নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ফাৰ্ষ্ট লেডী মেলানিয়া ট্রাম্পক বিতাড়নৰ দাবী

🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ প্রব্রজন নীতিক লৈ ক্ষুণ্ণ একাংশ নাগৰিক

নিউজ ডেস্ক, ৫ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রত দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে কঠোৰ প্রব্রজন নীতিৰে অবৈধ প্রব্রজনকাৰীক বিভিন্ন দেশলৈ বিতাড়ন কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই প্রব্রজন নীতিক লৈ ক্ষুণ্ণ একাংশ নাগৰিক৷ পিতৃ–মাতৃ যদি কোনো এজনো মার্কিন নাগৰিক নহয়, তেতিয়াহ’লে তেনে সন্তানে নাগৰিকত্ব নাপায়৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই সিদ্ধান্তৰ প্রতি ক্ষুণ্ণ একাংশ নাগৰিক৷ এই ক্ষুণ্ণ নাগৰিকসকলেই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ পত্নী তথা ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পৰ বিতাড়ন বিচাৰিছে৷ কেইবাসহস্র লোকে স্বাক্ষৰ কৰি জনোৱা আবেদনত যদি সঁচাকৈয়ে ৰাষ্ট্রীয় সুৰক্ষাৰ বিষয় হৈছে তেতিয়াহ’লে মেলানিয়া ট্রাম্পক বিতাড়ন কৰিব লাগে৷ প্রগতিশীল প্লেটফর্ম ম’ভনে ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পক বিতাড়নৰ লগতে তেওঁৰ পিতৃ–মাতৃ আৰু সন্তান বেৰন ট্রাম্পকো বিতাড়ন কৰিব লাগে বুলি দাবী কৰিছে৷

আবেদনত উল্লেখ কৰা মতে যদি ৰাষ্ট্রপতিয়ে সঁচাকৈয়ে তেওঁৰ নীতি অনুসৰি বিতাড়ন কৰিব বিচাৰে তেতিয়াহ’লে প্রথম জাহাজতে মেলানিয়া আৰু তেওঁৰ পিতৃ–মাতৃক বিতাড়ন কৰিব লাগে৷ ইয়াৰ উপৰি মেলানিয়াৰ সন্তান বেৰনকো বিতাড়ন কৰিব লাগে৷ মেলানিয়াৰ পিতৃ–মাতৃৰ ক্ষেত্ৰতো একে নীতি প্রয়োগ কৰা উচিত৷ ফক্স নিউজৰ বাতৰিত প্রকাশিত মতে, সামাজিক মাধ্যমত এই আবেদন প্রচাৰ হোৱাত আমেৰিকা যুক্তৰাষ্ট্রত আলোড়নৰ সৃষ্টি হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ নীতিক দুমুখীয়া বুলি সমালোচনা কৰা হৈছে৷

You might also like