নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রতি ট্ৰাম্প-ৰ নৰম হ’ল সুৰ , বেইজিঙৰ বিৰুদ্ধে ৫০–১০০% ‘শুল্ক বোমা’ৰ ভাবুকি

যোৱা দুটা মাহত শুল্ক বোমা ৰে ক্ষত–বিক্ষত কৰা ভাৰতৰ প্রতি হঠাতে সুৰ সলনি ড’নাল্ড ট্রাম্প ৰ৷ ভাৰতৰ বিৰুদ্ধে শেহতীয়াকৈ নৰম স্থিতি লোৱা ট্রাম্পৰ এইবাৰ লক্ষ্য হৈছে ৰঙা চীন৷ কার্যতঃ চীনক নতুন ভিলেইন হিচাপেই অভিহিত কৰি ট্রাম্পে দেশখনৰ ওপৰত ৫০ৰ পৰা ১০০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিছে৷ ট্রাম্পে প্রকাশ কৰিছে যে নাটোৰ দেশসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনা বন্ধ কৰিলেই সকলোৱে একত্র হৈ ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিব৷ ট্রাম্পে নাটোৰ সদস্য দেশসমূহলৈ লিখা এখন চিঠিত প্রকাশ কৰিছে যে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিবলৈ প্রস্তুত৷ ‘মই প্রস্তুত হৈ আছোঁ, মাত্র আপোনালোক প্রস্তুত হ’লেই হ’ল৷ আপোনালোকে কওক আমি সকলোৱে কেতিয়া প্রস্তুত হ’ম’– চিঠিখনত ট্রাম্পে কয়৷ নাটোৰ সদস্য দেশসমূহৰ ওপৰত এইদৰে চাপ সৃষ্টি কৰি ট্রাম্পে তেওঁৰ কামানৰ নল ঘূৰাইছে চীনৰ দিশে৷ ‘মই আশা কৰোঁ নাটোই ৫০ৰ পৰা ১০০ শতাংশ শুল্ক চীনৰ ওপৰত আৰোপ কৰিব আৰু এই শুল্ক প্রত্যাহাৰ কৰিব ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ বন্ধ হ’লেই৷ কাৰণ ৰাছিয়াৰ ওপৰত চীনৰ যথেষ্ট নিয়ন্ত্রণ আছে আৰু কঠোৰ শুল্ক আৰোপেই এই দুয়োখন দেশৰ বন্ধুত্ব ভাঙিব পাৰিব’– ট্রাম্পে কয়৷ কিন্তু হঠাৎ কিয় ভাৰতৰ বিৰুদ্ধে নৰম স্থিতি লৈ চীনৰ বিৰুদ্ধে কঠোৰ হ’ল ৰাষ্ট্রপতি ট্রাম্প? প্রায় আচৰিতভাৱে মাত্র কেইদিনমান পূর্বে ৰাছিয়াৰ পৰা তেল কিনা বাবে ভাৰতক কঠোৰ সমালোচনা কৰা ট্রাম্পৰ সচিব স্কট বেছেণ্টেও সুৰ সলনি কৰি কৈছে– ভাৰত আৰু আমেৰিকাৰ মাজত যি সমস্যা আছে সেয়া এই মহান দেশ দুখনে একেলগে বহি আলোচনাৰ মাধ্যমত সমাধান কৰিব৷ প্রকৃতার্থত দিল্লীৰ প্রতি ট্রাম্প প্রশাসনে সুৰ সলনি কৰাৰ বহুকেইটা কাৰণ আছে৷ ডেম’ক্রেট দল আৰু পূর্বৰ মার্কিন প্রশাসনৰ প্রাক্তন উচ্চপদস্থ বিষয়াসকলে ভাৰতৰ সৈতে আমেৰিকাৰ বন্ধুত্বৰ সম্পর্ক বিনষ্ট হোৱাৰ বাবে তীব্র সমালোচনা কৰাৰ সমান্তৰালকৈ ট্রাম্পৰ নিজ দল ৰিপাব্লিকান পার্টীৰো বহু জ্যেষ্ঠ নেতাই ভাৰতৰে থকা চমৎকাৰ বন্ধুত্ব নষ্ট কৰাৰ বাবে ট্রাম্পক কঠোৰ ভাষাৰে সকীয়াই দিছে৷ তদুপৰি আমেৰিকাত বসবাস কৰা বিশাল ভাৰতীয় বাসিন্দাসকলেও ট্রাম্পৰ ওপৰত ক্ষুব্ধ হৈ আছে৷ প্রণিধানযোগ্য যে আমেৰিকাৰ প্রশাসন–শিক্ষা–ব্যৱ্ ভাৰতীয়সকলৰ যথেষ্ট প্রভাৱ আছে৷ এনে পৰিস্থিতিত পৰিয়ে ট্রাম্পে অংক সলনি কৰিছে আৰু ভাৰতৰ সৈতে বৃদ্ধি পোৱা দূৰত্ব হ্রাস কৰাৰ বাবে উদ্যোগ লোৱাৰ বিপৰীতে চীনৰ বিৰুদ্ধে কঠোৰ হৈছে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like