আজি সন্মুখ সমৰত ভাৰত-পাক : টীম ইণ্ডিয়াক সকীয়নি পাক দলৰ অধিনায়কৰ
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : এছিয়া কাপৰ হাইভল্টেজ মেচখনৰ পূর্বে টীম ইণ্ডিয়াক সকীয়নি পাকিস্তান দলটোৰ অধিনায়ক ছলমান আঘাৰ৷ আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷
মেচখনৰ পূর্বে পাক দলটোৰ অধিনায়ক ছলমান আঘাই সূর্যকুমাৰ বাহিনীক সকীয়নি দিয়ে৷ প্রতিযোগিতাখনৰ নিজৰ প্রথমখন মেচত ওমানক সহজেই পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি পাইছে পাকিস্তানৰ৷ আজিৰ মেচখন সন্দর্ভত পাক দলটোৰ অধিনায়কগৰাকীয়ে কয় যে বিগত দুই–তিনি মাহ ধৰি আমি অতি ভাল ক্রিকেট খেলি আহিছোঁ৷ ত্রিদেশীয় টি–২০ শৃংখলাত চেম্পিয়ন হোৱাৰ পিছত এছিয়া কাপৰ প্রথমখন মেচতো আমি সহজে জয়লাভ কৰিছোঁ৷ পৰিকল্পনা অনুসৰি খেলিলে আমি যিকোনো দলক পৰাস্ত কৰিব পাৰিম৷
পাকিস্তানৰ অধিনায়কগৰাকীয়ে স্পষ্টকৈ কয় যে যদিও তেওঁলোকে ভাৰতীয় দলটোক গুৰুত্ব দিয়ে তথাপি তেওঁলোক অত্যধিক সন্মানীয় নহয়৷ ইতিবাচক মানসিকতাৰে সূর্যকুমাৰ বাহিনীৰ বিৰুদ্ধে খেলপথাৰত নামিব৷ অৱশ্যে ওমানৰ বিৰুদ্ধে পাকিস্তানৰ বেটিঙক লৈ কিছু প্রশ্ণ উত্থাপন হৈছে৷ মহম্মদ হৰিশৰ বাহিৰে আন কোনো খেলুৱৈয়ে ভাল ৰান কৰিব নোৱাৰিলে৷ ওমানৰ বলিং আক্রমণৰ সন্মুখত পাক দলটোৰ পাঁচজন বেটাৰে দহকৰ ঘৰ স্পর্শ কৰিব নোৱাৰিলে৷