সম্পাদকীয় : সংগীত আৰু সংকট
সংগীত পৰিৱেশন সমগ্র বিশ্বতে উপার্জনৰ এটা ভাল পথ হিচাপে স্বীকৃত৷ বিশ্ববিখ্যাত সংগীত শিল্পীসকলৰ কথা নহয়, সৰু সৰু ঠাইতো সীমিত ঠাইৰ মাজত বিখ্যাত হৈ পৰা পৰিৱেশনকাৰীসকলে এতিয়া অর্থ উপার্জন কৰিব পৰা হৈছে৷ অকল ইমানেই নহয়, ইমানদিনে অৱহেলিত হৈ থকা বুলি ভবা লোকশিল্পীসকলৰো চাহিদা বৃদ্ধি পাইছে আৰু ফলস্বৰূপে লোকশিল্পীৰ অনুশীলন আৰু পৰিৱেশনকাৰীৰো সংখ্যা বাঢ়িছে আৰু তেওঁলোকৰ চাহিদাও বাঢ়িছে৷
এই চাহিদা বৃদ্ধিৰ ফলত পৰিৱেশনকাৰীসকল মাজত একধৰণৰ প্রতিযোগিতাৰ ভাব জন্ম হৈছে আৰু সি সামগ্রিকভাৱে সংগীতৰেই ক্ষতি কৰিছে৷ সংগীত কেৱল বিনোদনৰ মাধ্যম নহয়, হ এক জাতিৰ আত্মাৰ অভিব্যক্তি৷ অসমৰ ক্ষেত্রত সংগীত হ’ল ভক্তি, সমাজচেতনা, বিদ্রোহ আৰু পৰিচয়ৰ জীৱন্ত ভাষা৷ শঙ্কৰদেৱ–মাধৱদে বৰগীত, প্রকৃতিৰ ছন্দৰ লগত মিলাই গোৱা বিহুগীত, জ্যোতিপ্রসাদ, বিষুপ্রসাদ ৰাভা আৰু ভূপেন হাজৰিকা আদিৰ দৰে মহান শিল্পীসকলৰ সৃষ্টিবোৰে অসমৰ মানুহৰ জীৱন আৰু সামগ্রিকভাৱে অসমৰ আত্মাক চিনাক্ত কৰিছে আৰু আত্মাৰ ধ্বনি– প্রতিধ্বনিত কৰিছে৷
কিন্তু বর্তমানে এই ঐতিহ্য এক ভয়ংকৰ সংকটৰ সন্মুখীন হৈ পৰিছে৷ এহ সংকট কিন্তু বাহিৰা উৎসৰ পৰা অহা নাই, ই আহিছে ভিতৰৰ পৰাই৷ বিশেষকৈ শেহতীয়াভাৱে দেখা দিয়া ভক্তিমূলক আৰু ধর্মীয় সংগীতৰ বহুজন পৰিৱেশনকাৰীয়ে কৰা অমার্জিত আচৰণ চিন্তাৰ কাৰণ হৈ পৰিছে৷ মূলতঃ নামনি অসমৰ বিভিন্ন অঞ্চলত প্রচলিত আৰু জনপ্রিয় থিয়নাম বা পালনামত পৰিৱেশনকাৰীৰ সংগীতৰ লগতে নাটকীয় প্রকাশভংগীতো দখল থাকিব লাগে আৰু এই দুইৰ মিশ্রণে এই নামক পৰিবেশ্য কলাৰ এক বিশেষ ৰূপ হিচাপে চিহ্ণিত হোৱাত সহায় কৰে৷ পৰিবেশ্য কলা হ’লেও ই সাধাৰণ বিনোদনধর্মী পৰিৱেশন নহয়, ইয়াৰ মূল আবেদন আধ্যাত্মিকতা৷ কিন্তু অর্থহীন নাটকীয় সংযোজনে এহ গীতসমূহৰ মূল আধ্যাত্মিকতা নষ্ট কৰি পেলাইছে৷ যি গীত পূজা বা ধ্যানৰ অংশ আছিল, সেয়া আজিৰ পৰিৱেশনত ডান্স নাম্বাৰ আৰু বহুৱালিলৈ পৰিৱর্তিত হৈছে৷
দর্শকে উপভোগ কৰিলেও এই কার্যই এক কথাত ঐতিহ্য আৰু সংস্কৃতিৰ অপমানকেই বুজায়৷ সংস্কৃতি সদায় পৰিৱর্তনশীল আৰু সেইবাবেই কলাৰ ক্ষেত্রত নতুনত্বৰ সংযোজন এই স্বীকৃত কাম৷ জ্যোতিপ্রসাদে পাশ্চাত্য সুৰক আংশিকভাৱে গ্রহণ কৰিছিল, ভূপেন হাজৰিকাহ দেশ–বিদেশৰ সংগীতক গ্রহণ কৰিলে৷ কিন্তু তেওঁলোকে কোনো ক্ষেত্রতেই ঐতিহ্যত আঘাত লাগিব পৰা একো কামেই কৰা নাছিল বৰং ঐতিহ্যক আধুনিক ৰূপত সমৃদ্ধ কৰিহে তুলিছিল৷ আজিৰ বহু পৰিৱেশনথলীত যি ধৰণৰ ‘ৰিমিক্স’ চলিছে, সেয়া সমৃদ্ধি নহয়, সেয়া ঐতিহ্যৰ বিকৃতি, ঐতিহ্যৰ প্রতি অপমান৷ এহ অধঃপতনৰ একাধিক কাৰণ আছে৷
পৰিৱেশনকাৰীক সংস্কৃতিৰ অর্থই নহয়, বজাৰৰ নীতি–নিয়মে হেঁচা মাৰি ধৰিছে৷ ছ’চিয়েল মিডিয়াত ‘ভাহৰেল হ’ব’ পৰা ধৰণক অগ্রাধিকাৰ দিছে৷ সংগীত পৰিৱেশনকাৰীসকল সংগীত আৰু সংস্কৃতি বিষয়ক শিক্ষাৰ অভাৱো এই অধঃপতনৰ এটা প্রধান কাৰণ৷ ঠিক তেনেদৰে এনে ধৰণৰ পৰিৱেশনৰ বাবে প্রয়োজনীয় ব্যৱস্থাৰ আয়োজন কৰাসকল এই অধঃপতনৰ অন্যতম পৃষ্ঠপোষক৷ মধ্যৰাতি পাৰ হোৱাৰ পাছত সুৰাষক্ত গায়কে একেই ধৰণৰ দর্শকক আনন্দ দিয়াৰ বাবে গোৱা গান কোনো ধৰণৰ সাংস্কৃতিক কাম নহয়৷ সেইবোৰ অর্থহীন বিনোদনৰ প্রচেষ্টা৷ এই কামৰ বাবে সর্বাধিক দায়ী হ’ল আয়োজকসকল৷
ধর্মীয় অনুষ্ঠানক বহুৱালিলৈ ৰূপান্তৰ কৰা কাম আয়োজকসকলেই বন্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেওঁলোকে সেই কামক উৎসাহহে দিলে৷ এইক্ষেত্রত সংবাদ মাধ্যমেও সংস্কৃতিৰ চকীদাৰৰ ভূমিকাত অৱতীর্ণ হোৱা উচিত আছিল৷ কাৰণ এই ধৰণৰ অপকর্ম বাধা দিয়াত সংবাদ মাধ্যমে জনমত গঠনত ভূমিকা লোৱাটো সহজ কাম৷ ৰাজ্যিক পর্যায়ৰ সাংস্কৃতিক সংস্থা, বিশ্ববিদ্যালয়, বেচৰকাৰি সংগঠন) এই বিভিন্ন স্বীকৃত সংস্থা লগ হৈ আর্কাহভ, গৱেষণা আৰু পৰিৱেশনাৰীক সহায়ৰ ব্যৱস্থা কৰিব লাগিব৷ ৰেডি’, টেলিভিছন, ডিজিটেল প্লেটফর্মেও সংস্কৃতিৰ মূল্য ৰক্ষাত গুৰুত্ব দিব লাগিব৷ তেতিয়াহে গুণগত মান থকা দর্শক–শ্রোতাৰ সংখ্যা বৃদ্ধি পাব আৰু সংস্কৃতিক অপমান কৰা কামৰ বিৰুদ্ধে সহজে থিয় হ’ব পাৰিব৷ এনেদৰে একত্রিত প্রয়াসেৰেহে অসমীয়া সংস্কৃতিক বিকৃত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব৷