সর্বাংগসুন্দৰ গুৱাহাটী
এখন সর্বাংগসুন্দৰ গুৱাহাটীৰ কল্পনা প্রতিজন নাগৰিকেই কৰে৷ কাৰণ গুৱাহাটী উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ৷ গুৱাহাটীখনক ‘স্মার্ট চিটী’ হিচাপে গঢ় দিবলৈ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে পদক্ষেপ গ্রহণ কৰিছিল৷ স্মার্ট চিটী হিচাপে গুৱাহাটীখনক গঢ়িবলৈ এখন খচৰা তৈয়াৰ কৰিবলৈও এটা বেচৰকাৰী প্রতিষ্ঠানক দায়িত্ব দিছিল৷ তেওঁলোকে দায়িত্ব লৈ খচৰা তৈয়াৰো কৰিছিল৷ খচৰাত দুটা প্রধান সমস্যা আছিল– এটা কৃত্রিম বানপানীৰ সমস্যা আৰু আনটো যান–জঁটৰ সমস্যা৷ কৃত্রিম বানপানীৰ সমস্যা দূৰীকৰণৰ বাবে নলা–নর্দমাৰ ব্যৱস্থা উন্নত কৰাৰ উপৰি শিলসাঁকো বিল, দীপৰ বিল,বৰচলা বিল আদিৰ পাৰবোৰ বান্ধি সুন্দৰকৈ বিনোদন কেন্দ্র স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইয়াৰ উপৰি ভৰলু, বশিষ্ঠ নৈক ন–ৰূপত সজাই তোলাৰ পৰিকল্পনা কৰা হৈছিল৷ যাতায়াতৰ ক্ষেত্রতো নতুন প্রযুক্তিৰ জৰিয়তে যাতায়াত ব্যৱস্থা কিদৰে সুচল কৰিব পাৰি, তাৰ ওপৰত অধ্যয়ন হৈছিল৷ বর্তমান সময়ত যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে গুৱাহাটীৰ ভিন্ন প্রান্তত চৰকাৰে উৰণ সেতু নির্মাণ কৰিলেও যান–জঁটৰ সমস্যা শেষ হোৱা নাই৷ কৃত্রিম বান ৰোধৰ বাবে নলা–নর্দমাবোৰ চাফা কৰা হয় যদিও ভিন্ন কাৰণত গুৱাহাটীৰ ন ন অঞ্চলত এজাক বৰষুণতেই কৃত্রিম বানৰ সমস্যাৰ সৃষ্টি হয়৷ এই সমস্যা দুটা আজিপর্যন্ত সমাধান হোৱা নাই৷ গুৱাহাটী চহৰখন প্রাকৃতিকভাৱে বহু চহকী৷ যিখন চহৰ ব্রহ্মপুত্রৰ দাঁতিত অৱস্থিত, যিখন চহৰক কেইবাখনো পাহাৰে আৱৰি ৰাখিছে, ইয়াৰ উপৰি চহৰখনৰ মাজেৰেই বৈ গৈছে দুখনকৈ নৈ৷ সমতলভূমিত আছে কেইবাটাও জলাশয়৷ প্রাকৃতিকভাৱে ইমান চহকী হোৱাৰ পাছতো চহৰখনত সমস্যা বহুত৷ এই সমস্যাবোৰৰ মূলতেই হৈছে অপৰিকল্পিতভাৱে কৰা উন্নয়ন৷
ভৰলু নৈ আৰু নলা–নর্দমাসমূহৰ বহন ক্ষমতা বৃদ্ধি কৰিবলৈ বিহিত কার্যপন্থা চৰকাৰে ল’ব লাগিব৷ ভৰলু নৈখনক যিকোনো প্রকাৰে চৰকাৰে জীয়াই তুলিব লাগিব৷ তাৰ বহন ক্ষমতা বৃদ্ধি কৰিব লাগিব৷ নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত গুৱাহাটীৰ পাহাৰৰ পৰা পানীবোৰ ভৈয়ামলৈ দ্রুত গতিত বৈ আহে আৰু নলা–নদর্মাবোৰে পর্যাপ্ত পানী কঢ়িয়াব নোৱাৰে, যাৰ ফলত কৃত্রিম বান সমস্যাৰ সৃষ্টি হয়৷ গুৱাহাটীৰ সমতলভূমিত থকা জলাশয়সমূহো পুুতি অবৈজ্ঞানিকভাৱে নির্মাণকার্য অব্যাহত ৰাখিছে৷ বহুকেইটা জলাশয় বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে উচ্ছেদ পর্যন্ত কৰিছে৷ মুঠতে কৃত্রিম বানৰ সমস্যা ৰোধ কৰাটো চৰকাৰৰ বাবে কঠিন হৈ পৰিছে৷ এইক্ষেত্রত ৰাইজো সজাগ–সচেতন হ’ব লাগিব৷ নলা–নর্দমা পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব প্রতিজন নাগৰিকৰেই৷ গুৱাহাটীৰ দৰে চহৰত জনসংখ্যা ক্রমাত বৃদ্ধি হৈছে৷ ১৯৪১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল ২৯,৫৯৪৷ ২০১১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল প্রায় ৯,৫৭,৩৫২৷ বর্তমান গুৱাহাটীৰ জনসংখ্যা হৈছে প্রায় ১৪ লাখ৷ এই দ্রুত জনসংখ্যা বৃদ্ধিয়েও বৃদ্ধি কৰিছে কৃত্রিম বান আৰু যান–জঁট সমস্যা৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে জলাশয় পুতি বাসস্থান নির্মাণ কৰিছে, পাহাৰ ধবংস কৰিছে, এই সকলোবোৰ কাৰণ এক হৈ গুৱাহাটীৰ সমস্যা বৃদ্ধি হৈছে৷ সেয়ে চৰকাৰে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত উপনগৰী নির্মাণত গুৰুত্ব প্রদান কৰিছে৷ গুৱাহাটীৰ ভিতৰত নতুন অনুষ্ঠান নাপাতি উপকণ্ঠ অঞ্চলত নির্মাণৰ পৰিকল্পনা কৰিছে৷ কার্যালয়–বজাৰ স্থানান্তৰৰ কার্যপন্থাও হাতত লৈছে৷ যান–জঁট হ্রাস কৰাৰ বাবে ন ন পৰিকল্পনা হাতত লোৱা প্রয়োজন৷ গুৱাহাটীৰ ন ন অঞ্চলত যান–জঁট হোৱা দেখা গৈছে৷ এই যান–জঁটৰ কাৰণসমূহ বিশ্লেষণ কৰি যান–জঁট নোহোৱা কিদৰে কৰিব পাৰি, তাৰ বাবে সঠিক পদক্ষেপ গ্রহণ কৰিব লাগে৷ মুঠতে গুৱাহাটীখনক স্মার্ট চিটী ৰূপে গঢ়ি তুলিবলৈ শিক্ষা, স্বাস্থ্য, পানী যোগান, বিজুলী যোগান, আৱর্জনা নিষ্কাশন, বানমুক্ত আৰু সুচল যাতায়াত ব্যৱস্থা হ’ব লাগিব৷ সকলো দিশতে গুৱাহাটীৰ সমান উন্নয়ন হ’ব লাগিব৷ তেতিয়াহে গুৱাহাটীখন প্রদূষণমুক্ত, যান–জঁটবিহীন, অত্যাধুনিক প্রযুক্তিবিদ্যাৰে সর্বাংগসুন্দৰ গুৱাহাটী হৈ উঠিব৷ ইয়াৰ বাবে কেৱল চৰকাৰে চেষ্টা কৰিলেই নহ’ব, ৰাইজো সমানে সজাগ আৰু সচেতন হ’ব লাগিব৷