নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভাৰতীয় ক্রিকেটৰ ৰাজকুমাৰ

ভাৰতত ক্রিকেটেই ধর্ম আৰু সেইবাবেই ক্রিকেটাৰসকলক ভগৱানৰ সৈতে তুলনা কৰা হয়৷ দেশৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ক্রিকেটাৰসকলৰ বিষয়ে প্রকাশ পোৱা প্রতিটো খবৰে অনুৰাগীক আকর্ষণ কৰে৷ শেহতীয়াভাৱে ভাৰতীয় ক্রিকেটৰ ৰাজকুমাৰৰূপে পৰিচিত শুভমন গীলক লৈ আৰম্ভ হৈছে নতুন চর্চা৷

বিশেষকৈ ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাক দাঙি ধৰা গীলৰ অসাধাৰণ প্রদর্শনে তেওঁক বিশ্ব ক্রিকেটৰ এলিট ক্লাবত অন্তর্ভুক্ত কৰিছে৷ এতিয়া ভাৰতীয় ক্রিকেটত আৰম্ভ হৈছে কোহলি–উত্তৰ যুগ৷ চাৰি নম্বৰত বেটিং কৰি বিৰাট কোহলিয়ে যি আগ্রাসী আৰু সাহসী বেটিং কৰিছিল, সেই অনুৰূপ বেটিংশৈলী পৰিলক্ষিত হৈছে গীলৰ বেটিঙত৷ আচলতে বিগত পাঁচটা দশক ধৰি ভাৰতীয় ক্রিকেটৰ দায়িত্ব গ্রহণ কৰি আহিছে একো একোগৰাকী অসাধাৰণ ক্রিকেটাৰে৷

আৰম্ভণিতে এই দায়িত্ব গ্রহণ কৰিছিল মহান ক্রিকেটাৰ সুনীল গাভাস্কাৰে৷ সুদীর্ঘ দিন তেওঁ ভাৰতীয় ক্রিকেটৰ ত্রাণকর্তাৰূপে অৱতীর্ণ হোৱাৰ পিছত সেই দায়িত্ব চম্ভালি লৈছিল শচীন তেণ্ডুলকাৰে৷ দুই দশকৰো অধিক সময় ধৰি তেওঁ সুচাৰুৰূপে সেই দায়িত্ব পালন কৰিছিল৷ শচীন তেণ্ডুলকাৰে বেটিং কৰিছিল ৪ নম্বৰত৷ তেওঁ সেই স্থান এৰি দিছিল বিৰাট কোহলিক৷ বহু বিশ্ব অভিলেখৰ গৰাকী শচীনৰ সন্মান যেন কোহলিয়ে অলপো হীন–ডেঢ়ি হ’বলৈ নিদিলে৷ কেৱল বেটাৰ হিচাপেই নহয়, অধিনায়ক হিচাপেও কোহলি আছিল অনবদ্য৷

কোহলিয়ে টেষ্টৰ পৰা অৱসৰ গ্রহণ কৰাৰ সময়ত অনুৰাগীসকল হতাশ হৈ পৰিছিল৷ সকলোৰে ধাৰণা আছিল কোহলিৰ স্থান গ্রহণ কৰিব পৰা ক্রিকেটাৰ হয়তো সহজতে পোৱা নাযাব৷ কিন্তু কোহলিয়ে এৰি যোৱা ৪ নম্বৰ স্থানৰ যে যোগ্য দাবীদাৰ সেই কথা মাত্র দুখন টেষ্টতে প্রমাণ কৰি দিছে শুভমন গীলে৷ এই দুখন টেষ্টতে তেওঁ প্রমাণ কৰিছে যে এগৰাকী শক্তিশালী ক্রিকেটাৰৰ হাতত অর্পণ কৰা হৈছে ভাৰতৰ টেষ্ট দলৰ দায়িত্ব৷  অধিনায়কৰ দায়িত্ব গ্রহণৰ পিছতেই শতৰান উপহাৰ দিয়া গীলে দ্বিতীয় টেষ্টতো দর্শনীয় বেটিঙেৰে অসংখ্য বিশ্ব অভিলেখ স্থাপন কৰিছে৷

সেইখন মেচত প্রথম ইনিংছত ২৬৯ ৰান কৰাৰ পিছত দ্বিতীয় ইনিংছত ১৬১ ৰান কৰি কেইবাগৰাকী মহান ক্রিকেটাৰৰ অভিলেখ ভংগ কৰিছে৷ গীলৰ মহাকাব্যিক ইনিংছে মুগ্ধ কৰিছে বিশ্বৰ অগণন অনুৰাগীক৷ কাৰণ দুয়োটা ইনিংছ মিলাই তেওঁৰ বেটৰ পৰা আহিছে মুঠ ৪৩০ ৰান৷ শুভমনেই হৈছে বিশ্বৰ একমাত্র বেটাৰ, যিয়ে প্রথম টেষ্টৰ দুয়োটা ইনিংছত ক্রমে দ্বি–শতৰান আৰু ১৫০ৰ অধিক ৰানৰ ইনিংছ খেলিছে৷ ইয়াৰ পূর্বে এখন টেষ্টৰ দুয়োটা ইনিংছত ১৫০ৰ অধিক ৰান কৰিছিল একমাত্র এলান ব’ৰ্ডাৰে৷

১৯৮০ চনত পাকিস্তানৰ বিৰুদ্ধে এই কৃতিত্ব অর্জন কৰিছিল ব’ডাৰে৷ কিন্তু এই সকলো অভিলেখ ভংগ কৰি গীলে এখন টেষ্টৰ দুয়োটা ইনিংছত দ্বি–শতৰান আৰু ১৫০ৰ অধিক ৰান সংগ্রহ কৰিছে৷ শুভমনৰ এই কৃতি বিশ্বৰ অন্য কোনো বেটচমেনৰ নাই৷ তদুপৰি এছিয়াৰ অন্য কোনো বেটাৰে এখন টেষ্টত ৪০০ৰানৰ অধিক সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাই৷ এই কৃতিত্ব এতিয়া কেৱল গীলৰ৷ অধিনায়ক হিচাপে অভিষেক শৃংখলাত সর্বাধিক ৰানৰ গৰাকী হ’বলৈ আগবাঢ়িছে গীল৷ ভাৰতীয় অধিনয়াকসকলৰ ভিতৰত এই তালিকাৰ শীর্ষত আছিল কোহলি৷

২০১৪ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে অধিনায়ক হিচাপে ৪৪৯ ৰান কৰিছিল তেওঁ৷ মাত্র চাৰিটা ইনিংছত এই ৰান কৰিছিল কোহলিয়ে৷ গীলে এতিয়াও শৃংখলাত অন্ততঃ ছটা ইনিংছ খেলিবলৈ বাকী আছে৷ ফলত তেওঁৰ ৰান অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ শুভমনেও হৈছে বিশ্বৰ দ্বিতীয়গৰাকী অধিনায়ক, যিয়ে ইংলেণ্ডৰ মাটিত এখন টেষ্টত দ্বি–শতৰান আৰু শতৰানৰ ইনিংছ খেলিছে৷ ইয়াৰ পূর্বে কেৱল গ্রাহাম গুছে ১৯৯০ চনত ল’ডছত ভাৰতৰ বিৰুদ্ধে এই কৃতিত্ব অর্জন কৰিছিল৷ অর্থাৎ ভাৰতীয় অধিনায়কসকলৰ ভিতৰত শুভমনেই প্রথম হিচাপে এই কৃতিত্ব গঢ়িছে।

উল্লেখ্য যে পঞ্জাবৰ এটি কৃষক পৰিয়ালত জন্মগ্রহণ কৰিছিল গীলে৷ পিতৃ লখিন্দৰ সিঙে এদিন ক্রিকেটাৰ হোৱাৰ সপোন দেখিছিল কিন্তু তেওঁৰ সেই সপোন আধৰুৱা হৈ গ’ল৷ এগৰাকী কৃষক হিচাপে জীৱন–নির্বাহ কৰা লখিন্দৰে পুত্রৰ মাজেদি সেই সপোন বাস্তৱায়িত কৰিলে৷ ৩ বছৰ বয়সতে গীলৰ ক্রিকেটৰ প্রতি থকা আগ্রহ দেখি তেওঁক দেউতাকে ক্রিকেটাৰ হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰে৷ প্রতিদিনে তেওঁ গীলক বেটিং কৰিবলৈ দি পাঁচশৰ পৰা সাতশ বলিং কৰিছিল৷ গীলৰ ১২ বছৰ বয়সত ক্রিকেটৰ বাবেই পুত্রসহ পৰিয়ালটো মোহালিলৈ আহে৷

পঞ্জাব ক্রিকেট সংস্থাৰ ষ্টেডিয়ামত গীলে ক্রিকেটৰ উন্নত প্রশিক্ষণৰ সুযোগ লাভ কৰে৷ সেই সময়তে তেওঁৰ ওপৰত দৃষ্টি পৰে প্রাক্তন ভাৰতীয় বলাৰ কার্চন ঘাভৰিৰ৷ ইয়াৰ পিছত খেলুৱৈগৰাকীয়ে উভতি চাবলগীয়া হোৱা নাই৷ ১৬বছৰ অনূর্ধ্ব আন্তঃজিলা ক্রিকেটত মোহালিৰ হৈ তেওঁ ৩৫১ৰান সংগ্রহ কৰিছিল৷ বিজয় মার্ছেণ্ট ট্রফীত ১৪ বছৰ বয়সতে ১৬ বছৰ অনূর্ধ্বৰ প্রতিযোগিতাখনত পঞ্জাবৰ হৈ দ্বি–শতৰান অর্জন কৰা গীলে বিজয় হাজাৰে ট্রফী আৰু দুলীপ ট্রফীত দর্শনীয় বেটিঙেৰে ৰাষ্ট্রীয় নির্বাচকৰো দৃষ্টি আকর্ষণ কৰিছিল৷

ইয়াৰ পিছত দেউধৰ ট্রফী আৰু ৰঞ্জী ট্রফীত তেওঁৰ বেটিঙে সকলোকে আপ্লুত কৰিছিল৷ ২০১৮ চনত ৰঞ্জি ট্রফীত গীলে তামিলনাডুৰ বিপক্ষে সংগ্রহ কৰিছিল দ্বি–শতৰান৷ ২০১৯ চনত তেওঁ ভাৰতৰ হৈ এদিনীয়া ক্রিকেটত অভিষেক ঘটায়৷ সেইবাৰ তেওঁ যুৱ ভাৰতীয় বেটাৰ হিচাপে প্রথম শ্রেণীৰ মেচত দ্বি–শতৰান অর্জন কৰে৷ টি–২০ ক্রিকেটতো গীলৰ প্রদর্শন আছিল অনবদ্য৷ আইপিএল আৰু ভাৰতীয় দলৰ হৈ তেওঁ নিয়মীয়াভাৱে চমকপ্রদ বেটিং উপহাৰ দিছে৷ চলিত বর্ষত ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে টেষ্টৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত সকলোকে আচৰিত কৰি নির্বাচকসকলে যুৱ বেটাৰ গীলৰ ওপৰত অধিনায়কৰ দায়িত্ব অর্পণ কৰিছিল৷ এটি একেবাৰে অনভিজ্ঞ দল লৈ তেওঁ ইংলেণ্ড ভ্রমণলৈ গৈছে৷ কিন্তু সকলোকে আচৰিত কৰি দলটোৱে ইংলেণ্ডৰ বাউন্সি উইকেটত সুন্দৰ বেটিঙেৰে ঘৰুৱা দলটোৰ অভিজ্ঞ বলাৰসকলক দিশহাৰা কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে– গীলে বেটিং নৈপুণ্যৰে দলটোক সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰিছে৷

You might also like