নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ ধৃষ্টতা

অসমত থাকিয়ে অসমীয়া তথা খিলঞ্জীয়া লোকসকলক পথৰ ভিক্ষাৰীত পৰিণত কৰাৰ জেহাদ ঘোষণাৰে ধৃষ্টতা দেখুৱাইছে মিঞাই৷ ৰাজ্যখনৰ বনাঞ্চল আৰু সংৰক্ষিত চৰকাৰী ভূমিত পর্যায়ক্রমে বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ সময়তে খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে মুকলি জেহাদ ঘোষণা কৰিছে একাংশ মিঞাই৷ গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানত জড়িত বনকর্মী আৰু আৰক্ষীৰ ওপৰত মিঞা লোকসকলে সংঘবদ্ধ হৈ আক্রমণ কৰাই নহয়, অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধেও মুকলি বিদ্রোহ ঘোষণা কৰিছে৷ পাইকানৰ সংঘর্ষত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চামনুল আলী নামৰ এজন মিঞাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অসমীয়া লোকসকলৰ বিৰুদ্ধে মুকলি জেহাদ ইতিমধ্যে সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ চামনুল আলীয়ে যিদৰে ভাবুকি প্রদান কৰিছে সেয়া ৰাজ্য চৰকাৰখনৰ বাবেই নহয়, অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবেও গভীৰ ভাবুকি৷ বাংলাদেশী মূলৰ মিঞা লোকসকলৰ আগ্রাসনে অসমৰ খিলঞ্জীয়া লোকসকলৰ জীৱন–সম্পত্তিৰ প্রতি সৃষ্টি কৰা গভীৰ ভাবুকিৰ সময়তে পাইকান বনাঞ্চলৰ বেদখলকাৰীজনে উদাত্ত কণ্ঠে দিয়া বার্তাক প্রতিজন অসমীয়াই গুৰুত্বসহকাৰে ল’ব লাগিব৷ বেদখলকাৰী এজনৰ এনে প্রৰোচনামূলক বক্তব্যৰ অন্তৰালত খিলঞ্জীয়াবিৰোধী বৃহৎ চক্র জড়িত হৈ আছে৷ মিঞাৰ আগ্রাসনক লৈ ৰাজ্যখনৰ প্রতিজন বিবেকৱান খিলঞ্জীয়া লোক দুশ্চিন্তাত ভুগিছে৷ বিশেষকৈ আমাৰ খিলঞ্জীয়া লোকসকলৰ সতি-সন্ততিৰ সুৰক্ষাক লৈ বছৰ বছৰ ধৰি এনে দুশ্চিন্তাই অসমীয়া লোকসকলক ভাৰাক্রান্ত কৰিছে৷ এনে সময়তে বেদখলকাৰী মিঞাই অসমখন আগ্রাসন কৰি খিলঞ্জীয়া লোকসকলক পথৰ ভিক্ষাৰী সজাবলৈ চলোৱা চক্রান্তৰ জালখন উন্মোচন হৈছে৷ ইয়াৰ পূর্বে গোৱালপাৰা জিলাৰ চাপৰত বেদখলকাৰীক উচ্ছেদৰ সময়তো মিঞাসকলক প্রতিনিধিত্ব কৰা তথাকথিত ছাত্র সংগঠন এবিএমছুৰ এজন নেতাই অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰাৰ হুংকাৰ দিছিল৷ আগন্তুক লোকপিয়লত অসমৰ মিঞাসকলে মাতৃভাষা অসমীয়াৰ পৰিৱর্তে বাংলাভাষীৰূপে চিনাকিৰে অসমীয়া ভাষালৈ দুর্যোগ নমাই অনাৰ জেহাদ ঘোষণা কৰিছে৷ অসমীয়া ভাষা আৰু খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে এনে চক্রান্ত নতুন নহয়৷ দশক দশক ধৰি এনে ষড়যন্ত্র চলি আছে৷ অসমৰ কোনো অসমীয়া তথা খিলঞ্জীয়া লোকে ৰাজ্যখনৰ বনভূমি বা চৰকাৰ ভূমি বেদখল কৰিবলৈ নাযায়৷ বনভূমি তথা চৰকাৰী ভূমিক অসমৰ খিলঞ্জীয়া লোকসকলে সুৰক্ষা প্রদান কৰি আহিছে৷ বাংলাদেশ সংযোগী ব্রহ্মপুত্রৰ দুয়োপাৰে মিঞা লোকসকলে আগ্রাসন চলাই সমগ্র ৰাজ্যতে আগ্রাসনৰ জালখন বিয়পাই দিবলৈ অহৰহ চেষ্টা চলাইছে৷ ইতিমধ্যে মিঞাৰ এনে আগ্রাসনে ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটোৱাৰ লগতে খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্রতি গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে৷
ৰাজ্যখনৰ বনাঞ্চল আৰু সংৰক্ষিত চৰকাৰী ভূমিত মিঞাই চলোৱা আগ্রাসী বেদখলৰ অন্তৰালত আছে একাংশ ৰাজনৈতিক দল-সংগঠনৰ প্রত্যক্ষ সহযোগ৷ এনে বেআইনী কার্যৰ সৈতে বিভাগীয় একাংশ বিষয়া-কর্মচাৰী জড়িত নথকাহেঁতেন মিঞা লোকসকলে এনে দুষ্কার্য সংঘটিত কৰিব নোৱাৰিলেহেঁতেন৷ ৰাজ্যখনৰ বনভূমি আৰু সংৰক্ষিত ভূমিত বেদখল উচ্ছেদ চলাই নিশ্চিতভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ পিছত বিগত পাঁচটা দশকত কোনো এজন মুখ্যমন্ত্রীয়ে মিঞা বেদখলকাৰীৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাছিল৷ আনকি বিদেশী বহিষ্কৰণৰ দাবীত ছবছৰীয়া অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদৰ বিনিময়ত ৰাজ্যখনত খিলঞ্জীয়া লোকসকলে দুটা কার্যকাল ক্ষমতাত অধিষ্ঠিত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ কার্যকালতো বেদখলকাৰী মিঞাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা নাছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই চলোৱা বনাঞ্চল আৰু সংৰক্ষিত ভূমিত বেদখল উচ্ছেদ অভিযানক শাসকীয় দল আৰু আছুকে ধৰি একাংশ সংগঠনে সমর্থন জনাইছে৷ লক্ষণীয়ভাৱে সংৰক্ষিত ভূমিৰ পৰা মিঞাক উচ্ছেদ অভিযানক প্রত্যক্ষভাৱে বিৰোধিতা কৰিছে কংগ্রেছ আৰু একাংশ বিৰোধী দলৰ নেতৃত্বই৷ কংগ্রেছৰ সর্বভাৰতীয় সভাপতি মল্লিকার্জুন খার্গেই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰাই নহয়, ১৬ জুলাইত দক্ষিণ কামৰূপৰ এখন দলীয় সভাত অংশ লৈ ক্ষমতালৈ আহিলে উচ্ছেদিত লোকসকলক ঘৰ সাজি দিয়াৰ প্রলোভন দেখুৱাইছে৷ আশ্চর্যকৰ এয়ে যে কা আন্দোলনৰ পৰিসমাপ্তিত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ গামোচা মেৰিয়াই ৰাজনীতিৰ পথাৰত খোজ দিয়া লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদেও মিঞাৰ বিৰুদ্ধে অভিযানৰ বিৰোধিতা কৰিছে৷ আদানি-আম্বানি উদ্যোগ গোষ্ঠীক গতোৱাৰ বাবেই বনভূমি আৰু সংৰক্ষিত ভূমিত উচ্ছেদ অভিযান চলোৱা বুলি আজব বক্তব্য দাঙি ধৰিছে কংগ্রেছৰ সহযোগী তথাকথিত আঞ্চলিক দলটোৱে৷ বনভূমি আৰু সংৰক্ষিত ভূমি যে কোনো চৰকাৰে উদ্যোগ প্রতিষ্ঠানক আবণ্টন দিব নোৱাৰে সেই কথা দলটোৰ নেতাসকলে নজনা নহয়৷ কিন্তু ভোটৰ স্বার্থত তথাকথিত আঞ্চলিক দলটোৱে অসমীয়া তথা খিলঞ্জীয়াৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰিছে৷ কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু সভাপতি খার্গেৰ এই সভাখনৰ পিছতেই ১৭ জুলাইত গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলৰ উচ্ছেদিত ভূমিত আৰক্ষী আৰু বনকর্মীৰ ওপৰত লাঠী–জোং লৈ আক্রমণ চলাইছে উন্মত্ত মিঞাই৷ এই আক্রমণৰ ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত ১২জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ আইন-শৃংখলাৰ দায়িত্বত থকা অসম আৰক্ষীৰ মহাপৰিদর্শক অখিলেশ সিঙে সদৰী কৰা মতে, বনকর্মী আৰু আৰক্ষীৰ ওপৰত আক্রমণ চলোৱা লোকসকলৰ অধিকাংশই উচ্ছেদিত লোক নহয়, পাইকান অঞ্চলৰ বাহিৰৰ লোক৷ অর্থাৎ উচ্ছেদ অভিযান ব্যর্থ কৰিবলৈ যে এটি তৃতীয় চক্র জড়িত হৈছে সেয়া নিশ্চিত৷ এনে চক্রৰ অন্তৰালত খিলঞ্জীয়াবিৰোধী ৰাজনৈতিক শক্তি জড়িত থকাৰ আশংকা আছে৷ এই চক্রটোক চিনাক্ত কৰি আইনগতভাৱে কঠোৰ শাস্তি বিহিব লাগে আৰু ৰাজ্যখনৰ বাকী অঞ্চলসমূহো বেদখলমুক্ত কৰিব লাগে৷

You might also like