শুল্কৰ খুন্দা
হঠাৎ ঘন ক’লা ডাৱৰে ছানি ধৰিলে আকাশ৷ পূর্বানুমান কৰাত অসুবিধা নহ’ল এজাক মুষলধাৰ বৰষুণে ধুৱাই নিব সর্বত্র৷ ডুবিব মহানগৰ৷ প্রত্যাশিতভাৱে হুৰহুৰাই নামি আহিল দোপালপিটা বৰষুণ৷ গুৱাহাটীৰ এতিয়াৰ যি অৱস্থা, সেই বৰষুণে কেইটামান মিনিটৰ ভিতৰতে চৌদিশে ভয়াৱহ কৃত্রিম বানৰ সৃষ্টি কৰিলে৷ আশংকা কৰাৰ দৰেই বানত ডুবিল মহানগৰ৷ চাৰিওফালে কেৱল পানী আৰু পানী৷ জলপ্লাৱনত আকণ্ঠ ডুব যোৱা মহানগৰবাসী সীমাহীন দুর্দশা–দুর্যোগৰ মাজত বন্দী হৈ পৰিল৷ … এই যে গুৱাহাটীৰ আকাশত ঘনঘোৰ ক’লা ডাৱৰ গোট খালেই প্রবল বৃষ্টিপাত হ’ব আৰু সেই বৰষুণত গুৱাহাটী একঁকাল ডুবিব সেয়া পূর্বানুমান কৰাত এতিয়া আৰু কঠিন নহয়৷ বৰষুণসৃষ্ট বানত ৰাইজে দুর্দশাৰ সাগৰত ডুব যাব সেয়াও পূর্বানুমান কৰাত কঠিন নহয়৷ ঠিক তেনেদৰে আমেৰিকাৰ শুল্ক বোমাৰ আঘাতত ভাৰতে যে এক প্রচণ্ড ঢাক্কা খাব সেয়াও পূর্বানুমান কৰাত অসুবিধা হোৱা নাছিল৷ স্বাভাৱিকভাৱেই আমেৰিকাৰ অসহিষ্ণু ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে জাৰি কৰা কঠোৰ শুল্কই ভাৰতৰ অর্থনীতিত এক প্রচণ্ড আঘাত হানিলে৷ যেনেদৰে গুৱাহাটীৰ কৃত্রিম বান ৰোধৰ বাবে লোৱা পদক্ষেপসমূহ এটাৰ পিছত আন এটাকৈ ব্যর্থ হৈছে, ঠিক তেনেদৰে ট্রাম্পৰ শুল্ক বোমাৰ আঘাত ৰোধৰ বাবে ভাৰতে লোৱা প্রাথমিক প্রতিৰোধো প্রায় নিষ্ফল হৈছে৷ অনুমান কৰাৰ দৰে যোৱা দুটা দিনত ট্রাম্পৰ শুল্ক বোমাই ভাৰতৰ অর্থনীতিত এক বিষম আঘাত হানিছে৷ এই আঘাতৰ পৰিণাম কি হ’ব সেয়া নিকট ভৱিষ্যতত অনুমান কৰাটো কঠিন যদিও এটা কথা নিশ্চিত যে দূৰ ভৱিষ্যতত ভাৰতৰ বজাৰত ইয়াৰ এক সুদূৰপ্রসাৰী প্রভাৱ পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
শুল্ক বোমাৰ এই খুন্দাই নিশ্চিতভাৱে সকলোতকৈ ক্ষতিগ্রস্ত কৰিব দেশৰ খুচুৰা বজাৰখণ্ডক৷ আৰু ইতিমধ্যে এই ছবি দেখা পোৱা গৈছে৷ বুধবাৰে আমেৰিকাৰ ৫০ শতাংশ শুল্ক আৰোপৰ প্রথম দিনটোতে ভাৰতৰ বাণিজ্য খণ্ডত ৫.৪ লাখ কোটি টকাৰ ক্ষতি হোৱাৰ অনুমান কৰা হৈছে৷ এই বিশাল পৰিমাণৰ শুল্কই ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্রীৰ দাম আৰু উৎপাদন ব্যয় বৃদ্ধি কৰিছে৷ সমান্তৰালভাৱে হ্রাস হৈছে চাহিদাৰ৷ ফলশ্রুতিত বহু পণ্য কোম্পানীয়ে ৰপ্তানি বন্ধ কৰি দিছে৷ আমেৰিকাৰ বহু কোম্পানীয়ে এই শুল্ক বোমাৰ প্রতি লক্ষ্য ৰাখিয়েই একাংশ ভাৰতীয় কোম্পানীক দিয়া অর্ডাৰ প্রত্যাহাৰ কৰিছে৷ গ্ল’বেল ট্রেড এণ্ড ৰিছার্চ ইনষ্টিটিউটৰ ভাৰতৰ কোম্পানীসমূহৰ আমেৰিকালৈ প্রায় ৭.৫ লাখ কোটি টকাৰ সামগ্রী ৰপ্তানি কৰে৷ বুধবাৰে শুল্ক আৰোপৰ আনুষ্ঠানিকতা আৰম্ভ হোৱাৰ লগে লগে বজাৰ খণ্ডত পৰা প্রভাৱৰ ফলশ্রুতি দেখা গ’ল শ্বেয়াৰ বজাৰত৷ ইতিমধ্যে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলৰ লোকচান হ’ল ৬ লাখ কোটি টকা৷ উল্লেখনীয় যে ভাৰতৰ সকলোতকৈ ক্ষতি হৈছে বিভিন্ন ৰকমৰ কাপোৰ, পোছাক, অলংকাৰ, জোতা, ৰাসায়নিক দ্রব্য, মেচিনাৰী, সাগৰীয়া সামগ্রী, মিছা মাছ, চামৰা আদি প্রস্তুত কৰা কোম্পানীসমূহৰ৷ আমেৰিকাৰ শুল্ক আৰোপৰ পিছতে চূৰাট, নয়দা, তিৰুপুৰত অৱস্থিত কাপোৰ উৎপাদন কোম্পানীসমূহে তেওঁলোকৰ উৎপাদন হয় বন্ধ কৰি দিছে, নতুবা উৎপাদন অর্ধেক কমাই দিছে৷ আশংকা কৰা মতে, ২০২৫–২৬ বর্ষত আমেৰিকালৈ ভাৰতীয় কোম্পানীসমূহে ৰপ্তানি কৰা ব্যৱসায়ৰ পৰিসৰ ৮৭ বিলিয়ন ডলাৰৰ পৰা একেকোবে ৫০ বিলিয়ন ডলাৰলৈ হ্রাস পাব৷ তাৎপর্যপূর্ণভাৱে শুল্ক আৰোপৰ দ্বিতীয় দিনা, অর্থাৎ বৃহস্পতিবাৰেও ভাৰতৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত আছে৷ বিদেশী কোম্পানীৰ পুঁজি প্রত্যাহাৰ কৰাৰ ফলত শ্বেয়াৰ বজাৰত প্রায় ৪ লাখ কোটি টকা লোকচান ভৰিছে ভাৰতীয় বিনিয়োগকাৰীয়ে৷ কেৱল দুটা দিনতেই বিনিয়োগকাৰীৰ লোকচান হৈছে ৯.৬৯ লাখ কোটি টকা৷ এই পৰিসংখ্যাই স্পষ্ট কৰিছে, আমেৰিকাৰ শুল্ক বোমাই কেনে প্রচণ্ড আঘাত কৰিছে ভাৰতৰ অর্থনীতিত৷ অৱশ্যে এই আঘাতৰ পৰা ৰক্ষা পাবলৈ তথা আঘাতৰ পৰিমাণ হ্রাস কৰিবলৈ ভাৰতীয় কোম্পানীসমূহে ইতিমধ্যে দৃঢ়তাৰে যুঁজ দিয়াৰ প্রস্তুতি চলাইছে৷ এফআইচিচিৰ সভাপতি হর্ষবর্ধনৰ এক মন্তব্যই এই সময়ত ভাৰতৰ বাবে সঞ্জীৱনী সুধা হৈ পৰিছে৷ তেওঁ কৈছে– দেশৰ অর্থনীতিৰ এই অস্থিৰতা সাময়িকহে৷ ভাৰতৰ দৰে এখন বিশাল অর্থনীতিৰ দেশে অচিৰেই এই আঘাত চম্ভালি ল’ব আৰু নতুন বজাৰ মুকলিৰে ভাৰতৰ অর্থনীতিয়ে দ্বিগুণে বিস্তাৰ লাভ কৰিব৷