নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাৰ ইতিহাস আৰু ৰাজস্থান ৰয়েলছৰ অসমপ্রেম

-মুকুট শর্মা

গুৱাহাটীৰ গৌৰৱ বর্ষাপাৰা ষ্টেডিয়াম সম্প্রতি দেশৰ ক্রিকেট মহলৰ চর্চাৰ কেন্দ্রবিন্দু হৈ আছে৷ ৰাজস্থান ৰয়েলছে সমাগত আই পি এলত বর্ষাপাৰাক দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে৷ ইতিমধ্যে দলটোৱে ইয়াত মেচ খেলিবলৈ সকলো প্রস্তুতি সম্পূর্ণ কৰিছে৷ চলিত বর্ষৰ আই পি এলৰ বাবে ৰাজস্থান ৰয়েলছে শেহতীয়াকৈ গুৱাহাটীৰ পৰাই প্রস্তুতি আৰম্ভ কৰিছে৷ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত দলটোৱে যোৱা ২৭, ২৮, ২৯ ফেব্রুৱাৰীত ছীজনৰ প্রথমটো প্রস্তুতি শিবিৰৰ আয়োজন কৰে৷ আটকধুনীয়া বর্ষাপাৰাৰ প্রতি ৰাজস্থান ৰয়েলছৰ এই আগ্রহ আৰু অনুৰাগে স্বাভাৱিকতে ৰাজ্যৰ ক্রিকেটপ্রেমীক আনন্দিত কৰিছে যদিও বিষয়টো এতিয়াও আদালতৰ মজিয়াত ওলমি আছে৷ আই পি এলৰ আৰম্ভণি বর্ষৰ চেম্পিয়ন দলটোৱে গুৱাহাটীক দ্বিতীয় ঘৰুৱা চহৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰাত আপত্তি দর্শাই ৰাজস্থানৰ ৩গৰাকী প্রাক্তন ক্রিকেটাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজডিত আবেদন দাখিল কৰিছে৷ তেওঁলোকৰ অভিযোগ যে ৰাজস্থান ৰয়েলছে জয়পুৰৰ সলনি গুৱাহাটীক ঘৰুৱা চহৰ হিচাপে ব্যৱহাৰ কৰাটো ৰাজস্থানৰ বাবে অপমানজনক আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ভাবমূর্তি ম্লান হ’ব৷ কিন্তু ৰাজস্থান ৰয়েলছে আদালতৰ মজিয়াত যুক্তি দাঙি ধৰিছে যে তেওঁলোকে অসম তথা উত্তৰ–পূবৰ ক্রিকেটৰ উন্নয়ন আৰু প্রসাৰৰ এক দীর্ঘম্যাদী পৰিকল্পনা সন্মুখত লৈ গুৱাহাটীত আই পি এলৰ মেচ খেলিব বিচাৰিছে৷ একেদৰে নতুন স্থানত মেচ আয়োজন কৰিলে নতুন দর্শকক আকর্ষিত কৰিব পৰা যাব আৰু ইয়াৰদ্বাৰা দলটোৱে কিছু অতিৰিক্ত ৰাজহ সংগ্রহ কৰিব পাৰিব৷ ইফালে দলটোত আছে অসম সন্তান ৰিয়ান পৰাগ৷ আই পি এলত অসম সন্তানৰ খেল চাবলৈ প্রায় ৪০ হাজাৰ দর্শকেৰে ষ্টেডিয়াম ঠাহ খাই পৰিব বুলি ৰাজস্থান ৰয়েলছ নিশ্চিত৷ গুৱাহাটীত দলটোৱে দুখন মেচ খেলিবলৈ সন্মত হোৱাৰ আন এক শক্তিশালী কাৰণ হ’ল দলটোৰ অধ্যক্ষ অসম সন্তান ৰঞ্জিত বৰঠাকুৰ৷ আৰম্ভণিৰে পৰা ৰাজস্থান ৰয়েলছৰ শীর্ষ পদত থকা ৰাজ্যৰ আগশাৰীৰ উদ্যোগপতি বৰঠাকুৰে বর্ষাপাৰাত দলটোৰ খেল আয়োজন কৰিবলৈ দীর্ঘদিন ধৰি প্রচেষ্টা অব্যাহত ৰাখিছিল৷ অৱশেষত তেওঁৰ সপোন আৰু প্রচেষ্টা আজি সার্থক হোৱাৰ পথত৷ মন কৰিবলগীয়া যে ৰাজস্থান ৰয়েলছে গুৱাহাটীত আই পি এলৰ মেচ খেলিব বিচৰাৰ সমান্তৰালকৈ ইয়াত এখন অত্যাধুনিক ক্রিকেট একাডেমীও স্থাপনৰ কথা ঘোষণা কৰিছে৷ দলটোৰ এই পৰিকল্পনা বাস্তৱায়িত হ’লে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেট ক্ষেত্রখন লাভান্বিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে ইয়াৰ বাবে ৰাজস্থান উচ্চ ন্যায়ালয়ে আই পি এলৰ দলটোৰ পথ মুকলি কৰি দিব লাগিব৷ অহা ১৭ মার্চত উচ্চ ন্যায়ালয়ে গুৱাহাটীত মেচ অনুষ্ঠিত হোৱাক লৈ চূডান্ত ৰায় ঘোষণা কৰিব৷ আদালতৰ মজিয়াত বর্ষাপাৰাৰ ভাগ্য ওলমি থাকিলেও ৰাজস্থান ৰয়েলছ আৰু অসম ক্রিকেট সন্থা এশ শতাংশ বিশ্বাসী যে গুৱাহাটীত অহা ৫ আৰু ৯ এপ্রিলত দুখন আই পি এলৰ মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত আৰু তেওঁলোক ইয়াৰ বাবে সম্পূর্ণ সাজু৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু আই পি এলৰ গৱর্নিং কাউঞ্চিলৰ পৰা লাভ কৰা সেউজ সংকেতে প্রকৃতার্থত তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিছে৷ বর্ষাপাৰা ষ্টেডিয়ামক লৈ দেশৰ ক্রিকেট মহলত এইধৰণৰ চর্চা অব্যাহত থকাৰ মাজতে আজি আলোচনা কৰিব বিচাৰিছেছা ডাম্পিং গ্রাউণ্ডৰ পৰা অত্যাধুনিক ষ্টেডিয়ামলৈ ৰূপান্তৰিত হোৱা বর্ষাপাৰাৰ ইতিহাস৷ লক্ষণীয় বিষয়টো হ’ল যে সৌ সিদিনা বিৰাট কোহলি, ৰোহিত শর্মাৰ দৰে তাৰকাই বাউণ্ডেৰী–ছিক্সাৰেৰে ৰানৰ জোৱাৰ তোলা বর্ষাপাৰা ষ্টেডিয়াম আছিল এটা সময়ত গুৱাহাটীৰ আৱর্জনা পেলোৱা আৰু মৃতদেহ সৎকাৰ কৰা এখন সুবৃহৎ মৰিশালি৷ বিষাক্ত সাপৰ বিচৰণস্থলী এই মৰিশালিত য’তে–ত’তে পোৱা গৈছিল মৃতদেহৰ জঁকা৷ আৱর্জনাৰে ভৰা এনে এক ডাম্পিং গ্রাউণ্ডক দেশৰ অন্যতম বৃহৎ আৰু আধুনিক ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ হৈছিল ২০০৬ চনত৷ অসম ক্রিকেট সন্থাই দায়িত্ব অর্পণ কৰা সূর্য কনষ্ট্রাকচন কোম্পানী আৰু ক্ল’ৰ’ফিল ইণ্ডিয়া স্প’টছ টার্ফ টেকন’লজী নামৰ প্রতিষ্ঠান দুটাই ইয়াত নির্মাণকার্য আৰম্ভ কৰিয়ে সন্মুখীন হৈছিল ভয়ংকৰ পৰিস্থিতিৰ৷ মৃতদেহৰ জঁকা আৰু বিষাক্ত সাপৰ আতংকই প্রতিটো খোজতে তেওঁলোকক খেদি ফুৰিছিল৷ তথাপি বিচলিত নহৈ তেওঁলোকে যুদ্ধকালীন তৎপৰতাৰে আগুৱাই নিয়ে বর্ষাপাৰাৰ ভাগ্য সলনিৰ ৰোমাঞ্চকৰ পৰিক্রমা৷ অৱশেষত ২০১২ চনৰ আৰম্ভণিতে ষ্টেডিয়ামখন খেলৰ উপযোগী হৈ উঠে আৰু উক্ত বর্ষৰ নৱেম্বৰত ইয়াত প্রথমবাৰৰ বাবে প্রতিযোগিতামূলক মেচ অনুষ্ঠিত হয়৷ ৪ নৱেম্বৰত অসম আৰু ওড়িশাই এই খেলপথাৰত পূব মণ্ডল মহিলা আন্তঃৰাজ্যিক এদিনীয়া প্রতিযোগিতাৰ এখন মেচ খেলিছিল৷ ইয়াৰ পাছত ২০১৩–১৪ৰ বিচিচিআইৰ ঘৰুৱা ছীজনত অত্যাধুনিক ষ্টেডিয়ামখনত ৪খন ৰঞ্জি ড্রফীৰ মেচ অনুষ্ঠিত হয়৷ অসম আৰু কেৰালাৰ মেচখন আছিল বর্ষাপাৰাত খেলা প্রথমখন পুৰুষৰ প্রথম শ্রেণীৰ মেচ৷ একেদৰে ২০১৭ৰ ১০ অক্টোবৰত ইয়াত প্রথমখন আন্তঃৰাষ্ট্রীয় টি–২০ মেচ খেলা হয়৷ মেচখনত অষ্ট্রেলিয়াই ভাৰতক ৮ উইকেটত পৰাস্ত কৰিছিল৷ ভাৰত আৰু অষ্ট্রেলিয়াৰ ক্রিকেট তাৰকাসকলক ওচৰৰ পৰা চাবলৈ সেইদিনা মুঠ ৩৮,১৩২গৰাকী দর্শক বর্ষাপাৰাত সমৱেত হৈছিল৷ ইয়াৰ প্রায় এবছৰ পাছত অর্থাৎ ২০১৮ চনৰ ২১ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামে প্রথমখন এদিনীয়া আন্তঃৰাষ্ট্রীয় মেচ আয়োজনৰ দায়িত্ব লাভ কৰে৷ ৰানৰ জোৱাৰ উঠা মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত হৰুৱাই ক্রিকেট অনুৰাগীক উদ্বেলিত কৰিছিল৷ পুৰুষৰ সমান্তৰালকৈ মহিলাৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচো উপভোগৰ সুযোগ লাভ কৰে গুৱাহাটীৰ দর্শকে৷ ২০১৯ৰ ৪ মার্চৰ পৰা ৯ মার্চলৈ বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত তিনিখন টি–২০ মেচৰ এক শৃংখলা অনুষ্ঠিত হয়৷ এই শৃংখলাত ভাৰত ব্যর্থ হয়৷ শেহতীয়াকৈ যোৱা ৫ জানুৱাৰীত বর্ষাপাৰা ষ্টেডিয়ামে আয়োজন কৰে ভাৰত–শ্রীলংকাৰ টি–২০ মেচ৷ দুয়োটা দলৰ বাবে এয়া বছৰৰ প্রথম মেচ আছিল৷ কিন্তু বৰষুণে মেচখন পণ্ড কৰে আৰু ভাৰত–শ্রীলংকাৰ খেলুৱৈ তথা ৰাজ্যৰ হাজাৰ হাজাৰ ক্রিকেট অনুৰাগীক হতাশ কৰে৷ দর্শকে এতিয়া অহা এপ্রিলত বর্ষাপাৰত আই পি এলৰ মেচ উপভোগ কৰি এই হতাশা দূৰ কৰিবলৈ আগ্রহেৰে বাট চাইছে৷

You might also like