নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NIA-ৰ বিস্ফোৰক তথ্য, পেহেলগামৰ আক্রমণকাৰীৰ পাকিস্তান-মালয়েছিয়াৰ পৰা ধন লাভ

জম্মু–কাশ্মীৰৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণৰ তদন্ত চলাই থকা কেন্দ্রীয় তদন্তকাৰী সংস্থা ‘নিয়া’ই বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷ পেহেলগাম আক্রমণত জড়িত সন্ত্রাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্রণ্ট, চমুকৈ টিআৰএফে সন্ত্রাসবাদী কার্যকলাপ আগবঢ়াই নিবলৈ পাকিস্তান আৰু মালয়েছিয়াৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি লাভ কৰিছিল বুলি বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷

পাকিস্তানস্থিত নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবাৰ ছায়া সংগঠন টিআৰএফে পেহেলগামত পর্যটকক নৃশংসভাৱে হত্যা কৰিছিল৷ শ্রীনগৰৰ এজন ব্যক্তিৰ ম’বাইল ফোনৰ সূত্রৰ আধাৰত ‘নিয়া’ই টিআৰএফে হাৱালাযোগে পাকিস্তান আৰু মালয়েছিয়াৰ পৰা নিয়মীয়াকৈ পুঁজি লাভ কৰিছিল বুলি চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিছে৷

এই তথ্যসমূহ আন্তর্জাতিক পর্যায়ত উদঙাই দিব ভাৰতে৷ ‘নিয়া’ই প্রকাশ কৰা মতে, শ্রীনগৰৰ এজন ব্যক্তিৰ ৪৬৩টা ফোনকল তেওঁলোকে লাভ কৰিছে৷ এই ফোনকলত একাধিক দেশৰ পৰা টিআৰএফে অর্থ–সাহায্য লাভ কৰি অহাৰ তথ্য আছে৷

প্রধানতঃ মালয়েছিয়া, পাকিস্তানৰ পৰা এই ধন আহে৷ মালয়েছিয়াত থকা সন্ত্রাসবাদী ছাজ্জাদ আহমেদ মীৰৰ নাম নিশ্চিত হোৱাৰ লগতে আন কেইবাটাও সন্ত্রাসবাদীৰ নাম লাভ কৰিছে ‘নিয়া’ই৷ তালিকাত ইয়াছিৰ হায়াট নামৰ এটা সন্ত্রাসবাদীও আছে৷ হায়াটে একাধিকবাৰ মালয়েছিয়ালৈ যোৱাৰ তথ্য আছে৷ সন্ত্রাসবাদী মীৰৰ সহায়ত হায়াটে কেইবালাখ টকা সংগ্রহ কৰি সংগঠনটোৰ আন সদস্য ছাফাট ৱানিক দিছিল৷

তেনেদৰে হায়াটৰ যোগাযোগ দুই পাকিস্তানী নাগৰিকৰ সৈতে আছিল৷ উল্লেখ্য যে যোৱা ২২ এপ্রিলত পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে টিআৰএফৰ সহযোগত ২৬ নিৰীহ লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷

Niyomiya Barta Desk, 4 September

You might also like