ ৰাজনৈতিক সদিচ্ছা থাকিব বুলি বিশ্বাস কৰিব পাৰি৷