নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ নৱেম্বৰঃ বঙালীয়ে দাবী কৰে যে ৰসগোল্লা পশ্চিমবংগৰ সৃষ্টি৷ এই আশ্চর্য মিঠাইৰ জন্মক লৈ বঙালীসকলৰ মাজত আছে বিভিন্ন প্রবাদ৷ সেই হিচাপে কালিৰ দিনটো বঙালী জাতিৰ এটা ডাঙৰ দিন আছিল৷ কাৰণ কালি আছিল ৰসগোল্লা দিৱস৷ ৰসস্নিগ্ধ এই দিৱসটো পালনৰ ক্ষেত্রত অভিনৱ উদ্যোগ ল’লে পশ্চিমবংগৰ দুর্গাপুৰৰ এখন মিঠাইৰ দোকানে৷ পথেৰে অহা–যোৱা কৰা মানুহক খুৱালে ১৫বিধ ভিন্ন সোৱাদৰ ৰসগোল্লা৷ বিনামূলীয়াকৈ এই ৰসগোল্লা দিয়া হৈছে পথচাৰীক৷ আনকি ছুগাৰ ফ্রী ৰসগোল্লাও বিলাই দিয়া হৈছে৷ যোৱা ছয় বছৰ ধৰি এই বিশেষ দিনটোত মানুহক বিনামূলীয়াকৈ ৰসগোল্লা খুৱাই আহিছে দুর্গাপুৰৰ মামাড়া বজাৰৰ মনোৰমা ছুইটছে৷ দোকানখনে যোগান ধৰা ভিন্ন সোৱাদৰ ৰসগোল্লা উপভোগ কৰিছে সকলো বয়সৰ লোকে৷ ৰসগোল্লা দিৱসৰ লগতে শিশু দিৱসো৷ গতিকে আনন্দ দুগুণলৈ বৃদ্ধি পাইছে৷ দোকানখনৰ গৰাকী দেৱাশীষ ঘোষে উল্লেখ কৰিছে যে ১৫ প্রকাৰৰ ভিন্ন সোৱাদৰ ৰসগোল্লা স্কুলীয়া শিক্ষার্থীৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ লোকক বিনামূলীয়াকৈ প্রদান কৰা হৈছে৷ দুপৰীয়ালৈকে প্রায় ৭০০ লোকে দোকানখনৰ ৰসগোল্লাৰ সোৱাদ লয়৷ নিশালৈকে এই অনুষ্ঠান চলিব বুলি ঘোষে সংবাদ মাধ্যমক জনাইছে৷ স্মর্তব্য যে মনোৰমা ছুইটছে চন্দ্রযান প্রেৰণৰ সময়তো এনে অভিনৱ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ আজি দোকানখনে যিবোৰ ৰসগোল্লা প্রস্তুত কৰিছে তাৰ ভিন্ন নামো ৰখা হৈছে৷ ১৫বিধ ভিন্ন প্রকাৰৰ ৰসগোল্লাৰ ভিতৰত আছে ৰাজভোগ, বাদশ্বাহ ভোগ, ষ্ট্রবেৰী, কেঁচা জলকীয়া, কমলাভোগ, গুড়ৰ ৰসগোল্লা আৰু ছুগাৰ ফ্রী ৰসগোল্লা৷