ভাৰতৰ সামৰিক পৰীক্ষণত পাকিস্তানত কঁপনি, স্বদেশী এয়াৰ ডিফেঞ্চ পদ্ধতিৰো সফল পৰীক্ষণ
🔹 অভেদ্য দুর্গ হৈ পৰিছে ভাৰতৰ আকাশ
নিউজ ডেস্ক, ২৫ আগষ্ট : পেহেলগাম ঘটনাৰ পিছৰে পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ক্ষোভ দুগুণে বৃদ্ধি পাইছে৷ ভাৰতে চিৰবৈৰী দেশখনক প্রতিটো স্তৰতে কঠোৰ প্রত্যুত্তৰ দিয়াৰ সমান্তৰালভাৱে সামৰিক শক্তি অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি আহিছে৷ শেহতীয়াকৈ ভাৰতৰ অগ্ণি–৫ মিছাইলৰ কৌশলগত আৰু কাৰিকৰী দিশৰ সফল পৰীক্ষণে কম্পমান কৰি তুলিছে পাকিস্তানক৷
ওড়িশাৰ চণ্ডীপুৰৰ এণ্টিগ্রেটেড টেষ্ট ৰেঞ্জৰ পৰা ইণ্টাৰমিডিয়েট ৰেঞ্জৰ বেলিষ্টিক মিছাইল অগ্ণি–৫ৰ সফল পৰীক্ষণ কৰে ভাৰতে৷ পাকিস্তানৰে শেহতীয়া সংঘাতৰ পিছত ভাৰতে যে সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দিছে এই কথা চিৰবৈৰী দেশখনে অনুভৱ কৰিবলৈ লৈছে৷ তেওঁলোকে আনকি এই পদক্ষেপ পাকিস্তানৰ নিৰাপত্তা আৰু আঞ্চলিক অস্থিৰতাৰ বাবে বিপজ্জনক বুলি দোষাৰোপ কৰিবও বিচাৰিছে৷
তথ্য অনুসৰি, অগ্ণি–৫ ক্ষেপণাস্ত্রই ৫ হাজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্য অতিক্রম কৰিব পাৰে৷ এনে অৱস্থাত পাকিস্তানে কোনো কূটাঘাত সংঘটিত কৰিলে মুহূর্ততে সমুচিত প্রত্যুত্তৰ দিব পাৰিব ভাৰতে৷ একেদৰে স্বদেশী এয়াৰ ডিফেঞ্চ পদ্ধতিৰে ভাৰতে ইয়াৰ আকাশমার্গ অভেদ্য দুর্গত পৰিণত কৰিছে৷ এই নতুন এয়াৰ ডিফেঞ্চৰ নাম হৈছে ইণ্টিগ্রেটেড এয়াৰ ডিফেঞ্চ ছিষ্টেম৷ এয়া বহুস্তৰীয় প্রতিৰক্ষা ব্যৱস্থা, য’ত তিনিপ্রকাৰৰ ক্ষেপণাস্ত্র অন্তর্ভুক্ত কৰা হৈছে৷ কুইক ৰিয়েক্সন চার্ফেছ টু এয়াৰ মিছাইলে শত্রুৰ ক্ষেপণাস্ত্র দ্রুত গতিত লক্ষ্য কৰি আকাশতে ধ্বংস কৰে৷ এডভান্সড ভেৰি শ্বর্ট এয়াৰ ডিফেঞ্চ ছিষ্টেমে কম সময়তে কম দূৰত্বৰ শত্রুৰ ক্ষেপণাস্ত্র ধ্বংস কৰে৷ ডাইৰেক্ট এনার্জী ৱেপন হৈছে অত্যাধুনিক লেজাৰ ব্যৱস্থা, যি শত্রুৰ ক্ষেপণাস্ত্র নিমিষতে ধ্বংস কৰিব পাৰে৷