নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুৰাণ্ড কাপ ফুটবল : আজি অভিযান চলাব নর্থ–ইষ্ট ইউনাইটেডে

চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি অভিযান আৰম্ভ কৰিব বিগত বর্ষৰ চেম্পিয়ন নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা গ্রুপ ‘ই’ৰ মেচখনত ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ দলটোৰ প্রতিদ্বন্দ্বী হ’ল মালয়েছিয়াৰ আর্মী ফুটবল দল৷

মেচখন নিশা সাত বজাৰ পৰা আৰম্ভ হ’ব৷

উল্লেখ্য যে বিগত ডুৰাণ্ড কাপৰ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীডাংগনত হোৱা ফাইনেলত ১৭বাৰ খিতাপ জয়েৰে অভিলেখ গঢ়া মোহন বাগানক টাইব্রেকাৰত ৪–৩ গ’লত পৰাস্ত কৰি নর্থ–ইষ্টে প্রথমবাৰৰ বাবে চেম্পিয়ন ট্ৰফী দখল কৰিছিল৷

ডুৰাণ্ড কাপ জয় কৰাটো আছিল নর্থ–ইষ্ট ইউনাইটেডৰ জন্মৰ দহ বছৰীয়া যাত্রাৰ প্রথমটো বৃহৎ সফলতা৷ প্রথমবাৰৰ বাবে ফাইনেল খেলি চেম্পিয়ন হোৱা নর্থ–হষ্টৰ এই গৌৰৱময় সফলতাৰ দুই নায়ক মৰক্কোৰ ষ্ট্রাইকাৰ আজাৰাহ তথা অসম সন্তান পার্থিৱ গগৈ এইবাৰো দলত আছে৷

আজিৰ মেচত জয়েৰে ছিজনৰ প্রত্যাশিত আৰম্ভণি বিচাৰিছে নর্থ–ইষ্ট ইউনাইটেডে৷

Niyomiya Barta Desk, 2 August, 2025

You might also like