নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ বর্জনৰ হুংকাৰ পাক ক্রিকেট দলৰ

এছিয়া কাপ বর্জন কৰাৰ হুংকাৰ দিছে পাকিস্তান ক্রিকেট দলে৷ মেচ ৰেফাৰী এণ্ডী পাইক্রফটক বহিষ্কাৰ নকৰিলে সংযুক্ত আৰব আমিৰশ্বাহীৰ বিপক্ষে খেলিবলগীয়া প্রতিযোগিতাখনৰ পৰৱর্তী মেচখন বর্জন কৰাৰ হুংকাৰ দিছে পাক দলটোৱে৷

মন কৰিবলগীয়া যে দুয়ো দেশৰ মাজত বুধবাৰে হ’বলগীয়া মেচখনত মেচ ৰেফাৰীৰ দায়িত্বত থাকিব এণ্ডী পাইক্রফট৷ পাকিস্তান ক্রিকেট দলটোৱে মেচ ৰেফাৰীগৰাকীক এছিয়া কাপৰ পৰাও বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে৷

দেওবাৰে ভাৰতৰে খেলা মেচখন শেষ হোৱাৰ কেইঘণ্টামান পাছতেই পিচিবিয়ে এক বিবৃতি প্রকাশ কৰি কয় যে টছৰ সময়ত মেচ ৰেফাৰী এণ্ডী পাইক্রফটে পাক দলটোৰ অধিনায়ক ছলমান আঘাক টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱক কৰমর্দন নকৰিবলৈ নির্দেশ দিছিল৷ সূর্যকুমাৰকো একেই নির্দেশ দিয়া হৈছিল৷

বিবৃতিটোত পিচিবিয়ে লগতে কয় যে খেলৰ অন্তত ভাৰতীয় দলে পাক ক্রিকেটাৰৰ লগত হাত মিলাব নোৱাৰিব বুলি আম্পায়াৰে কৰা তেনে কোনো নির্দেশ পোৱা নাছিল৷ ইয়াৰ পাছতো সূর্যকুমাৰ বাহিনীয়ে পাক খেলুৱৈক কৰমর্দন নকৰাকৈয়ে খেলপথাৰ ত্যাগ কৰিছিল৷ ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ এই আচৰণত ক্ষুব্ধ হৈ পাকিস্তানৰ দলটোৱে এতিয়া এচিচিত অভিযোগ দাখিল কৰিছে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ

You might also like