২০২৯তে নহয়, ২০৩৪ চনতো নৰেন্দ্র মোদীয়ে হ’ব প্রধানমন্ত্রী পদৰ প্রার্থী
১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭৫ বছৰ সম্পূর্ণ কৰাৰ পৰিপ্রেক্ষিতত অৱসৰৰ প্রসংগ উত্থাপন হৈছে৷ প্রাক্তন গৃহমন্ত্রী লালকৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশীৰ দৰে বিজেপিৰ মার্গদর্শক হৈ ৰ’ব নেকি বুলি চলা জল্পনা–কল্পনাৰ অৱসান ঘটায় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷
জ্যেষ্ঠ নেতাগৰাকীয়ে সকলো আশংকা খাৰিজ কৰি ২০২৯ চনেই নহয়, ২০৩৪ চনতো প্রধানমন্ত্রী পদৰ প্রার্থী নৰেন্দ্র মোদীয়েই হ’ব বুলি ঘোষণা কৰে৷ প্রধানমন্ত্রীৰ নেতৃত্বক লৈ বিজেপিৰ ভিতৰত কোনোধৰণৰ মতানৈক্য নাই৷
ৰাজনাথ সিঙৰ স্পষ্ট মত যে এই মুহূর্তত প্রধানমন্ত্রী পদৰ বাবে খালী নাই৷ ২০২৯ আৰু ’৩৪ চনেই নহয় আৰু বহু বছৰলৈ প্রধানমন্ত্রী মোদী বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থী হৈ থাকিব৷
উল্লেখ্য যে বিজেপিৰ ভিতৰচ’ৰাত মোদীৰ অৱসৰৰ জল্পনা–কল্পনা অৱশ্যে পুৰণি কথা৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়তে মোদীক প্রধানমন্ত্রী পদৰ প্রার্থী হিচাপে নিযুক্তি দিয়াত একাংশ নেতা অসন্তুষ্ট হৈছিল৷ তেতিয়াৰ পৰাই কোনো নেতাৰ ৭৫ বছৰ বয়স হ’লে সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ ল’ব বুলি চর্চা চলিছে৷
ৰাজনাথ সিঙে এই দাবী নস্যাৎ কৰি বিজেপিৰ সংবিধানত এনে কোনো আনুষ্ঠানিক নীতি নাই বুলি কয়৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ