নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত গণবিদ্রোহৰ জুই

বাংলাদেশ, শ্রীলংকাৰ পিছত নেপালত গণবিদ্রোহৰ জুই ক্রমাৎ বিপজ্জনক হৈ পৰিছে৷ Gen Zৰ অভূতপূর্ব প্রতিবাদত প্রায়বোৰ চহৰৰ পৰিস্থিতি এতিয়া অগ্ণিময়৷ এনে পৰিস্থিতিত দেশৰ সর্বশক্তিমান মন্ত্রী, ৰাজনীতিবিদে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ নেপালত ব্যক্তিগত হেলিকপ্টাৰৰ ভিৰ লাগিছে বুলি খবৰ আহিছে৷ দেশখনৰ প্রধানমন্ত্রী কে পি শর্মা অলিয়ে ইতিমধ্যে পদত্যাগ কৰিছে৷ কেৱল প্রধানমন্ত্রীয়ে নহয়, দেশখনৰ ৰাষ্ট্রপতি, অন্য মন্ত্রীসকলেও পদত্যাগ কৰি পলায়ন কৰিছে৷ ফেচবুক–ইনষ্টাগ্রামত জাৰি কৰা প্রতিবন্ধকতাৰ বিৰুদ্ধে আৰম্ভ হোৱা বিদ্রোহে নেপাল চৰকাৰৰ পতন ঘটালে৷ নেপালৰ ৰাজনৈতিক নেতাসকলক লৈ নতুন প্রজন্ম অসন্তুষ্ট হৈ আছিল৷ সীমাহীন দুর্নীতি, নেপ’ বেবীক লৈও হৈ আছিল ক্ষোভ, উদ্বিগ্ণতা৷ কিন্তু এই উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰা জ্বলি উঠিল ৮ ছেপ্টেম্বৰৰ দিনা৷ নেপাল চৰকাৰে ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপকে ধৰি বহুকেইটা সামাজিক মাধ্যম বন্ধ কৰিবলৈ নির্দেশ দিছিল, যাৰ ফলত সাধাৰণ জনতা প্রতিবাদত নামি পৰে৷ প্রতিবাদৰ বাবে কাঠমাণ্ডুত দেশখনৰ সংসদ ভৱনৰ সন্মুখত হাজাৰ হাজাৰ লোক সমৱেত হৈছিল৷ পিছত পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ গৈছিল৷ ক্ষুব্ধ জনতাই কার্ফিউৰ নিষেধাজ্ঞা ভংগ কৰি সংসদৰ ভিতৰত প্রৱেশ কৰিছিল৷ যাৰ ফলত সেনাই প্রতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলগীয়া হয়৷ যাৰ বাবে বহু লোক নিহত হোৱাৰ লগতে আহতও হৈছিল৷ সোমবাৰৰ নিশাটোৰ ভিতৰতে আন্দোলনে ইমানেই হিংসাত্মক ৰূপ লয় যে আৰক্ষী–সেনায়ো বাধা দিব নোৱৰা পৰিস্থিতি উদ্ভৱ হয়৷ যাৰ বাবে ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ কিন্তু তাৰ পিছতো শান্ত হোৱা নাই প্রতিবাদকাৰীসকল৷ বন্ধ হোৱা নাই প্রতিবাদ৷ প্রতিবাদকাৰীসকলে জ্বলাই দিলে প্রধানমন্ত্রীৰ বাসগৃহ৷ প্রশাসনিক কার্যালয়বোৰত উন্মাদ জনতাই আক্রমণ চলালে৷ এই প্রতিবাদৰ পৰা নেপালৰ প্রাক্তন প্রধানমন্ত্রীও সাৰি যোৱা নাই৷ তেওঁৰ ঘৰতো প্রতিবাদকাৰীসকলে শিল–ইটা নিক্ষেপ কৰাৰ লগতে অগ্ণিসংযোগ কৰে৷ নেপালৰ ৰাষ্ট্রপতিৰ বাসগৃহ দখল কৰিও প্রতিবাদকাৰীসকলে ভাঙি–ছিঙি অগ্ণিসংযোগ কৰে৷ প্রতিবাদকাৰীসকলে Enough is enough, End to corruption বুলি প্লেকার্ড লৈ প্রতিবাদ কৰিছে৷ আধিপত্যবাদী মানসিকতাৰ বিৰুদ্ধেও প্রতিবাদ হৈছে৷ প্রতিবাদকাৰীসকলৰ প্রশ্ণ– নেতা–মন্ত্রীৰ সন্তানৰ ভৱিষ্যৎ যদি উজ্জ্বল হয়, তেন্তে আমাৰ কিয় হ’ব নোৱাৰে? আমি পৰিৱর্তন বিচাৰোঁ৷ আমাৰ পূর্বৰ প্রজন্মই বহু অন্যায় সহ্য কৰিছে, কিন্তু আমি বিচাৰো যে আমাৰ নতুন প্রজন্মৰ এই দুখ–কষ্টৰ সময়বোৰ অতীত হওক৷
মুঠতে বহুদিনীয়া তীব্র খং–ক্ষোভ লৈ নেপালত যুৱপ্রজন্মৰ মাজত তীব্র প্রতিবাদ আৰম্ভ হৈছে৷ এই খং–ক্ষোভ সহজে শান্ত কৰা সম্ভৱ নহয়৷ সংসদীয় গণতন্ত্র প্রতিষ্ঠা হোৱাৰ পৰাই নেপালত একেখিনি নেতাই শাসন কৰি আছে৷ সেই নেতাসকলৰ বিৰুদ্ধে আছে সীমাহীন শোষণ–দুর্নীতিৰ অভিযোগ৷ তেওঁলোকে নিজেই নিজক ৰক্ষণাবেক্ষণ দিবলৈ সংসদত আইনো প্রণয়ন কৰি লৈছিল৷ কিন্তু ইমানখিনি হৈ থকাৰ পিছতো নেপালৰ যুৱপ্রজন্মৰ ধৈর্যৰ বান্ধ ছিগিল ছ’চিয়েল মিডিয়া প্লেটফর্মবোৰৰ বিৰুদ্ধে প্রতিবন্ধকতা জাৰি কৰাৰ পিছত। যাৰ বাবে আজি এই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এতিয়াহে ব্যক্তিগত স্বাধীনতা আৰু বাক্ স্বাধীনতাৰ দাবীবোৰে নেপালৰ আকাশ–পাতাল কঁপাই তুলিছে৷ কিন্তু প্রশ্ণ হয়– ইমান দিনে নেপালত সকলোৰে বাবে জীৱিকা, কাপোৰ,বাসস্থান আছিলনে? সকলোৱে ভালদৰে খাবলৈ পাই আছিলনে ? সকলোৱে সঠিক চিকিৎসা লাভ কৰিছিলনে? যদি সেইবোৰ লাভ কৰা নাছিল, তেনেহ’লে ছ’চিয়েল মিডিয়াত লগোৱা প্রতিবন্ধকতাৰ পিছতহে কিয় জংগী আন্দোলন আৰম্ভ হ’ল? খাদ্য, বস্ত্র, বাসস্থান এইবোৰতকৈ ফেচবুক, ইনষ্টাগ্রাম ডাঙৰ নেকি? চিন্তনীয় কথা যে নেপালৰ কাঠমাণ্ডুত কর্প’ৰেটে খেল খেলিছে নেকি! আমি যদি বাংলাদেশলৈ মন কৰোঁ–বাংলাদেশতো ছাত্র–ছাত্রীৰ বিপ্লৱ হৈছিল৷ শ্বেখ হাছিনাই পদ হেৰুৱাইছিল৷ চীনৰ সৈতে শ্বেখ হাছিনাই সম্পর্ক সুদৃঢ় কৰিছিল৷ চীনৰ পৰা অস্ত্র ক্রয় কৰিছিল৷ ঠিক তেনেদৰে শ্রীলংকাতো দেখা গৈছিল নেপালসদৃশ পৰিৱেশ৷ ৰাষ্ট্রপতিৰ বাসগৃহত প্রতিবাদকাৰীয়ে আক্রমণ চলাইছিল৷ যাৰ ফলত চীন সমর্থক ৰাষ্ট্রপতিজনে পলায়ন কৰিবলগীয়া হৈছিল৷ এই তিনিওটা ঘটনাৰ যদিও মিল নাই, তথাপি সন্দেহ কৰিব পৰাৰ স্থল আছে৷ এই সকলো বিষয় সময়ত নিশ্চয়কৈ স্পষ্ট হ’ব৷ দেশে দেশে বিয়পি পৰা এই অগ্ণিময় পৰিৱেশ যদিও পৃথিৱীৰ বাবে আশাপ্রদ নহয়, তথাপি সময় অনুযায়ী ৰাইজ অতিষ্ঠ হৈ পৰে৷ সেই অতিষ্ঠ হৈ পৰা সময়ৰ সুবিধা এচাম সুবিধাবাদীয়ে লয়৷ সেয়ে শাসনাধিষ্ঠিত চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে থাকি জনতাৰ মনৰ উমান লৈহে সঠিক সিদ্ধান্ত লোৱা উচিত, কাৰণ দেশ এখনৰ পৰিস্থিতি ইমান ভয়ংকৰ হোৱাটো কোনো লোকেই কামনা নকৰে৷ নেপাললৈ শীঘ্রে শান্তি ঘূৰি আহক৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আহক৷

You might also like